• Home
  • »
  • News
  • »
  • nation
  • »
  • এম্বুলেন্সক বাট দিবলৈ পথত ৰৈ গ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কনভয়; চাওক ভিডিঅ'

এম্বুলেন্সক বাট দিবলৈ পথত ৰৈ গ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কনভয়; চাওক ভিডিঅ'

এম্বুলেন্সক বাট দিবলৈ পথত ৰৈ গ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কনভয়, আহমেদাবাদৰ পৰা গান্ধীনগৰ অভিমুখী কৰি আছিল যাত্ৰা

এম্বুলেন্সক বাট দিবলৈ পথত ৰৈ গ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কনভয়, আহমেদাবাদৰ পৰা গান্ধীনগৰ অভিমুখী কৰি আছিল যাত্ৰা

গুজৰাট বিজেপিয়ে এক বিবৃতিত কয় যে আহমেদাবাদৰ পৰা গান্ধীনগৰলৈ যোৱাৰ পথত প্ৰধানমন্ত্ৰী মোদীৰ কনভয় এম্বুলেন্সক বাট দিবলৈ ৰৈছিল।

  • Share this:
আজি আহমেদাবাদৰ পৰা গান্ধীনগৰ অভিমুখে যাত্ৰা কৰাৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কনভয় এখন এম্বুলেন্সক বাট দিবলৈ অলপ সময়ৰ বাবে ৰৈছিল। গুজৰাট বিজেপিৰ মিডিয়া কোষে শ্বেয়াৰ কৰা এটা ভিডিঅ’ত দেখা গৈছে যে প্ৰধানমন্ত্ৰীৰ কনভয়ৰ অন্তৰ্গত দুখন এছ ইউ ভিয়ে লাহে লাহে আহমেদাবাদ-গান্ধীনগৰ পথৰ বাওঁফালে গৈ এম্বুলেন্সখনক বাট এৰি দিয়ে।


উল্লেখযোগ্য যে, দুপৰীয়া আহমেদাবাদৰ দূৰদৰ্শন কেন্দ্ৰৰ সমীপত ৰাজহুৱা সমাৱেশ শেষ কৰি গান্ধীনগৰৰ ৰাজভৱনলৈ গৈ আছিল মোডী।

গুজৰাট বিজেপিয়ে এক বিবৃতিত কয় যে আহমেদাবাদৰ পৰা গান্ধীনগৰলৈ যোৱাৰ পথত প্ৰধানমন্ত্ৰী মোদীৰ কনভয় এম্বুলেন্সক বাট দিবলৈ ৰৈছিল।


গুজৰাট ভ্ৰমণৰ দ্বিতীয় দিনা মোদীয়ে গান্ধীনগৰ-মুম্বাই বন্দে ভাৰত এক্সপ্ৰেছ ৰে’লখন ফ্লেগ অফ কৰাৰ লগতে আহমেদাবাদ মেট্ৰ’ ৰে’ল প্ৰকল্পৰ প্ৰথম পৰ্যায়ৰ কামো উদ্বোধন কৰে।

সন্ধিয়া বনাস্কান্ত জিলাত উপস্থিত হৈ বিখ্যাত আম্বাজী মন্দিৰত এক জনসমাৱেশ সম্বোধন কৰিব আৰু আৰতি পৰিৱেশন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে।
Published by:Subham Goswami
First published:

শেহতীয়া বাতৰি