মুখ্যপৃষ্ঠা »খবৰ »দেশ »Tribute to CDS Bipin Rawat : আজি সম্পন্ন হ'ব জেনেৰেল বিপিন ৰাৱটৰ অন্ত্যেষ্টিক্ৰিয়া, প্ৰধানমন্ত্ৰীয়েও জনালে শ্ৰদ্ধাঞ্জলি

Tribute to CDS Bipin Rawat : আজি সম্পন্ন হ'ব জেনেৰেল বিপিন ৰাৱটৰ অন্ত্যেষ্টিক্ৰিয়া, প্ৰধানমন্ত্ৰীয়েও জনালে শ্ৰদ্ধাঞ্জলি

Tribute to CDS Bipin Rawat : আজি সম্পন্ন হ'ব জেনেৰেল বিপিন ৰাৱট আৰু তেওঁৰ পত্নীৰ অন্ত্যেষ্টিক্ৰিয়া।

Tribute to CDS Bipin Rawat : আজি সম্পন্ন হ'ব জেনেৰেল বিপিন ৰাৱট আৰু তেওঁৰ পত্নীৰ অন্ত্যেষ্টিক্ৰিয়া।

Tribute to CDS Bipin Rawat : আজি সম্পন্ন হ'ব জেনেৰেল বিপিন ৰাৱট আৰু তেওঁৰ পত্নীৰ অন্ত্যেষ্টিক্ৰিয়া।

  • Share this:
দেশৰ প্ৰথমগৰাকী প্ৰতিৰক্ষা মুৰব্বী জেনেৰেল বিপিন ৰাৱট (CDS Bipin Rawat)ৰ লগতে তামিলনাডুত সংঘটিত ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা (Army Helicopter Crash)ৰ পিছত আজিও শোকস্তব্ধ হৈ আছে সমগ্ৰ দেশ। বুধবাৰে তামিলনাডু (Tamilnadu)ৰ কুন্নুৰৰ সমীপত দুৰ্ঘটনাত জেনেৰেল বিপিন ৰাৱট আৰু তেওঁৰ পত্নীৰ লগতে আন ১১গৰাকী বীৰ সৈনিকৰ কৰুণ মৃত্যু হয়। বৃহস্পতিবাৰে সন্ধিয়া আটাইকেইজনৰে নশ্বৰ দেহ নতুন দিল্লীলৈ অনা হয়। আজি জেনেৰেল বিপিন ৰাৱট আৰু তেওঁৰ পত্নীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব।

বৃহস্পতিবাৰে সন্ধিয়া দিল্লীৰ পালম বিমান বন্দৰত বিপিন ৰাৱটলৈ অন্তিম শ্ৰদ্ধাঞ্জলি জনায় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (Prime Minister Narendra Modi)য়ে। প্ৰয়াত ৰাৱটৰ লগতে তেওঁৰ পত্নী আৰু নিহত অন্য ১১গৰাকী সৈনিকলৈও শেষ শ্ৰদ্ধাঞ্জলি যাঁচে প্ৰধানমন্ত্ৰীয়ে। প্ৰধানমন্ত্ৰীৰ লগতে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল, সেনা প্ৰধআন এমএম নাৰাৱণে, নৌসেনা প্ৰধান এডমিৰেল আৰ হৰি কুমাৰ আৰু এয়াৰ চীফ মাৰ্শ্বাল বিবেক ৰাম চৌধুৰীয়েও দিল্লীত আটাইকেইজনলৈ অন্তিম শ্ৰদ্ধাঞ্জলি জনায়।

শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছতে এক টুইটত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে দেশে বিপিন ৰাৱট, তেওঁৰ পত্নী আৰু আন ১১ জন সেনাৰ অৱদান কেতিয়াও পাহৰিব নোৱাৰিব।


জেনেৰেল বিপিন ৰাৱট আৰু তেওঁৰ পত্নীৰ নশ্বৰ দেহ দিল্লীস্থিত বাসগৃহত ৰখা হৈছে। আজি দিনৰ ১১ বজাৰ পৰা ১২.৩০ বজালৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ বাবে অনুমতি দিয়া হৈছে। সাধাৰণ লোকে এইসময়ছোৱাত বিপিন ৰাৱটলৈ শ্ৰদ্ধাঞ্জলি জনাব পাৰিব। ১২.৩০ বজাৰ পৰা ১.৩০ বজালৈ সামৰিক বাহিনীৰ লোকৰ বাবে শ্ৰদ্ধাঞ্জলিৰ সময় ধাৰ্য কৰা হৈছে।  তাৰ পিছত সম্পূৰ্ণ সৰ্বোচ্চ সামৰিক মৰ্যাদাৰে জেনেৰেল বিপিন ৰাৱটৰ শেষকৃত্য কৰা হ'ব।

উল্লেখ্য যে এই পৰ্যন্ত বিপিন ৰাৱট, তেওঁৰ পত্নী মধুলিকা ৰাৱট (Madhulika Rawat)আৰু লখৱিন্দৰ সিং লিড্ডাৰ (Brigadier Lakhwinder Singh Lidder)ক ধৰি তিনিজনৰ মৃতদেহহে চিনাক্ত কৰিব পৰা হৈছে। বাকীসকলৰ মৃতদেহ চিাক্তকৰণৰ কাম চলি আছে। মৃতদেহ চিনাক্ত হ'লেই তেওঁলোকৰ নশ্বৰ দেহ পৰিয়ালৰ লোকক চমজাই দিয়া হ'ব আৰু সেইমতে শেষকৃত্যও সম্পন্ন কৰা হ'ব।

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese

শেহতীয়া বাতৰি