প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে নিশা দেশবাসীক সম্বোধন কৰে আৰু তিনিটা ডাঙৰ ঘোষণা কৰে। নিজৰ ভাষণত মোদীয়ে কয় যে আগন্তুক বৰ্ষৰ ৩ জানুৱাৰীৰ পৰা ১৫ বছৰৰ পৰা ১৮ বছৰ বয়সৰসকলক কোৰোণা ভাইৰাছৰ ভেকচিন প্ৰদান কৰা হ’ব। আজিয়ে ড্ৰাগ কন্ট্ৰ’ল জেনেৰেল অব ইণ্ডিয়াই ভাৰত বায়’টেকৰ কোৰোণা ভেকচিন কোভাক্সিন শিশুৰ বাবে জৰুৰীকালীন ব্যৱহাৰত মঞ্জুৰি প্ৰদান কৰিছে।
মোদীয়ে প্ৰায় ১৩ মিনিটৰ নিজৰ ভাষণত কেইবাটাও ডাঙৰ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে দেশত প্ৰায় ৬১ শতাংশ লোকে কোৰোণাৰ ভেকচিনৰ দুয়োটা ড’জ গ্ৰহণ কৰিছে। এতিয়া দেশত ১৪০ কোটি কোৰোণাৰ ভেকচিনৰ ড’জ প্ৰদান কৰা হৈছে।
মোদীৰ ভাষণৰ ডাঙৰ কথা– মোদীয়ে কয়, অমিক্ৰনক ভয় নাখাব, ইয়াৰ পৰা সতৰ্ক হৈ থকাটো প্ৰয়োজন।
– প্ৰধানমন্ত্ৰীয়ে আশ্বাস দিয়ে যে দেশত চিকিৎসাৰ পৰ্যাপ্ত ব্যৱস্থা আছে।
– দেশত ১৮ লাখ আইছ’লেচন বেডৰ সুবিধা আছে।
– চাৰি লাখ অক্সিজেন চিলিণ্ডাৰ দেশজুৰি দিয়া হৈছে।
– নিয়ম পালন আৰু ভেকচিনেচন কোৰোণাৰ বিৰুদ্ধে প্ৰধান অস্ত্ৰ।
– ভেকচিনক লৈ দেশ একশ্যন ম’ডত আছে।
– দেশত ১৪১ কোটি কোৰোণাৰ ভেকচিনৰ ড’জ প্ৰদান কৰা হৈছে।
– ৬১ শতাংশ বয়স্ক লোকক ভেকচিনৰ দুয়োটা ড’জ প্ৰদান কৰা হৈছে।
– ৯০ শতাংশ বয়স্ক লোকৰ আবাদীক কমপক্ষেও এটা ড’জ প্ৰদান কৰা হৈছে।
– ভেকচিন নিৰ্মাণ আৰু যোগানৰ ওপৰত জোৰ দিয়া হৈছে।
নিজৰ ভাষণত মোদীয়ে কয় যে আগন্তুক বৰ্ষৰ ৩ জানুৱাৰীৰ পৰা ১৫ৰ পৰা ১৮ বছৰৰ ভিতৰৰ সকলক ভেকচিন প্ৰদান কৰা হ’ব। ইয়াৰ উপৰি ১০ জানুৱাৰীৰ পৰা স্বাস্থ্যকৰ্মী আৰু ফ্ৰণ্টলাইন কৰ্মীসকলক কোভিডৰ টিকাৰ বুষ্টাৰ ড’জ লগোৱাৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব। ১০ জানুৱাৰীৰ পৰা কোমৰবিডিটী Comorbidity থকা বয়স্ক লোকসকলকো চিকিৎসকৰ পৰামৰ্শ অনুসৰি বুষ্টাৰ ড’জ লগোৱা হ’ব।
মোদীয়ে কয়, ‘‘ভাৰততো বহু লোক অমিক্ৰনত সংক্ৰমিত হোৱাৰ খবৰ ওলাইছে। মই আপোনালোক সকলোকে আহ্বান জনাব যে আতংকিত নহ’ব,সাৱধান হওক। মাস্ক পিন্ধা আৰু কিছু সময়ৰ মূৰে মূৰে হাত ধোৱা আদি বিষয়ত গুৰুত্ব দিব।’’
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in Assameseঅসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|