• Home
  • »
  • News
  • »
  • nation
  • »
  • নাগৰিকত্বক জন্ম প্ৰমাণ পত্ৰৰে সংযোগ কৰাৰ পোষকতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ !

নাগৰিকত্বক জন্ম প্ৰমাণ পত্ৰৰে সংযোগ কৰাৰ পোষকতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ !

প্ৰধানমন্ত্ৰীয়ে নীতি আয়োগক ৫বছৰৰ ভিতৰত দেশৰ পৰা দৰিদ্ৰতা সম্পূর্ণৰূপে নিৰ্মূল কৰাৰ দিশত পদক্ষেপ ল’বলৈও নিৰ্দেশ দিয়ে।

প্ৰধানমন্ত্ৰীয়ে নীতি আয়োগক ৫বছৰৰ ভিতৰত দেশৰ পৰা দৰিদ্ৰতা সম্পূর্ণৰূপে নিৰ্মূল কৰাৰ দিশত পদক্ষেপ ল’বলৈও নিৰ্দেশ দিয়ে।

প্ৰধানমন্ত্ৰীয়ে নীতি আয়োগক ৫বছৰৰ ভিতৰত দেশৰ পৰা দৰিদ্ৰতা সম্পূর্ণৰূপে নিৰ্মূল কৰাৰ দিশত পদক্ষেপ ল’বলৈও নিৰ্দেশ দিয়ে।

  • Share this:
দেশত হ’ব পাৰে জন্মৰ প্ৰমাণ পত্ৰ নাগৰিকত্বৰ অন্যতম আধাৰ । নতুন প্ৰযুক্তিৰ ব্যৱহাৰৰ কৰি জন্মৰ প্ৰমাণ পত্ৰক নাগৰিকত্বৰে সংযোগ কৰাৰ পৰিকল্পনা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদীয়ে । প্ৰধানমন্ত্ৰীৰ 60 points PM Action Planৰ সন্নিবিষ্ট কৰা হৈছে ধ্যান-ধাৰণা । দিল্লীৰ পৰা প্ৰকাশিত ইংৰাজী দৈনিক ইণ্ডিয়ান এক্সপ্ৰেছৰ আজিৰ সংস্কৰণত প্রকাশ পোৱা মতে PM Actin Planৰ প্রতিটো বিষয় প্ৰধানমন্ত্ৰীয়ে পুংখানুপুংখকৈ সকলো মন্ত্ৰণালয়ৰ সচিবৰ সৈতে আলোচনা কৰিছে ।

PM Action Planৰ আন বিষয় সমূহ হৈছে বাণিজ্যিক চুক্তিৰ জৰিয়তে সংস্থাপন বৃদ্ধি কৰা, পৰিয়ালৰ সকলো সদস্যৰ তথ্য সমৃদ্ধ এক database প্ৰস্তুত কৰা, এখনেই পৰিৱেশ আইন প্ৰস্তুত কৰা আদি । ইতিমধ্যে কেবিনেট সচিব ৰাজীৱ গৌবাই যোৱা ছেপ্টেম্বৰ মাহতে মন্ত্ৰণালয় সমূহৰ সচিব সমূহলৈ পত্ৰ প্ৰেৰণ কৰি এক সময় নিৰ্ধাৰিত কাৰ্যসূচী গ্ৰহণ কৰি PM Action Planৰ বিষয় সমূহ কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ দিয়ে ।

উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰীয়ে নীতি আয়োগক ৫বছৰৰ ভিতৰত দেশৰ পৰা দৰিদ্ৰতা সম্পূর্ণ ৰূপে নিৰ্মূল কৰাৰ দিশত পদক্ষেপ ল’বলৈও নিৰ্দেশ দিয়ে । আনহাতে PM Action Planৰ যোগেদি নগৰ উন্নয়ন মন্ত্ৰণালয়ক গৃহ নিৰ্মাণৰ কাৰণে অনা শ্ৰমিক সকলৰ কাৰণে আৱাস ব্যৱস্থা প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়া হয় ।
Published by:Kokil Sarma
First published:

শেহতীয়া বাতৰি