ক’ৰোণা ভাইৰাছঃ SAARCৰ দেশৰ সৈতে আলোচনা কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে,বৈঠকত উপস্থিত নাথাকে ইমৰাণ খান

News18 Assam | News18-Assam
Updated:March 15, 2020, 11:14 AM IST
ক’ৰোণা ভাইৰাছঃ SAARCৰ দেশৰ সৈতে আলোচনা কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে,বৈঠকত উপস্থিত নাথাকে ইমৰাণ খান
বৈঠকত উপস্থিত নাথাকে ইমৰাণ খান

বৈঠকত উপস্থিত নাথাকে ইমৰাণ খান

  • Share this:
ক’ৰোণা ভাইৰাছক লৈ উদ্বিগ্ন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ক্ৰমাৎ ক’ৰোণা ভাইৰাছে লোৱা ভয়াৱহতালৈ লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কোনো ধৰণৰ ৰাজহুৱা কাৰ্যসূচীত অংশগ্ৰহণৰ সিদ্ধান্ত লৈছে। ইতিমধ্যে ক’ৰোণা ভাইৰাছৰ কাৰণে বন্ধ কৰা হৈছে স্কুল–কলেজ, শ্বপিং মল। তাৰ মাজতে এইবাৰ ক’ৰোণা ভাইৰাছৰ বিৰুদ্ধে সমগ্ৰ বিশ্বই একেলগে যুঁজাৰ উদ্দেশ্যে SAARCৰ আটাইকেইখন দেশৰ সৈতে এখন বৈঠকত মিলিত হোৱাটো বিচাৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে।

দেওবাৰে বিয়লি ৫ বজাত SAARC ৰ দেশকেইখনৰ নেতৃত্বই ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে এখন বৈঠকত মিলিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এইকথা টুইটাৰ যোগে জনাইছে বিদেশ মন্ত্ৰণালয়ে।

কিন্তু এই বৈঠকত ভাগ নলয় পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে। ইমৰাণ খানৰ পৰিৱৰ্তে পাকিস্তানৰ হৈ বৈঠকত ভাগ ল’ব ইমৰাণ খানৰ বিশেষ পৰামৰ্শদাতা জফৰ মিৰ্জাই।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading