এই অভিযানত ভাৰত চৰকাৰৰ ক্ৰীড়া মন্ত্ৰণালয়ৰ উপৰি মানৱ সম্পদ উন্নয়ন মন্ত্ৰণালয়, পঞ্চায়তীৰাজ মন্ত্ৰণালয়, গ্ৰামোন্নয়ন মন্ত্ৰণালয়ে একেলগে কাম কৰিব।
এই অভিযানত ভাৰত চৰকাৰৰ ক্ৰীড়া মন্ত্ৰণালয়ৰ উপৰি মানৱ সম্পদ উন্নয়ন মন্ত্ৰণালয়, পঞ্চায়তীৰাজ মন্ত্ৰণালয়, গ্ৰামোন্নয়ন মন্ত্ৰণালয়ে একেলগে কাম কৰিব।
স্বচ্ছ ভাৰত অভিযান আৰু যোগ দিৱসৰ পিছত এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক সুস্বাস্থ্যৰ অধিকাৰী হোৱাৰ বাবে সজাগ কৰিব। প্ৰধানমন্ত্ৰী মোদীয়ে দেশবাসীক স্বাস্থ্যবান কৰি ৰাখিবলৈ আজি আৰম্ভ কৰিব ‘ফিট ইণ্ডিয়া মুভমেণ্ট’। হকীৰ যাদুকৰ ধ্যানচান্দৰ জন্মদিনত ভাৰতত প্ৰতিবছৰে ২৯ আগষ্টত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয়। ফিট ইণ্ডিয়া অভিযানত উদ্যোগ জগত, ছবি জগত, খেল জগতৰ লগতে অন্য ক্ষেত্ৰৰ ৰথা–মহাৰথীও উপস্থিত থাকিব। এই অভিযানত ভাৰত চৰকাৰৰ ক্ৰীড়া মন্ত্ৰণালয়ৰ উপৰি মানৱ সম্পদ উন্নয়ন মন্ত্ৰণালয়, পঞ্চায়তীৰাজ মন্ত্ৰণালয়, গ্ৰামোন্নয়ন মন্ত্ৰণালয়ে একেলগে কাম কৰিব।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শেহতীয়াকৈ ‘মন কী বাত’ত কৈছিল যে আপোনালোক সকলোৱে জানে যে ২৯ আগষ্টৰ দিনটো ‘ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস’ হিচাপে পালন কৰা হয়। এই উপলক্ষে আমি দেশজুৰি ‘ফিট ইণ্ডিয়া মুভমেণ্ট’ৰ আৰম্ভ কৰিম। মোদীয়ে কয় যে এই অভিযান শিশু, বয়োজ্যেষ্ঠ, যুৱক–যুৱতী, মহিলা সকলোৰে বাবে ৰুচিসন্মত অভিযান হ’ব আৰু এয়া আপোনাৰ নিজৰ হ’ব।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|