• Home
  • »
  • News
  • »
  • nation
  • »
  • PM Narendra Modi Birthday: প্ৰধানমন্ত্ৰী মোদীয়ে যোগেৰে কৰে দিনটোৰ আৰম্ভণি, খাদ্য তালিকাত পছন্দ খিচিৰী, জানক মোদীৰ ফিটনেছ ৰুটিন

PM Narendra Modi Birthday: প্ৰধানমন্ত্ৰী মোদীয়ে যোগেৰে কৰে দিনটোৰ আৰম্ভণি, খাদ্য তালিকাত পছন্দ খিচিৰী, জানক মোদীৰ ফিটনেছ ৰুটিন

File Photo

File Photo

ইমান ব্যস্ত ৰুটিনৰ মাজত মোদীয়ে নিজকে ইমান ফিট আৰু সুস্থ কৰি কেনেকৈ ৰাখে? নৰেন্দ্ৰ মোদীৰ ফিটনেছ আৰু ডায়েটৰ বিষয়ে জানো আহক।

  • Share this:
আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওপজা দিন। প্ৰধানমন্ত্ৰী মোদীৰ ৭২ সংখ্যক জন্মদিন। নৰেন্দ্ৰ মোদী কেৱল এজন মহান আৰু প্ৰবীণ ৰাজনীতিবিদেই নহয়, তেওঁ ফিটনেছৰ বাবেও দেশ আৰু বিশ্বত পৰিচিত। কেৱল ৰাজনীতিতে নহয়, ফিটনেছৰ ক্ষেত্ৰতো তেওঁ হৈ পৰিছে গ্ল’বেল আইকন। দেশৰ যুৱক-যুৱতীসকলক স্বাস্থ্য আৰু ফিটনেছৰ প্ৰতি সজাগ কৰাৰ বাবে তেওঁ আৰম্ভ কৰিছে ‘ফিট ইণ্ডিয়া মুভমেণ্ট’ অভিযান। ইমান ব্যস্ত ৰুটিনৰ মাজত মোদীয়ে নিজকে ইমান ফিট আৰু সুস্থ কৰি কেনেকৈ ৰাখে? নৰেন্দ্ৰ মোদীৰ ফিটনেছ আৰু ডায়েটৰ বিষয়ে জানো আহক।

প্ৰধানমন্ত্ৰী মোদীয়ে কৰে নিয়মীয়া যোগাসন
আমি সকলোৱে জানো যে ‘আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস’ আৰম্ভ কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে। তেওঁৰ বাবেই আজি সমগ্ৰ বিশ্বতে যোগাসনক আঁকোৱালি লৈছে। মানুহে সুস্থ হৈ থাকিবলৈ যোগাসন কিমান গুৰুত্বপূৰ্ণ সেই কথা বুজিবলৈ আৰম্ভ কৰিছে আৰু ইয়াক নিজৰ দৈনন্দিন কাম-কাজত অন্তৰ্ভুক্ত কৰিবলৈ আৰম্ভ কৰিছে। নৰেন্দ্ৰ মোদীয়েও যোগৰ যোগেদি প্ৰতিদিনে দিনটো আৰম্ভ কৰে। তেওঁ প্ৰতিদিনে ৰাতিপুৱা খোজ কাঢ়ে, ধ্যান কৰে। ইয়াৰ সমান্তৰালকৈ বহু ধৰণৰ যোগাসন, সূৰ্য নমস্কাৰ, প্ৰাণায়াম আদিও কৰে। বছৰ বছৰ ধৰি সুস্থ হৈ থকাৰ ডাঙৰ ৰহস্য এইটোৱেই। প্ৰায়ে মোদীয়ে ছ’চিয়েল মিডিয়াতো নিজৰ যোগাসনৰ ভিডিঅ’ শ্বেয়াৰ কৰে। যোগৰ জৰিয়তে আপুনি কেৱল শাৰীৰিকভাৱেই নহয়, মানসিকভাৱেও সুস্থ হৈ থাকিব পাৰে।

লকডাউনৰ সময়তো কৰিছিল যোগাভ্যাস
দুবছৰ আগতে যেতিয়া দেশত কোৰোণাৰ বাবে লকডাউন জাৰি কৰা হৈছিল, তেতিয়াও মোদীয়ে নিজকে ফিট কৰি ৰাখিবলৈ ঘৰতে যোগাসন কৰিছিল। সেই সময়ছোৱাত তেওঁ ‘মন কী বাত’ত নিজৰ ফিটনেছ ৰুটিনৰ বিষয়ে মানুহক কৈছিল। বহু ধৰণৰ যোগাসনৰ ভিডিঅ’ শ্বেয়াৰ কৰি সকলোকে সুস্থ হৈ থাকিবলৈ যোগাসন কৰিবলৈ আহ্বান জনায়। তেওঁ টুইট কৰি কয়, ‘মই ফিটনেছ এক্সপাৰ্ট নহয়, মেডিকেল এক্সপাৰ্টো নহয়। যোগাভ্যাস বহু বছৰ ধৰি মোৰ জীৱনৰ এক অবিচ্ছেদ্য অংগ আৰু মই ইয়াক অত্যন্ত উপকাৰী বুলি বিবেচনা কৰিছো। মই জানো আপোনালোকৰ বহুতৰে ফিট হৈ থকাৰ আন বহুতো উপায় আছে যিবোৰ আপোনালোক সকলোৱে আনৰ লগত শ্বেয়াৰ কৰা উচিত।

প্ৰধানমন্ত্ৰী মোদীৰ ডায়েট ছিক্ৰেট
মোডীয়ে কঠোৰ ডায়েট মানি চলে। তেওঁ অতি সুষম খাদ্য গ্ৰহণ কৰে আৰু নিৰামিষভোজী। একাংশ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, গুজৰাটত জন্ম হোৱাৰ পৰাই তেওঁ গুজৰাটী খাদ্য খাই ভাল পায়। কেৱল এয়াই নহয়, তেওঁৰ প্ৰিয় খাদ্য হ’ল খিচিৰী। লগতে, তেওঁ নিশ্চিতভাৱে প্ৰতিদিনে খাদ্যত এবাটি দৈ অন্তৰ্ভুক্ত কৰে। এক সাক্ষাৎকাৰৰ সময়ত তেওঁ কৈছিল যে তেওঁ খাদ্য তালিকাত হিমাচল প্ৰদেশৰ কাঠফুলা আৰু পৰঠাও অন্তৰ্ভুক্ত কৰে। কাঠফুলাত বহু ধৰণৰ পুষ্টিকৰ উপাদান থাকে, যিয়ে বহুতো ৰোগৰ পৰা ৰক্ষা কৰে।

ব্ৰতো ৰাখে মোদীয়ে
ডি এন এত প্ৰকাশিত এক বাতৰি অনুসৰি, নৰেন্দ্ৰ মোদীয়ে উপবাসত বিশ্বাস কৰে। ২০১২ চনত এটা সাক্ষাৎকাৰৰ সময়ত তেওঁ এই বিষয়ে আলোচনা কৰিছিল। মোদীয়ে কৈছিল যে যোৱা ৩৫ বছৰে তেওঁ নৱৰাত্ৰী উৎসৱৰ সময়ত উপবাস ৰাখি আহিছে। ২০১৪ চনত নৱৰাত্ৰীৰ সময়ত যেতিয়া তেওঁ আমেৰিকা ভ্ৰমণলৈ গৈছিল, তেতিয়া তেওঁ উপবাস ভংগ কৰা নাছিল, কেৱল নেমু পানী সেৱন কৰিছিল।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি