আজি ছাত্ৰ–ছাত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ ‘পৰীক্ষা পে চৰ্চা’, ভাৰতৰ লগতে বিদেশৰ শিক্ষাৰ্থীয়েও ল’ব অংশ

News18 Assam | News18-Assam
Updated:January 20, 2020, 9:51 AM IST
আজি ছাত্ৰ–ছাত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ ‘পৰীক্ষা পে চৰ্চা’, ভাৰতৰ লগতে বিদেশৰ শিক্ষাৰ্থীয়েও ল’ব অংশ
ভাৰতৰ লগতে বিদেশৰো শিক্ষাৰ্থীয়ে ল’ব অংশ।

ভাৰতৰ লগতে বিদেশৰো শিক্ষাৰ্থীয়ে ল’ব অংশ।

  • Share this:
আজি ছাত্ৰ–ছাত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ ‘পৰীক্ষা পে চৰ্চা’। পৰীক্ষাৰ্থী আৰু শিক্ষকসকলক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে কৰিব ‘পৰীক্ষা পে চৰ্চা’। পুৱা ১১ বজাৰ পৰা নতুন দিল্লীৰ টালকাটোৰা ষ্টেডিয়ামত শিক্ষাৰ্থীসকলক সম্বোধন কৰিব মোদীয়ে। বিগত বৰ্ষতকৈও এইবাৰ অধিকসংখ্যক ছাত্ৰ–ছাত্ৰীয়ে নৰেন্দ্ৰ মোদীৰ সৈতে মত বিনিময় কৰিবলৈ পঞ্জীকৰণ কৰিছে। বিশেষকৈ দিব্যাংগ ছাত্ৰ–ছাত্ৰীসকল প্ৰধানমন্ত্ৰীৰে মত বিনিময়ক লৈ উৎসাহী।

তৃতীয় ‘পৰীক্ষা পে চৰ্চা’ত কিদৰে পৰীক্ষাৰ চাপৰ পৰা মুক্তি পাব পাৰি সেই বিষয়ক লৈ ছাত্ৰ–ছাত্ৰীৰে কথা পাতিব মোদীয়ে।

বিগত মাহত, প্ৰধানমন্ত্ৰী মোদীয়ে ছাত্ৰ–ছাত্ৰীসকলক পৰীক্ষাৰ প্ৰস্তুতিৰ সময়ত চাপমুক্ত হোৱাৰ আহ্বান জনাইছিল। টুইটাৰতো এই সন্দৰ্ভত উল্লেখ কৰিছিল প্রধানমন্ত্ৰীগৰাকীয়ে। এই অনুষ্ঠানত অংশগ্ৰহণৰ বাবে এটা বাছনিৰো ঘোষণা কৰিছিল মোদীয়ে।

৯ম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ–ছাত্ৰীসকলৰ ভিতৰত নিৰ্বাচিত শিক্ষাৰ্থীসকলে ২০২০ চনৰ ‘পৰীক্ষা পে চৰ্চা’ অনুষ্ঠানত অংশগ্ৰহণৰ সুবিধা লাভ কৰিছে। ইয়াৰ ভিতৰত আছে ৫০গৰাকীকৈ দিব্যাংগ শিক্ষাৰ্থীও।

ভাৰতৰ লগতে বিদেশত থকা শিক্ষাৰ্থী তথা শিক্ষক–শিক্ষয়িত্ৰীয়েও অংশগ্ৰহণ কৰিব এই অনুষ্ঠানত। তদুপৰি অভিভাৱকসকলেও অনুষ্ঠানত অংশগ্ৰহণৰ সুবিধা লাভ কৰিব। ২০১৮ চনৰ ১৬ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰীয়ে আৰম্ভ কৰিছিল এই কাৰ্যসূচীৰ।
আৰু চাওক
পৰৱৰ্তী বাতৰি