ধোনীলৈ আৱেগিক চিঠি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ, প্ৰধানমন্ত্ৰীক টুইটাৰৰ জৰিয়তে কি ক’লে ধোনীয়ে?

অৱসৰ লোৱাৰ দিন ধৰি ধোনীক ছচিয়েল মিডিয়াৰ জৰিয়তে বহুতে বিভিন্ন মন্তব্য কৰিছে।
অৱসৰ লোৱাৰ দিন ধৰি ধোনীক ছচিয়েল মিডিয়াৰ জৰিয়তে বহুতে বিভিন্ন মন্তব্য কৰিছে।
- News18 Assam
- Last Updated: August 20, 2020, 9:05 PM IST
An Artist,Soldier and Sportsperson what they crave for is appreciation, that their hard work and sacrifice is getting noticed and appreciated by everyone.thanks PM @narendramodi for your appreciation and good wishes. pic.twitter.com/T0naCT7mO7
— Mahendra Singh Dhoni (@msdhoni) August 20, 2020
অৱসৰ লোৱাৰ দিন ধৰি ধোনীক ছচিয়েল মিডিয়াৰ জৰিয়তে বহুতে বিভিন্ন মন্তব্য কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ধোনীলৈ লিখিলে আৱেগিক পত্ৰ। চিঠিখনত প্ৰধানমন্ত্ৰীয়ে ধোনীক ভূয়সী প্ৰশংসা কৰি লিখিছে যে, ‘আপোনাৰ ট্ৰেডমাৰ্ক আৰু আকৰ্ষণীয় ষ্টাইলৰ যি ভিডিঅ’ শ্বেয়াৰ কৰিছে, সেই ভিডিঅ’ আলোচনাৰ বিষয় হৈ উঠাৰ বাবে যথেষ্ট আছিল। আপোনাৰ বিদায়ে দেশৰ ১৩০ কোটি জনতাক দুখ দিছে। কিন্তু আপুনি ভাৰতীয় ক্ৰিকেটৰ বাবে যিমান খিনি অৱদান আগবঢ়ালে, তাৰ বাবে দেশবাসী চিৰকৃতজ্ঞ।’
প্ৰধানমন্ত্ৰীৰ চিঠি টুইটাৰত পোষ্ট কৰি ধন্যবাদ জনালে মহেন্দ্ৰ সিং ধোনীয়ে।