• Home
  • »
  • News
  • »
  • nation
  • »
  • Narendra Modi|Congress: কংগ্ৰেছ নাথাকিলে নহ'লহেঁতেন শিখ গণহত্যা, কাশ্মীৰি পণ্ডিতৰ প্ৰব্ৰজন, সংসদত মোদীৰ আক্ৰমণ

Narendra Modi|Congress: কংগ্ৰেছ নাথাকিলে নহ'লহেঁতেন শিখ গণহত্যা, কাশ্মীৰি পণ্ডিতৰ প্ৰব্ৰজন, সংসদত মোদীৰ আক্ৰমণ

সংসদত মোদী

সংসদত মোদী

Narendra Modi|Congress: "কংগ্ৰেছ নাথাকিলে ভাৰত জৰুৰীকালীন অৱস্থা, দুৰ্নীতি, শিখ গণহত্যা, কাশ্মীৰী পণ্ডিতসকলৰ প্ৰব্ৰজনৰ পৰা মুক্ত হ'লহেঁতেন, কন্যাসকল সুৰক্ষিত হ'লহেঁতেন আৰু মানুহে প্ৰাথমিক সুবিধা লাভ কৰিলেহেঁতেন।"

  • Share this:
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (Narendra Modi)য়ে মঙলবাৰে সংসদত কংগ্ৰেছ (Congress) দলক কঠোৰ ভাষাৰে তীব্ৰ আক্ৰমণ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ বাবে আটাইতকৈ ডাঙৰ ভাবুকি হৈছে কংগ্ৰেছৰ পৰিয়ালকেন্দ্ৰীক ৰাজনীতি (Dynastic Politics)।

বিৰোধী দলৰ প্ৰতিবাদৰ মাজতে প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে কংগ্ৰেছ নাথাকিলে ভাৰত জৰুৰীকালীন অৱস্থা, দুৰ্নীতি, শিখ গণহত্যা, কাশ্মীৰী পণ্ডিতসকলৰ প্ৰব্ৰজনৰ পৰা মুক্ত হ'লহেঁতেন, কন্যাসকল সুৰক্ষিত হ'লহেঁতেন আৰু মানুহে প্ৰাথমিক সুবিধা লাভ কৰিলেহেঁতেন।

"সদনত কোৱা হৈছিল যে কংগ্ৰেছে ভাৰতৰ ভেটি স্থাপন কৰিছিল আৰু বিজেপিয়ে মাত্ৰ এখন পতাকা উত্তোলন কৰিছে। কিন্তু এইটো সদনত কৌতুকৰ দৰে কোৱা হোৱা নাছিল, এইটো এক জটিল চিন্তাধাৰাৰ ফল যি ৰাষ্ট্ৰৰ বাবে বিপদজনক- কিছুমান লোকে বিশ্বাস কৰে যে ভাৰতৰ জন্ম 1947 চনত হৈছিল। এই চিন্তাধাৰাৰ বাবে সমস্যাৰ উদ্ভৱ হয়," প্ৰধানমন্ত্ৰী মোদীয়ে সংসদত এইদৰে কয়।

প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয়, "যোৱা ৫০ বছৰ ধৰি কাম কৰাৰ সুযোগ লাভ কৰা সকলৰ নীতিৰ ওপৰত এই মানসিকতাই প্ৰভাৱ পেলাইছে। ই বিকৃতিৰ জন্ম দিছিল।  "এই গণতন্ত্ৰ আপোনাৰ কৃপাত চলি থকা নাই" ("য়ে গণতন্ত্ৰ আপকি মেহেৰবানী চে নেহি হেই") বুলি মন্তব্য কৰি মোদীয়ে কয় যিসকলে ১৯৭৫ চনত গণতন্ত্ৰৰ টেটু চেপি ধৰিছিল তেওঁলোকে এই বিষয়ে কথা কোৱা উচিত নহয়।"
Published by:Manjumoni Borah
First published: