• Home
  • »
  • News
  • »
  • nation
  • »
  • UP Election Results : এইবাৰৰ নিৰ্বাচনী ফলাফলে ভাৰতত পৰিয়ালতন্ত্ৰৰ সূৰ্যাস্ত হোৱাৰ ইংগিত দিলে : নৰেন্দ্ৰ মোদী

UP Election Results : এইবাৰৰ নিৰ্বাচনী ফলাফলে ভাৰতত পৰিয়ালতন্ত্ৰৰ সূৰ্যাস্ত হোৱাৰ ইংগিত দিলে : নৰেন্দ্ৰ মোদী

এইবাৰ নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে সৰ্বশক্তিৰে অৱতীৰ্ণ হৈছিল যাদৱ পৰিয়ালৰ লগতে গান্ধী পৰিয়াল।

এইবাৰ নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে সৰ্বশক্তিৰে অৱতীৰ্ণ হৈছিল যাদৱ পৰিয়ালৰ লগতে গান্ধী পৰিয়াল।

এইবাৰ নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে সৰ্বশক্তিৰে অৱতীৰ্ণ হৈছিল যাদৱ পৰিয়ালৰ লগতে গান্ধী পৰিয়াল।

  • Share this:
নিৰ্বাচনী ফলাফলৰ পিছতে বিজেপিৰ মুখ্য কাৰ্যালয়ত হাজাৰ হাজাৰ দলীয় কাৰ্যকৰ্তাক সম্বোধন কৰি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুনৰ বিৰোধীৰ বিৰুদ্ধে সৰৱ হ'ল। উত্তৰ প্ৰদেশত শোচনীয় পৰাজয়ৰ সন্মুখীন হোৱা কংগ্ৰেছৰ লগতে সমাজবাদী পাৰ্টীকো নাম নোলোৱাকৈ কটাক্ষ কৰিলে মোদীয়ে।

উল্লেখযোগ্য যে এইবাৰ নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে সৰ্বশক্তিৰে অৱতীৰ্ণ হৈছিল যাদৱ পৰিয়ালৰ লগতে গান্ধী পৰিয়াল। প্ৰাক্তন মুখ্যমন্ত্ৰী মুলায়ম সিং যাদৱৰ পুত্ৰ তথা উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ সিং যাদৱে এইবাৰ উত্তৰ প্ৰদেশত পুনৰ চৰকাৰ গঠনৰ দাবী কৰিছিল। নিৰ্বাচনৰ পূৰ্বে এইবাৰ উত্তৰ প্ৰদেশৰ পৰা বিজেপি উৎখাত হোৱাৰ আশংকাত যোগী চৰকাৰৰ দুগৰাকী কেবিনেট মন্ত্ৰীয়েও অখিলেশ সিং যাদৱৰ সমাজবাদী পাৰ্টীত যোগদান কৰিছিল।

একেদৰে কংগ্ৰেছেও প্ৰিয়ংকা গান্ধী ভদ্ৰাৰ নেতৃত্বত উত্তৰ প্ৰদেশত ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলাইছিল। পিছে যাদৱ পৰিয়াল আৰু গান্ধী পৰিয়ালৰ আহ্বানক সঁহাৰি নজনালে উত্তৰ প্ৰদেশৰ জনতাই। ইয়াৰ বিপৰীতে পুনৰ যোগী আদিত্যনাথৰ চৰকাৰ আৰু বিজেপিক একক সংখ্যাগৰিষ্ঠতা প্ৰদান কৰিলে উত্তৰ প্ৰদেশৰ জনতাই। মোদী মেজিকত বিধ্বস্ত হ'ল কংগ্ৰেছ।

আনহাতে, বিগত নিৰ্বাচনতকৈ অধিক আসন লাভ কৰিলেও চৰকাৰ গঠনৰ পৰা বহু দূৰত অৱস্থান কৰিবলৈ বাধ্য হ'ল সমাজবাদী পাৰ্টী। ইয়াৰ পিছতেই ৰাজ্যখনৰ জনতাক ধন্যবাদ জ্ঞাপন কৰি প্ৰধানমন্ত্ৰী গৰাকীয়ে ক'লে, "এইবাৰৰ নিৰ্বাচনী ফলাফলে পুনৰ প্ৰমাণ কৰিলে দেশৰ জনগণে পৰিয়ালতন্ত্ৰ নিবিচাৰে। কাৰণ পৰিয়ালতন্ত্ৰই ৰাজত্ব চলোৱা ৰাজ্য সমূহত জনগণৰ বিকাশ হোৱা নাই। মই ব্যক্তিগতভাৱে কোনো পৰিয়ালৰ বিৰোধী নহয়। কিন্তু মই পৰিয়ালতন্ত্ৰৰ সলনি গণতন্ত্ৰকহে বিচাৰো আৰু এইবাৰৰ নিৰ্বাচনী ফলাফলৰ জৰিয়তে দেশৰ জনগণে পৰিয়ালতন্ত্ৰৰ সূৰ্যাস্তৰ ইংগিত দিলে।"
Published by:Sanjay Kumar Das
First published: