২০ মে, ২০১৪। সেই দিনটোতেই গুজৰাটৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ দামোদৰ মোদীয়ে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ দায়িত্ব লৈছিল। কংগ্ৰেছৰ শাসনৰ ওৰ পেলাই মোদীৰ নেতৃত্বত এনডিএই একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিছিল। ইয়াৰ পিছত পুনৰ ২০১৯ চনত একেৰাহে দ্বিতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে অধিষ্ঠিত হৈছিল।সেইগৰাকী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি ওপজা দিন।
পিছে আজিৰ পৰা ১৩ বছৰ আগত নৰেন্দ্ৰ মোদীক দেশৰ অতি কম সংখ্যক লোকেহে চিনি পাইছিল। জীৱনত পঞ্চায়ত নিৰ্বাচনতো অৱতীৰ্ণ হৈ নোপোৱা নৰেন্দ্ৰ মোদীৰ চকুত বিজেপিৰ উজ্জ্বল ভৱিষ্যতৰ ৰূপৰেখা দেখিছিল কেন্দ্ৰীয় নেতৃবৰ্গই। সেয়ে গুজৰাটৰ ভূজৰ ভূমিকম্পৰ পিছত য'ত প্ৰায় ২০ হাজাৰ লোকে প্ৰাণ হেৰুৱাইছিল তেতিয়া নৰেন্দ্ৰ মোদীক গুজৰাট বিজেপিৰ নেতৃত্বৰ দায়িত্ব অৰ্পণ কৰিছিল কেন্দ্ৰীয় নেতৃবৰ্গই।
সেইসময়ত গুজৰাটত বিজেপিৰ জনপ্ৰিয়তাৰ গ্ৰাফ অতি নিম্নগামী হৈছিল। ৰাজনৈতিক বিশেষজ্ঞসকলে মন্তব্য কৰিছিল যে কোনো যাদুকৰেহে এইবাৰ গুজৰাটত বিজেপিক জয়ী কৰাব পাৰিব আৰু সেই অসম্ভৱক সম্ভৱ কৰি তুলিছিল মোদীয়ে। একেদৰে মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছত গুজৰাটত পুনৰ মোদীৰ সন্মুখত প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছিল সাম্প্ৰদায়িক সংঘৰ্ষই। কিন্তু সেই সময়তো গুজৰাটৰ জনতাৰ আস্থা জয় কৰিবলৈ সক্ষম হৈছিল নৰেন্দ্ৰ মোদী।
প্ৰতিটো কঠিন প্ৰত্যাহ্বানকে হেলাৰঙে অতিক্ৰম কৰা নৰেন্দ্ৰ মোদীক বৰ্তমান ৰাজনৈতিক বিশেষজ্ঞসকলে ৰাজনীতিৰ যাদুকৰ বুলি মন্তব্য কৰিছে। আজি পুৱাই টুইটাৰত নৰেন্দ্ৰ মোদীক ওপজা দিনৰ শুভকামনা যাঁচিলে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে। একেদৰে শাসক-বিৰোধী সকলোৱে ওপজা দিনটোত নৰেন্দ্ৰ মোদীক শুভাশিসেৰে ওপচাই পেলাইছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|