உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • ‘আমাক ৰঙা চকু নেদেখুৱাব, ভাৰতে যিদৰে বন্ধুত্ব কৰিব পাৰে, তেনেদৰে শত্ৰুক উচিত প্ৰত্যুত্তৰ দিবলৈ সকলো সময়তে সাজু’

    ‘আমাক ৰঙা চকু নেদেখুৱাব, ভাৰতে যিদৰে বন্ধুত্ব কৰিব পাৰে, তেনেদৰে শত্ৰুক উচিত প্ৰত্যুত্তৰ দিবলৈ সকলো সময়তে সাজু’

    সংস্কৃত শ্লোক পাঠ কৰাৰ মাজতে চীনক ‘দুষ্ট’ সম্বোধন প্ৰধানমন্ত্ৰীৰ।

    সংস্কৃত শ্লোক পাঠ কৰাৰ মাজতে চীনক ‘দুষ্ট’ সম্বোধন প্ৰধানমন্ত্ৰীৰ।

    সংস্কৃত শ্লোক পাঠ কৰাৰ মাজতে চীনক ‘দুষ্ট’ সম্বোধন প্ৰধানমন্ত্ৰীৰ।

    • Share this:
    ভাৰত-চীন সীমান্ত সমস্যাৰ সন্দৰ্ভত চীনৰ প্ৰতি নাই কোনো দৰদ। মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ মন্তব্যই যেন সেই কথাই স্পষ্ট কৰিলে। স্পষ্ট ৰূপত প্ৰধানমন্ত্ৰীয়ে কয় যে, ‘ভাৰতে যিদৰে বন্ধুত্ব স্থাপন কৰিব পাৰে, সেইদৰে শত্ৰুক উচিত প্ৰত্যুত্তৰ দিবলৈও সকলো সময়তে প্ৰস্তুত।’

    আনকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংস্কৃত শ্লোক পাঠ কৰি চীনক সকীয়নি প্ৰদান কৰে।

    ‘विद्या विवादाय धनं मदाय, शक्ति: परेषां परिपीडनाय ।
    खलस्य साधो: विपरीतम् एतत्, ज्ञानाय दानाय च रक्षणाय ।।’

    উল্লেখ যোগ্য যে, লাডাখত এতিয়া সৃষ্টি হৈছে ভাৰত-চীনৰ মাজত যুদ্ধ সদৃশ পৰিবেশ। আগ্ৰাসী চীনক ভালকৈ এসেকা দিবলৈ সম্পূৰ্ণ ৰূপে সাজু হৈ উঠিছে ভাৰতীয় সেনা। মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে লগতে জনাই যে, ‘ভাৰতে কেতিয়াও মোকাবিলা কৰিবলৈ ভয় নকৰে। বহুবাৰ সংকটৰ সৈতে মোকাবিলা কৰি সফল হৈছে ভাৰতবৰ্ষ। আমাৰ ইতিহাস চেলেঞ্জেৰে ভৰা। গতিকে ভাৰতলৈ ৰঙা চকু দেখুৱাই লাভ নাই।’

    ভাৰত-চীন সীমান্ত সমস্যাৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে, ‘ভাৰত যিদৰে বন্ধুত্ব স্থাপন কৰিব পাৰে, সেইদৰে ভাৰতক কোনোৱে ৰঙা চকু দেখুৱালে উচিত শিক্ষাও দিব পাৰে। আমাৰ প্ৰচেষ্টা এটাই থাকিব যে, আমাৰ সীমান্ত অধিক শক্তিশালী কৰি তোলা। দেশ অধিক আত্মনিৰ্ভৰশীল হ’ব। তেতিয়াহে আমাৰ শ্বহীদৰ ত্যাগে মূল্য পাব।’
    First published: