জম্মু–কাশ্মীৰ আৰু লাডাখৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন অভিলাসী আচঁনি!

News18-Assam
Updated:August 8, 2019, 8:54 PM IST
জম্মু–কাশ্মীৰ আৰু লাডাখৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন অভিলাসী আচঁনি!
Source-Google

৩৭০ অনুচ্ছেদ বাতিলৰ পিছতে এতিয়া নিযুক্তিৰ সুযোগ লাভ কৰিব স্থানীয় যুৱকে, প্ৰযুক্তিৰ সহায়ত আগবাঢ়িব জম্মু-কাশ্মীৰ!

  • Share this:
দেশবাসীক সম্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰৰ পিছত দেশবাসীক সম্বোধন কৰে প্ৰধানমন্ত্ৰীয়ে। ভাষণৰ আৰম্ভণীতে জম্মু-কাশ্মীৰ, লাডাখৰ জনতাক ধন্যবাদ জনাই মোদীয়ে। প্ৰধানমন্ত্ৰী মোদীৰ মতে,‘নতুন যুগৰ সূচনা হ’ল জম্মু-কাশ্মীৰ আৰু লাডাখত’ পূৰণ হ’ল দেশৰ কোটি কোটি লোকৰ সপোন।’ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লগতে উল্লেখ কৰে যে অনুচ্ছেদ ৩৭০ৰ লাভ লৈ আছিল পাকিস্তান। ৩ দশকত প্ৰাণ হেৰুৱালে ৪২ হাজাৰ লোকে।

মোদীয়ে আজি দেশবাসীৰ সম্বোধন কৰি জম্মু–কাশ্মীৰ আৰু লাডাখৰ বাবে কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে বিভিন্ন অভিলাসী আঁচনি লোৱাৰ কথা ঘোষণা কৰে। শীঘ্ৰে জম্মু-কাশ্মীৰ, লাডাখত পূৰণ কৰা হ’ব চৰকাৰীখণ্ডৰ খালী পদ সমূহ। নিযুক্তিৰ সুযোগ লাভ কৰিব স্থানীয় যুৱকে। লগতে দেশৰ সেনা আৰু সামৰিক বাহিনীত পাব নিযুক্তিৰ সুবিধা।

সেইদৰে জম্মু-কাশ্মীৰত শীঘ্ৰে অনুষ্ঠিত হ’ব নিৰ্বাচন। পঞ্চায়ত নিৰ্বাচনৰ দৰেই হ’ব এই নিৰ্বাচন। দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীৰ কৰে এই ঘোষণা। লগতে প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে অনাগত দিনত প্ৰযুক্তিৰ সহায়ত আগবাঢ়াই নিয়া হ’ব জম্মু-কাশ্মীৰক। সেইদৰে  ইতিমধ্যে যাতায়াতৰ ক্ষেত্ৰত বিভিন্ন আচঁনি লোৱা হৈছে বুলি জানিবলৈ দিয়ে মোদীয়ে। লগতে জম্মু–কাশ্মীৰত  ঘাইপথ, ৰে’ল, বিমান সেৱাৰ বিকাশ কৰা হ’ব বুলিও জানিবলৈ দিয়ে প্ৰধানমন্ত্ৰীগৰাকীয়ে।
আৰু চাওক
পৰৱৰ্তী বাতৰি