
অনুষ্ঠানটোত ভাষণ দি প্ৰধানমন্ত্ৰী মোডীয়ে কয় সক্ৰিয়তা দেখুওৱাৰ বাবে ঋণ প্ৰবঞ্চকসকলৰ পৰা ৫ লাখ কোটি টকা আদায় কৰা হৈছে। শেহতীয়াকৈ গঠন কৰা ৰাষ্ট্ৰীয় সম্পদ পুনৰ্গঠন কোম্পানীয়ে (NARCL)ও ২ লাখ কোটি টকাৰ চাপযুক্ত সম্পত্তি নিষ্পত্তি কৰাত সহায় কৰিব।
অনুষ্ঠানটোত ভাষণ দি প্ৰধানমন্ত্ৰী মোডীয়ে কয় সক্ৰিয়তা দেখুওৱাৰ বাবে ঋণ প্ৰবঞ্চকসকলৰ পৰা ৫ লাখ কোটি টকা আদায় কৰা হৈছে। শেহতীয়াকৈ গঠন কৰা ৰাষ্ট্ৰীয় সম্পদ পুনৰ্গঠন কোম্পানীয়ে (NARCL)ও ২ লাখ কোটি টকাৰ চাপযুক্ত সম্পত্তি নিষ্পত্তি কৰাত সহায় কৰিব।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (PM Narendra Modi)য়ে দেশৰ হাই প্ৰফাইল পলাতক অৰ্থনৈতিক অপৰাধীসকললৈ কঠোৰ বাৰ্তা প্ৰেৰণ কৰিছে। 'কেন্দ্ৰীয় চৰকাৰে হাই প্ৰফাইল পলাতক অৰ্থনৈতিক অপৰাধীসকলক ভাৰতলৈ ঘূৰাই অনাৰ বাবে সকলো ধৰণে চেষ্টা কৰি আছে', প্ৰধানমন্ত্ৰী মোডীয়ে কয়। এইসকল লোকৰ ঘৰলৈ উভতি অহাৰ বাহিৰে অন্য কোনো বিকল্প নাই। বৃহস্পতিবাৰে ঋণপ্ৰবাহ আৰু অৰ্থনৈতিক বিকাশ সন্দৰ্ভত এক আলোচনাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয়, "আমি নীতি আৰু আইনৰ ওপৰত নিৰ্ভৰশীল আৰু পলাতক অৰ্থনৈতিক অপৰাধীসকলক ঘূৰাই অনাৰ বাবে কূটনৈতিক উপায়সমূহ ব্যৱহাৰ কৰা হৈছে।"
বাৰ্তাটো অতি স্পষ্ট, "আপোনালোক নিজৰ দেশলৈ ঘূৰি আহক। আমি ইয়াৰ বাবে আমাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ।" অৱশ্যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সময়ছোৱাত কাৰো নাম উল্লেখ কৰা নাছিল। উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰে বিজয় মালিয়া আৰু নীৰৱ মোডীৰ দৰে পলাতক অৰ্থনৈতিক অপৰাধীসকলক প্ৰত্যাৰ্পণ কৰাৰ প্ৰচেষ্টা বৃদ্ধি কৰিছে। অনুষ্ঠানটোত ভাষণ দি প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে ইতিমধ্যে ঋণ প্ৰবঞ্চকসকলৰ পৰা ৫ লাখ কোটি টকা আদায় কৰা হৈছে। শেহতীয়াকৈ গঠন কৰা ৰাষ্ট্ৰীয় সম্পদ পুনৰ্গঠন কোম্পানীয়েও ২ লাখ কোটি টকাৰ সম্পত্তি নিষ্পত্তি কৰাত সহায় কৰিব।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|