আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ ৯৫সংখ্যক জন্মজয়ন্তী, ৰাষ্ট্ৰপতি–প্ৰধানমন্ত্ৰীয়ে জনালে শ্ৰদ্ধাঞ্জলি

News18 Assam | News18-Assam
Updated:December 25, 2019, 10:11 AM IST
আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ ৯৫সংখ্যক জন্মজয়ন্তী, ৰাষ্ট্ৰপতি–প্ৰধানমন্ত্ৰীয়ে জনালে শ্ৰদ্ধাঞ্জলি
আজি লক্ষ্ণৌত অটল বিহাৰী বাজপেয়ীৰ প্ৰতিমূৰ্তি উন্মোচন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে।

আজি লক্ষ্ণৌত অটল বিহাৰী বাজপেয়ীৰ প্ৰতিমূৰ্তি উন্মোচন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে।

  • News18 Assam
  • Last Updated: December 25, 2019, 10:11 AM IST
  • Share this:
আজি দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ ৯৫সংখ্যক জন্মজয়ন্তী। এই দিনটোক সুশাসন দিবস হিচাপে পালন কৰিছে বিজেপিয়ে। দিল্লীৰ অটল স্মাৰকত পুৱাই বাজপেয়ীক শ্ৰদ্ধাঞ্জলি জনালে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহ মন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বিজেপিৰ কাৰ্যকৰী সভাপতি জে পি নাড্ডা, জ্যেষ্ঠ নেতা লালকৃষ্ণ আদৱানীসহ বহু বিজেপি নেতাই।

ইফালে, আজি লক্ষ্ণৌত অটল বিহাৰী বাজপেয়ীৰ প্ৰতিমূৰ্তি উন্মোচন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। লক্ষ্ণৌৰ লোকভৱনত নিৰ্মাণ কৰা হৈছে বাজপেয়ীৰ ২৫ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি। অমৌছী বিমানবন্দৰৰ পৰা পোনে পোনে লোকভৱনত উপস্থিত হ’ব প্ৰধানমন্ত্ৰীগৰাকী। বাজপেয়ীৰ জন্মজয়ন্তী উপলক্ষে দেশৰ আন আন প্ৰান্ততো আয়োজন কৰা হৈছে বিভিন্ন কাৰ্যসূচীৰ।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি