আজি দিল্লী উত্তৰ–পূৱৰ দুৱাৰমুখত থিয় হৈছেঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

News18 Assam | News18-Assam
Updated:February 6, 2020, 3:50 PM IST
আজি দিল্লী উত্তৰ–পূৱৰ দুৱাৰমুখত থিয় হৈছেঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
লোকসভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ

লোকসভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ

  • Share this:
লোকসভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ। ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীগৰাকীয়ে কেইবাটাও বিষয়ত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। ৰাষ্ট্ৰপতিৰ মন্তব্যৰ ধন্যবাদসূচক  মন্তব্য প্ৰদান কৰি লোকসভাত প্ৰধানমন্ত্ৰীৰ মোদীয়ে কয় যে, দিল্লীৰ পৰা দূৰত নহয় উত্তৰ–পূৱ।আজি দিল্লী উত্তৰ–পূৱৰ দুৱাৰমুখত থিয় হৈছে।

ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কংগ্ৰেছৰ লগতে আন বিৰোধী দলসমূহক আক্ৰমণৰ লক্ষ্য কৰি লয়। প্ৰধানমন্ত্ৰীয়ে কয় যে,


  • কংগ্ৰছৰ কাৰণে মহাত্মা গান্ধী ট্ৰেইলাৰ হ’ব পাৰে কিন্তু আমাৰ কাৰণে মহাত্মা গান্ধী জীৱন।

  • আমি যদি আপোনালোকৰ ৰাস্তাৰেই গলো হেতেন, তেন্তে স্বাধীনতাৰ ৭০ বছৰৰ পিছতো অনুচ্ছেদ ৩৭০বাতিল কৰা, মুছলমান মহিলাৰ বাবে তিনি তালাক আইন আজিও অসম্ভৱ হৈ থাকিল হেতেন।

  • আমি যদি কংগ্ৰেছৰ ৰাস্তাৰে গ’লো হেতেন তেন্তে ৫০ বছৰৰ পিছতো শত্ৰু সম্পত্তি আইন, ২৮ বছৰৰ পিছতো বেনামী সম্পত্তি আইন, ২০ বছৰৰ পিছতো চীফ ডিফেন্স ষ্টাফৰ নিযুক্তি সম্ভৱ হৈ নুঠিল হেতেন।

  • মুল্যবৃদ্ধি নিয়ন্ত্ৰণ, অৰ্থব্যৱস্থাৰ উন্নতিৰ হকে চৰকাৰে চিন্তা চৰ্চা কৰিছো।


  • নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰ নামত কংগ্ৰেছ, বামপন্থীয়ে দেশৰ জনগণক উচতনি দিলে।


প্ৰধানমন্ত্ৰীৰ মন্তব্যত বড়ো শান্তি চুক্তিৰ লগতে ৰাম মন্দিৰৰ প্ৰসংগও বিশেষ ঠাই পায়।

 
আৰু চাওক
পৰৱৰ্তী বাতৰি