কাইলৈ মুখ্যমন্ত্ৰীসকলৰ সৈতে বৈঠকত মিলিত হ’ব প্ৰধানমন্ত্ৰী মোদী, ল’ক ডাউনৰ সন্দৰ্ভত ল’ব পাৰে সিদ্ধান্ত

News18 Assam | News18-Assam
Updated:April 10, 2020, 1:17 PM IST
কাইলৈ মুখ্যমন্ত্ৰীসকলৰ সৈতে বৈঠকত মিলিত হ’ব প্ৰধানমন্ত্ৰী মোদী, ল’ক ডাউনৰ সন্দৰ্ভত ল’ব পাৰে সিদ্ধান্ত
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

বৃদ্ধি হ’ব নেকি লক ডাউন, তাকে লৈ এতিয়া সৰ্বত্ৰ চৰ্চা

  • Share this:
সমগ্ৰ দেশত এতিয়া কোৰোণা ভাইৰাছৰ আতংক। কোৰোণা ভাইৰাছৰ ফলত এতিয়ালৈকে দেশৰ ১৬৬ জনে মৃত্যুক সাৱটি লৈছে। সেইদৰে প্ৰতিদিনেই বৃদ্ধি পাইছে কোৰোণাত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা। আজি পৰ্যন্ত দেশৰ সৰ্বমুঠ ৫,৭৩৪ জনৰ দেহত ধৰা পৰিছে কোৰোণা ভাইৰাছৰ অৱস্থিতি।

ইফালে অহা ১৪ তাৰিখে অন্ত পৰিব ল’ক ডাউন। কিন্তু ল’ক ডাউনৰ মাজতো দেশত প্ৰত্যেকদিনাই বাঢ়ি আছে কোৰোণাত আক্ৰান্তৰ সংখ্যা। গতিকে পৰিস্থিতিলৈ চাই ল’ক ডাউনৰ সময়সীমা বৃদ্ধি কৰিবলৈ বহুতে আহ্বান জনোৱাৰ লগতে কেন্দ্ৰীয় চৰকাৰেও ল’ক ডাউন বৃদ্ধি কৰিব বুলি গুণা গঁথা চলি আছে। এতিয়া তাৰ মাজতে আহিছে এক গুৰুত্বপূৰ্ণ খবৰ।

শনিবাৰে ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে বৈঠকত মিলিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। উক্ত বৈঠকতে ল’ক ডাউনৰ সময় সীমা বৃদ্ধি কৰা হ’বনে নহয়, সেই লৈ চুড়ান্ত সিদ্ধান্তত উপনীত হ’ব বুলি বিশেষ সুত্ৰৰ পৰা জানিব পৰা হৈছে।

ইফালে বহু কেইখন ৰাজ্যই দেশত ল’ক ডাউন বৃদ্ধি কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছে। উৰিষ্যা, পঞ্জাৱে ইতিমধ্যে বৃদ্ধি কৰিছে ল’ক ডাউনৰ সীমা। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে আহ্বান জনোৱা সৰ্বদলীয় বৈঠকতো প্ৰায় ৮০ শতাংশ ৰাজনৈতিক নেতাই কোৰোণা ভাইৰাছৰ ভয়াৱহতালৈ চাই লক ডাউনৰ সীমা বৃদ্ধি কৰিবলৈ প্ৰধানমন্ত্ৰীক আহ্বান জনাইছিল।

কিন্তু ল’ক ডাউনৰ ফলত এতিয়া ব্যাপক ক্ষতিগ্ৰস্ত হৈছে দেশৰ অৰ্থনীতি। সেই দিশলৈ লক্ষ্য ৰাখি কিছু কিছু ক্ষেত্ৰত লক ডাউন শিথিল কৰাৰো পূৰ্ণ সম্ভাৱনা আছে। এই সম্পৰ্কত বৃহস্পতিবাৰে বিশেষ ইংগিত প্ৰদান কৰিছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
Published by: Himangshu Bhuyan
First published: April 10, 2020, 1:15 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি