• Home
  • »
  • News
  • »
  • nation
  • »
  • দেশক লৈ উঠা প্ৰশ্নৰ উত্তৰ দিলে ১০০ কোটি ভেকচিনৰ সংখ্যাই – প্ৰধানমন্ত্ৰী মোদীৰ দেশবাসীক সম্বোধনৰ ১০টা ডাঙৰ কথা

দেশক লৈ উঠা প্ৰশ্নৰ উত্তৰ দিলে ১০০ কোটি ভেকচিনৰ সংখ্যাই – প্ৰধানমন্ত্ৰী মোদীৰ দেশবাসীক সম্বোধনৰ ১০টা ডাঙৰ কথা

বৃহস্পতিবাৰে ১০০ কোটি ভেকচিনৰ পালি প্ৰদানৰ সীমা অতিক্ৰম কৰে। এই উপলক্ষে দেশ আৰু বিশ্বৰ বহু ৰাজনৈতিক নেতাই প্ৰধানমন্ত্ৰী মোদীক শুভকামনা জনায়।

বৃহস্পতিবাৰে ১০০ কোটি ভেকচিনৰ পালি প্ৰদানৰ সীমা অতিক্ৰম কৰে। এই উপলক্ষে দেশ আৰু বিশ্বৰ বহু ৰাজনৈতিক নেতাই প্ৰধানমন্ত্ৰী মোদীক শুভকামনা জনায়।

বৃহস্পতিবাৰে ১০০ কোটি ভেকচিনৰ পালি প্ৰদানৰ সীমা অতিক্ৰম কৰে। এই উপলক্ষে দেশ আৰু বিশ্বৰ বহু ৰাজনৈতিক নেতাই প্ৰধানমন্ত্ৰী মোদীক শুভকামনা জনায়।

  • Share this:
কোভিড–১৯ৰ বিৰুদ্ধে ভেকচিনেচন অভিযানত ১০০ কোটি ড’জৰ সংখ্যা অতিক্ৰম কৰাৰ এটা দিন পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক সম্বোধন কৰে। মোদীয়ে ইয়াক ‘বেঞ্চমাৰ্ক’ আখ্যা দিয়ে। মোদীয়ে এই অনুভৱৰ কৃতিত্ব দেশৰ জনতাক দিয়ে। উল্লেখযোগ্য যে ভাৰতে বৃহস্পতিবাৰে ১০০ কোটি ভেকচিনৰ পালি প্ৰদানৰ সীমা অতিক্ৰম কৰে। এই উপলক্ষে দেশ আৰু বিশ্বৰ বহু ৰাজনৈতিক নেতাই প্ৰধানমন্ত্ৰী মোদীক শুভকামনা জনায়। বিশ্ব স্বাস্থ্য সংস্থায়ো দেশৰ জনতাক শুভেচ্ছা জ্ঞাপন কৰে।

ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে ভেকচিন নিৰ্মাতা, স্বাস্থ্য কৰ্মী আৰু টিকাকৰণ অভিযানত অন্তৰ্ভুক্ত সকলো লোকৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে। ১০০ কোটি ড’জৰ কৃতিত্বৰ আনন্দ প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ অফিচিয়েল টুইটাৰ হেণ্ডেলৰ ফটোও সলনি কৰিছে।

প্ৰধানমন্ত্ৰী মোদীৰ দেশবাসীক সম্বোধনৰ গুৰুত্বপূৰ্ণ ১০টা কথা

১. প্ৰধানমন্ত্ৰী মোদীয়ে ১০ বজাত দেশবাসীক সম্বোধন কৰি শুভেচ্ছা জ্ঞাপন কৰে। মোদীয়ে কয়, ‘কালি ভাৰতে ১০০ কোটি ভেকচিন ড’জ প্ৰদানৰ অভিলেখ সৃষ্টি কিৰছে। আমি এই উপলব্ধি আমাৰ দেশৰ মানুহৰ বাবে লাভ কৰিছো। মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো। ভাৰতৰ টিকাকৰণ কাৰ্যসূচীৰ তুলনা আন দেশসমূহৰ সৈতে কৰা হৈছিল। এয়া এক বেঞ্চমাৰ্ক।’

২.  প্ৰধানমন্ত্ৰীয়ে কয়, ‘আন দেশসমূহৰ বাবে ভেকচিনৰ গৱেষণা আৰু বিকাশ নতুন নহয়। সাধাৰণতে ভাৰতে আন দেশৰ পৰা ভেকচিন আমদানি কৰে। আৰম্ভণিতে প্ৰশ্ন উঠিবলৈ লৈছিল যে ভাৰতে এই মহামাৰীক প্ৰত্যাহ্বান জনাব পাৰিবনে? কোনো টিকাকৰণ হ’বনে? পৰ্যাপ্ত ধন আছেনে? কিন্তু এই ১০০ কোটিৰ সংখ্যাই সকলো প্ৰশ্নৰ উত্তৰ দিলে। এতিয়া ভাৰতক সুৰক্ষিত স্থান হিচাপে বুজা যাব।’

৩. মোদীয়ে টিকাকৰণ অভিযানক লৈ কয় যে ভেকচিনক লৈ ভেদভাৱ সম্ভৱ নাছিল। ধনী–দুখীয়া, গাঁও–চহৰ, দেশৰ এটাই মন্ত্ৰ আছিল যে যদি বেমাৰে ভেদভাৱ নকৰে, তেন্তে ভেকচিনতো ভেদভাৱ থাকিব নোৱাৰে! এয়া সুনিশ্চিয় কৰা হৈছিল যে ভেকচিনৰ ক্ষেত্ৰত ভিআইপি কালচাৰ নচলিব।’

৪. ১৬ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা টিকাকৰণত চৰকাৰী কেন্দ্ৰত নাগৰিকসকলক ভেকচিন বিনামূলীয়াকৈ প্ৰদান কৰা হৈছিল। এই সন্দৰ্ভত মোদীয়ে কয়, ‘ভাৰতে নিজৰ নাগৰিকক ১০০ কোটি ভেকচিনৰ ড’জ প্ৰদান কৰিছে আৰু সেয়াও বিনামূলীয়াকৈ। ১০০ কোটি ভেকচিন ড’জৰ এখ প্ৰভাৱ এয়াও হ’ব যে এতিয়া বিশ্বই ভাৰতক কোৰোণাৰ ক্ষেত্ৰত অধিক সুৰক্ষিত বুলি ভাবিব।’

৫. দেশক কৰা সম্বোধনত প্ৰধানমন্ত্ৰী মোদীয়ে ভোকেল ফৰ লোকেলৰ ওপৰত জোৰ দিয়ে। মোদীয়ে কয়, ‘প্ৰতিটো সৰু সৰু বস্তু, যিবোৰ মেড ইন ইণ্ডিয়া, যিবোৰ নিৰ্মাণ কৰোতে কোনো ভাৰতবাসীৰ ঘাম মাটিত পৰিছে, সেয়া কিনাৰ ওপৰত জোৰ দিব লাগে। আৰু এয়া সকলোৰে প্ৰচেষ্টাত সম্ভৱ হ’ব। ভাৰতীয়ৰ দ্বাৰা বনোৱা সামগ্ৰী কিনা, ভোকেল ফৰ লোকেল হোৱা, এয়া আমি আমাৰ ব্যৱহাৰত আনিবই লাগিব।’

৬. প্ৰধানমন্ত্ৰী মোদীয়ে শুকুৰবাৰে অৰ্থব্যৱস্থাৰ ওপৰতো চৰ্চা কৰে। মোদীয়ে কয় যে কোৰোণা কালত কৃষি ক্ষেত্ৰই অৰ্থনীতিত বৃহৎ অৱদান আগবঢ়াইছে। মোদীয়ে কয়, ‘কোৰোণা কালত কৃষিক্ষেত্ৰই আমাৰ অৰ্থব্যৱস্থাক ধৰি ৰাখিছে। আজি অভিলেখ স্তৰত শস্য ক্ৰয় হৈছে। কৃষকৰ বেংক একাউণ্টত ধন সোমাই আছে। ভেকচিনৰ বৰ্ধিত পৰিসৰৰ সৈতে প্ৰতিটো ক্ষেত্ৰতে সাকাৰাত্মক গতি বৃদ্ধি পাইছে।’

৭. প্ৰধানমন্ত্ৰীয়ে দেশবাসীক কয় যে ভাৰতৰ সমগ্ৰ ভেকচিনেচন প্ৰগ্ৰাম বিজ্ঞানৰ গৰ্ভত জন্ম হৈছে, বৈজ্ঞানিকসকলৰ চেষ্টাৰ ফলতে চাৰিওদিশে উপলব্ধ হৈছে। আমি সকলোৰে বাবে এয়া গৌৰৱৰ কথা।

৮. টিকাকৰণ অভিযানৰ আৰম্ভণিতে কোউইন প্লেটফৰ্মত ৰেজিষ্ট্ৰেচন কৰাটো বাধ্যতামূলক আছিল। প্ৰধানমন্ত্ৰীয়ে এই প্লেটফৰ্মৰ প্ৰশংসা কৰে। মোদীয়ে কয়, ‘আমাৰ দেশে কোউইন প্লেটফৰ্মৰ যি ব্যৱস্থা কৰিছে, সেয়াও বিশ্বত আকৰ্ষণৰ কেন্দ্ৰবন্দু। ভাৰতত বনোৱা কোউইন প্লেটফৰ্মে কেৱল সাধাৰণ লোকক সকাহ দিয়াই নহয়, মেডিকেল ষ্টাফৰো কাম সহজ কৰিছে।’

৯. মোদীয়ে কয়, ‘আমি মহামাৰীৰ বিৰুদ্ধে দেশৰ যুঁজত জনতাৰ অংশগ্ৰহণক নিজৰ প্ৰথম শক্তি হিচাপে লৈছো। দেশে নিজৰ ঐক্যতাৰ বাবে হাতচাপৰি বজাইছে, বন্তি জ্বলাইছে, তেতিয়া কিছুমান মানুহে কৈছিল যে ইয়াৰ জৰিয়তে বেমাৰ শেষ হ’ব নেকি? কিন্তু আমি সকলোৱে তাত একতা দেখিছিলো, সামূহিক শক্তিৰ জাগৰণ দেখিছিলো।’

১০.  প্ৰধানমন্ত্ৰী মোদীয়ে পুনৰ দেশবাসীক সতৰ্ক হৈ থকাৰ আহ্বান জনায়। মোদীয়ে কয়, ‘কৱল যিমানেই ভাল নহওক, কৱচ যিমানেই আধুনিক নহওক, কৱচত যিমানেই সুৰক্ষাৰ গেৰাণ্টি নাথাকক, যেতিয়ালৈ যুদ্ধ চলি আছে, অস্ত্ৰ এৰি নিদিব। মোৰ আহ্বান, আমি সকলোৱে নিজৰ উৎসৱ সম্পূৰ্ণ সতৰ্কতাৰে পালন কৰা উচিত।’
Published by:Sanjay Kumar Das
First published: