New Corona Vaccine: টিকা নহয়, গৱেষণা চলিছে কোৰোণাৰ Nasal Vaccineৰ, কেতিয়ালৈ হ'ব উপলব্ধ?

News18 Assam | News18-Assam
Updated:June 7, 2021, 6:08 PM IST
New Corona Vaccine: টিকা নহয়, গৱেষণা চলিছে কোৰোণাৰ Nasal Vaccineৰ, কেতিয়ালৈ হ'ব উপলব্ধ?
সমগ্ৰ দেশতে বিনামূলীয়া হ'ব কোৰোণা ভেকচিনঃ প্ৰধানমন্ত্ৰী মোদী

সমগ্ৰ দেশতে বিনামূলীয়া হ'ব কোৰোণা ভেকচিনঃ প্ৰধানমন্ত্ৰী মোদী

  • Share this:
কোৰোণাৰ ভেকচিনেস্যনৰ সন্দৰ্ভত সোমবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক সম্বোধন কৰে। কোৰোণাৰ এনে সংকটকালত ভেকচিনক ৰক্ষা কৱচ আখ্যা দি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, 'ভেকচিন আমাৰ বাবে সুৰক্ষাৰ কৱচ। মেডিকেল অক্সিজেন ১০ গুণ বৃদ্ধি কৰা হৈছে। কোৰোণা ৰোধৰ বাবে তৎপৰতাৰে কাম কৰা হৈছে। দেশত স্বাস্থ্য সুৰক্ষাৰ বাবে সুস্পষ্ট আন্তঃগাঁঠনি গঢ়ি তোলা হৈছে।  লক্ষ্য আৰু নীতি সুস্পষ্ট আৰু সুপৰিকল্পিত হ'লে যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পাৰি। মেক ইন ইণ্ডিয়াৰ দুটাকৈ ভেকচিন মুকলি হ'ল। দেশত এতিয়ালৈকে ২৩ কোটিতকৈও অধিক ভেকচিন ডোজ প্ৰদান কৰা হ'ল। শিশুৰ বাবে দুটা ভেকচিনৰ ট্ৰায়েল জোৰদাৰ গতিত চলি আছে।'

গৱেষণা চলিছে কোৰোণাৰ নেজেল ভেকচিন ( Nasal Vaccine)ৰ ওপৰতঃ

কোৰোণা ভাইৰাছক প্ৰতিৰোধ কৰিবলৈ দেশৰ  চিকিৎসা বিজ্ঞানী সকলে দিন ৰাতি একাকাৰ কৰিছে। দেশত বৰ্তমান অব্যাহত আছে সাতটাকৈ ভেকচিন নিৰ্মাতা সংস্থাৰ ট্ৰায়েল। সকলোতকৈ গুৰুত্বপূৰ্ণ কথাটো হল যে, বিজ্ঞানীসকলে এতিয়া কোৰোণাৰ নেজেল ভেকচিন ( Nasal Vaccine)ৰ ওপৰত গৱেষণা চলাই আছে। আৰু এই ক্ষেত্ৰত শীঘ্ৰে সফলতা লাভ কৰিব বুলি বিশ্বাস ৰাখিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে। ইয়াৰ উপৰিও নেজেল ভেকচিন উপলব্ধ হোৱাৰ লগে লগে দেশত কোৰোণাৰ বিৰুদ্ধে যুঁজখনে অন্য এক মাত্ৰা লাভ কৰিব বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।

সমগ্ৰ দেশতে বিনামূলীয়া হ'ব কোৰোণা ভেকচিন

আজি প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰে যে, সমগ্ৰ দেশতে বিনামূলীয়া হব কোৰোণাৰ ভেকচিন।আজি সিদ্ধান্ত লোৱা হয় যে, ৰাজ্য চৰকাৰৰ হাতত থকা কোৰোণা ভেকচিনৰ ২৫ শতাংশ দায়িত্বও এতিয়াৰ পৰা ভাৰত চৰকাৰেই ল'ব। আগন্তুক ২ সপ্তাহত এয়া কাৰ্যকৰী হ'ব। নতুন গাইড লাইন অনুসৰি আগবাঢ়িব। ২১ জুন সোমবাৰলৈ ১৮ বছৰৰ ওপৰৰ সকলোকে ভেকচিন দিয়া হ'ব। সম্পূৰ্ণ খৰচ কেন্দ্ৰীয় চৰকাৰে দিব। বিনামূলীয়া হ'ব কোৰোণা ভেকচিন। ইফালে ব্যক্তিগত হাস্পতালতো ভেকচিন লোৱাৰ সুবিধা থাকিব।দেশত নিৰ্মাণ হোৱা ভেকচিনৰ পৰা ২৫ শতাংশ প্ৰাইভেট হাস্পতালে ল'ব পাৰিব পাৰিব। কিন্তু এটা ভেকচিনত ১২৫ টকাৰ ওপৰত চাৰ্ভিচ টেক্স ল'ব নোৱাৰিব।'

প্ৰধানমন্ত্ৰী গৰীৱ কল্যান অন্ন যোজনাৰ সন্দৰ্ভতো প্ৰধানমন্ত্ৰীৰ বৃহত্‍ ঘোষণাঃ

এইবছৰ দ্বিতীয় ৱেভৰ বাবে মে আৰু জুন মাহলৈ এই আঁচনি সম্প্ৰসাৰণ কৰা হৈছিল। কিন্তু কোৰোণাৰ ভয়াৱহাৰ প্ৰতি লক্ষ্য ৰাখি দীপাৱলী পৰ্যন্ত  এই আঁচনি আগবঢ়াই নিব কেন্দ্ৰীয় চৰকাৰে। ৮০ কোটি দেশবাসীলৈ বিনামূলীয়া ৰেচন প্ৰদান কৰা হ'ব।
Published by: Himangshu Bhuyan
First published: June 7, 2021, 6:08 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি