OPINION- অসমৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত মোদীৰ বাংলাদেশ ভ্ৰমণ, বিদেশীমুক্ত অসম গঢ়াৰ দিশত আহিবনে আশাৰ বতৰা?

News18 Assam | News18-Assam
Updated:March 8, 2021, 3:19 PM IST
OPINION- অসমৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত মোদীৰ বাংলাদেশ ভ্ৰমণ, বিদেশীমুক্ত অসম গঢ়াৰ দিশত আহিবনে আশাৰ বতৰা?
প্রধানমন্ত্ৰীৰ ভ্রমণৰ দ্বিতীয় দিনটোত অসমৰ ৪৭টা বিধান সভা সমষ্টিত প্ৰায় ৫০লক্ষ ভোটাৰে নিৰ্বাচিত কৰিব প্ৰতিনিধি।

প্রধানমন্ত্ৰীৰ ভ্রমণৰ দ্বিতীয় দিনটোত অসমৰ ৪৭টা বিধান সভা সমষ্টিত প্ৰায় ৫০লক্ষ ভোটাৰে নিৰ্বাচিত কৰিব প্ৰতিনিধি।

  • Share this:
অসম বিধান সভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ দিনটোত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদীয়ে অতিবাহিত কৰিব চুবুৰীয়া বাংলাদেশত । অহা মার্চৰ ২৬ আৰু ২৭ তাৰিখে মোদীয়ে ভ্ৰমণ কৰিব বাংলাদেশ।

প্রধানমন্ত্ৰীৰ ভ্রমণৰ দ্বিতীয় দিনটোত অসমৰ ৪৭টা বিধান সভা সমষ্টিত প্ৰায় ৫০লক্ষ ভোটাৰে নিৰ্বাচিত কৰিব প্ৰতিনিধি। ইয়াৰে বুজন সংখ্যকে বুটাম টিপিব এখন অবৈধ বিদেশী মুক্ত অসম আৰু পূৰ্ব বংগীয় লোকৰ প্ৰভুত্ব সংশয় মুক্ত অসমৰ সন্ধানত। এতিয়া প্ৰশ্ন হয় মোদীৰ এই ভ্ৰমণে আশ্বস্ত কৰিব পাৰিবনে অসমৰ ভোটাৰক?

COVID-19 মহামাৰীৰ সাম কটাৰ পাছত প্ৰধানমন্ত্ৰীৰ এইয়া প্ৰথমটো বিদেশ ভ্ৰমণ। বাংলাদেশৰ জাতিৰ পিতা শ্বেইখ মজিবুৰ ৰহমানৰ জন্ম শতবাৰ্ষিকী সমাৰোহ আৰু দেশখনৰ মুক্তিৰ সোণালী জয়ন্তী মহোৎসৱত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে

উল্লেখযোগ্য যে, বাংলাদেশৰ মুক্তি সংগ্ৰামত ভাৰতৰ অৱদান অনবদ্য। ৭কোটি পূব পাকিস্তানৰ লোকক  মাতৃভাষাৰ ভিত্তিত এখন স্বাধীন ৰাষ্ট্ৰ প্ৰাপ্তিৰ স্বপ্নক বাস্তৱায়িত কৰিবলৈ ইন্দিৰা গান্ধীৰ নেতৃত্বত পাকিস্তানৰ সেনাৰে সমুখ সমৰত নামি পৰিছিল ভাৰতীয় স্থল সেনা, বায়ুসেনা আৰু নৌ সেনা। পৰোক্ষভাৱে সমৰ্থন দিছিল মুক্তি বাহিনীক।

ভাৰতীয় সেনাৰ হাতত বিধস্ত হৈ ১৯৭১ চনৰ ১৬ ডিচেম্বৰত অস্ত্ৰ-শস্ত্ৰৰে ঢাকাত আত্ম-সমৰ্পন কৰিছিল ৯০ হাজাৰ পাকিস্তানী সেনাই। জন্ম হৈছিল স্বাধীন বাংলাদেশৰ। মুজিবুৰৰ স্বাধীন ৰাষ্ট্ৰক বিশ্বত প্রথমটো স্বীকৃতি প্ৰদান কৰিছিল ভাৰতবৰ্ষই। ভূপেন হাজৰিকাৰ কণ্ঠত নিগৰিছিল -  “জয় জয় নৱজাত বাংলাদেশ; জয় জয় মুক্তি বাহিনী; ভাৰতীয় সৈন্যৰ সৈতে ৰচিলা মৈত্ৰীৰ কাহিনী ।“

অসমৰ বেলিকা ১৯৮০চনৰ পিছৰ প্ৰতিটো নিৰ্বাচনত বাংলাদেশে এক ভূমিকা পালন কৰি আহিছে । ৬বছৰীয়া অসম আন্দোলনৰ ভিত্তি আছিল প্ৰব্ৰজন মুক্ত এখন অসম গঢ়াৰ। যোৱা চাৰি দশক অসমীয়া সমাজ জীৱনত পূৰ্ব বঙ্গীয় মূলৰ  প্ৰব্ৰজিত লোকে অসমীয়াৰ ৰাজনৈতিক অধিকাৰ কাঢ়ি নিয়াৰ এক শংকা সৰ্বত্ৰ বিৰাজমান। আনফালে পূৰ্ব বঙ্গীয় লোক সকল ভুগিছে বিতাড়িত হোৱাৰ শংকাত। এই দুই ধৰণৰ শংকাক ৰাজনৈতিক দলে সমূহে বাৰুকৈয়ে ব্যৱহাৰৰ কৰি আহিছে ।

এই বেলি নিৰ্বাচনো ইয়াৰ পৃথক নহয়। শাসক দল ভাৰতীয় জনতা পাৰ্টীয়ে মুছলমান প্ৰব্ৰজন মুক্ত অসমৰ পোষকতা কৰি হিন্দু সকলক হাত বাউল দি নিমন্ত্ৰণ জনোৱাৰ পোষকতা কৰে। য’ত আকৌ নৱগঠিত ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি হিন্দু মুছলমান দুই ধৰ্মাৱলম্বী প্ৰব্ৰজিত লোকৰ অসমত প্ৰভুত্ব নস্যাৎ কৰে। কংগ্ৰেছে আকৌ পূৰ্ব বংগীয় মূলৰ মুছলমান লোকৰ দল AIUDFৰে মিত্ৰতা কৰি নিৰ্বাচনী বৈতৰণী পাৰ কৰিব বিচাৰে।

অৱশ্যে বিজেপিৰ বাদে সকলো ৰাজনৈতিক দলে ১৯৭১চনৰ ২৫ মার্চকে (অসম চুক্তি অনুসৰি) ভিত্তি তাৰিখ হিচাপে লৈ এই দিনটোৰ আগৰ সকলক নাগৰিকৰ মৰ্যাদা প্ৰদান কৰাৰ আৰু তাৰ পিছৰ সকলক বিতাড়িত কৰাৰ সমৰ্থন কৰে।

তাৰ মাজতে মোদীৰ বাংলাদেশ ভ্ৰমণ। ৰাজনৈতিক বিশ্লেষকে এই ভ্ৰমণক চুবুৰীয়া পশ্চিম বংগৰ নিৰ্বাচনক কেন্দ্ৰ কৰি বিশ্লেষণ কৰিছে। কিন্তু তেওঁলোকে পাহৰিলে নহ’ব ১৯৪৭চনত পঞ্জাৱ আৰু বংগৰ লগতে দ্বিখণ্ডিত হৈছিল অসমো। বৰ্তমানৰ বাংলাদেশৰ এটা অংশ স্বাধীনতাৰ পূৰ্বৰ অসমৰ অংশ আছিল। সেয়ে অসম আৰু বাংলাদেশৰ সম্বন্ধ পূৰ্ব বঙ্গীয়ৰ আগ্ৰাসী মনোভাৱৰে পৰিপুষ্ট হ'লেও ৪৭ৰ পূৰ্বৰ জৈৱিক সম্বন্ধক আওকাণ কৰিব পৰা বিধৰ নহয় ।

সমান্তৰালকৈ এইটো কথাও সত্য যে, দুই দেশৰ মাজত দ্বিপাক্ষিক চুক্তি নোহোৱাকৈ অসমৰ পৰা এজনো চিহ্নিত অবৈধ বিদেশীক স্বদেশলৈ প্ৰেৰণ কৰিব পৰা নাযাব। ইন্দিৰা গান্ধী, মোৰাৰজী দেশাইৰ পৰা আজিলৈকে কোনো এজন ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে বাংলাদেশৰ সৈতে এই কথা আলোচনা নকৰিলে। ভাৰতীয় ন্যায়িক ব্যৱস্থাই বিদেশী বুলি চিহ্নিত কৰা এজন ব্যক্তিক বাংলাদেশে গ্ৰহণ নকৰা পৰ্যন্ত অনন্ত কাললৈ জে'লত বন্দী কৰাৰ কাৰ্যও আন্তৰ্জাতিক মানৱ অধিকাৰ সুৰক্ষা বিধিৰ পৰিপন্থী ।

অতি সম্প্ৰতি বাংলাদেশে দেশখনৰ অৰ্থনৈতিক উত্তৰণ দোহাই দি  অৰ্থনৈতিক সুৰক্ষাৰ সন্ধানত অসম বা পশ্চিম বংগলৈ নাগৰিকৰ প্ৰব্ৰজনৰ পৰিঘটনা নস্যাৎ কৰিছে। নিজ দেশতে যদি সকলো দিশৰ পৰা সুৰক্ষিত তেন্তে অনা দেশলৈ যাব কিয় – বাংলাদেশৰ যুক্তি । লগতে বাংলাদেশৰ জাতীয়তাবাদ, ভাষিক জাতীয়তাবাদী; ধৰ্মীয় উৎপীড়ন যদিও হৈছে সেইয়া আছুতীয়া আৰু আইন-শৃংখলা জনীত ঘটনা – বাংলাদেশৰ আন এক যুক্তি ।

উল্লেখযোগ্য যে, বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাচিনাই ভাৰতীয় সংসদে গৃহীত কৰা নাগৰিকত্ব সংশোধনী আইন অন্ততঃ বাংলাদেশৰ বেলিকা অপ্ৰয়োজনীয় বুলি মন্তব্য কৰিছিল । বিতৰ্কিত আইনখনৰ কাৰণে দুই দেশৰ মাজৰ বন্ধুত্বপূৰ্ণ সম্পর্কত তিক্ততা বৃদ্ধি পাইছে । সংখ্যালঘু হিন্দু সম্প্ৰদায়ক সর্বদা সম-অধিকাৰ প্ৰদান কৰা হৈছে বুলি দাবী কৰে দেশখনে।

অৱশ্যে দেশৰ পৃষ্ঠপোষকতাত সংখ্যালঘুৰ ওপৰত অত্যাচাৰ হোৱাৰ বাতৰি পোৱা নাযায় বা কোনো আন্তৰ্জাতিক সংগঠনে এনে তথ্য সদৰি কৰা নাই । আনহাতে বাংলাদেশৰ ভাৰতৰে সম্বন্ধ বেয়া হোৱা মানে দেশখনত চীনক কূটনৈতিক প্ৰৱেশৰ সুযোগ প্ৰদান কৰে। সেয়ে ভাৰতত শাসক দল বিজেপিয়ে বাংলাদেশী মুক্ত অসমৰ কথা ক'লেও দেশখনক CAA অৰু NRC ভাৰতৰ আভ্যন্তৰীণ বিষয় বুলি কয় ।

এনে এক জটিল সমীকৰণৰ মাজত মোদীৰ ভ্ৰমণে অসমৰ কাৰণে কি বতৰা কঢ়িয়াই সেয়া লক্ষণীয় হ’ব । এইটোও ঠিক যে, দেশ বোলা এক ভৌগোলিক পৰিসৰলৈ আন এক পৰিসৰৰ পৰা অবাধে নীতি বহিৰ্ভূত ভাৱে প্ৰব্ৰজন গ্ৰহণযোগ্য নহয় । খিলঞ্জীয়াক নিজ মাটিত অধিকাৰৰ পৰা বঞ্চিত কৰিব পৰা নাযায়। তাৰ মাজতে দেশখনৰে অৰ্থনৈতিক সংযোগ, সাংস্কৃতিক, শৈক্ষিক আদান প্ৰদান সময়ৰ আহ্বান ।
Published by: Himangshu Bhuyan
First published: March 8, 2021, 3:19 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি