আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭২ সংখ্যক জন্মদিন। দেশজুৰি ১৫ দিনীয়াকৈ আয়োজন কৰা হৈছে মোদীৰ জন্মদিন। ৰক্তদানৰ পৰা বৃক্ষ ৰোপণলৈকে ১৫ দিনত ৰূপায়ণ কৰা হ’ব বিভিন্ন কাৰ্যসূচী। অসমতো ১৫ দিনীয়াকৈ জন্মদিনৰ বিশেষ কাৰ্যসূচী পালন।
আজি মোদীৰ জন্মদিন উপলক্ষে নামিবিয়াৰ পৰা অনা ৮টা চিতা বাঘ কুনু ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰা হ’ব। জন্মদিন উপলক্ষে মোদীয়ে বিগত সময়ত বিভিন্নজনৰ পৰা লাভ কৰা উপহাৰ সমূহ নিলাম কৰা হ’ব।
দেশ–বিদেশৰ বিভিন্ন ব্যক্তি, চৰকাৰ, সংগঠন আদিৰ পৰা পোৱা ১২০০ৰো অধিক উপহাৰ–সামগ্ৰী নিলাম কৰা হ’ব। জন্মদিন উপলক্ষে আজি আত্মসহায়ক গোটৰ এখন সন্মিলনতো ভাগ ল’ব মোদীয়ে।
বিশ্বকৰ্মা পূজাৰ সৈতে সংগতি ৰাখি জন্মদিনৰ দিনা দেশৰ বিভিন্ন প্ৰান্তৰ ITIৰ সমৱৰ্তন অনুষ্ঠানত ছাত্ৰ–ছাত্ৰীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সমগ্ৰ দেশৰ প্ৰায় ৪০ লাখ শিক্ষাৰ্থীয়ে এই অনুষ্ঠানত অংশ ল’ব। সন্ধিয়া নেচলেন লজিষ্টিক পলিচী উদ্বোধন কৰিব মোদীয়ে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|