নগা শান্তি চুক্তি শীঘ্ৰে বিচাৰে প্ৰধানমন্ত্ৰী মোদীয়ে : ৰাজ্যপালৰ দায়িত্ব লৈয়ে ঘোষণা ৰবিৰ

২০১৫ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰী বাসগৃহত NSCN(IM)ৰে হোৱা ঐতিহাসিক ফ্ৰেমৱৰ্ক এগ্ৰিগেটৰ স্বাক্ষৰকাৰী ৰবিক নাগালেণ্ডৰ কুৰিতম ৰাজ্যপাল হিচাপে নিযুক্তি দিয়াৰ লগে লগে আৰম্ভ হৈছিল মিশ্ৰিত প্ৰতিক্ৰিয়াৰ৷

News18-Assam
Updated:August 2, 2019, 11:39 AM IST
নগা শান্তি চুক্তি শীঘ্ৰে বিচাৰে প্ৰধানমন্ত্ৰী মোদীয়ে : ৰাজ্যপালৰ দায়িত্ব লৈয়ে ঘোষণা ৰবিৰ
২০১৫ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰী বাসগৃহত NSCN(IM)ৰে হোৱা ঐতিহাসিক ফ্ৰেমৱৰ্ক এগ্ৰিগেটৰ স্বাক্ষৰকাৰী ৰবিক নাগালেণ্ডৰ কুৰিতম ৰাজ্যপাল হিচাপে নিযুক্তি দিয়াৰ লগে লগে আৰম্ভ হৈছিল মিশ্ৰিত প্ৰতিক্ৰিয়াৰ৷
News18-Assam
Updated: August 2, 2019, 11:39 AM IST
বিজু কুমাৰ ডেকা : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হৃদয়ত লৈ আছে নগা শান্তি চুক্তিৰ বিষয়টো৷ নগা ৰাইজে কম দিনৰ ভিতৰতে পাব বহু প্ৰত্যাশাৰ এটা ভাল খবৰ৷ এই আশ্বাস আৰ এন ৰবিৰ৷ নাগালেণ্ডৰ কুৰিতম ৰাজ্যপাল হিচাপে বৃহস্পতিবাৰে শপত গ্ৰহণ কৰাৰ পিছতে নগা জনতাক দিলে আৰ এন ৰবিয়ে এই আশ্বাস৷

বৃহস্পতিবাৰে কহিমাৰ ৰাজভৱনত আয়োজিত শপতগ্ৰহণ অনুষ্ঠানত ৰবিক শপত বাক্য পাঠ কৰাই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এক্টিং মুখ্য ন্যায়াধীশ অৰূপ কুমাৰ গোস্বামীয়ে৷ এই অনুষ্ঠানত নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিঅ' ৰিঅ', নাগালেণ্ড বিধানসভাৰ অধ্যক্ষ ভিখঅ' হছজুহ, বিৰোধী দলপতি টি আৰ জেলিয়াং, মন্ত্ৰী, বিধায়ক, আৰক্ষী, সেনা, বায়ুসেনা, অৰ্ধসামৰিক বাহিনীৰ শীৰ্ষ বিষয়াবৰ্গ উপস্থিত থাকে৷

শপত গ্ৰহণৰ পিছত নাগালেণ্ডৰ জনতাক উদ্দেশ্যি দিয়া এক বিবৃত্তিত ৰবিয়ে কয়, নগা ৰাইজৰে তেওঁ সংপৃক্ত হৈছিল তিনি দশক পূৰ্বেই৷ তিনি দশকজোৰা এই সম্পৰ্কৰ মাজতে তেওঁক ৰাষ্ট্ৰপতি ৰামনাথ কবিন্দ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নাগালেণ্ডৰ সাংবিধানিক মূৰব্বী হিচাপে নিযুক্তি দিয়াত তেওঁ অতিশয় আনন্দিত৷

"প্ৰধানমন্ত্ৰী মোদীয়ে অন্তঃকৰণেৰে নগা ৰাজনৈতিক বিষয়টোক সমাধান কৰিবলৈ বিচাৰে৷ এইক্ষেত্ৰত মোৰ ওপৰত ন্যস্ত দায়িত্ব মই গভীৰ দায়বদ্ধতাৰে পালন কৰিবলৈ চেষ্টা কৰি আহিছো আৰু ইয়াক সফলভাৱে সমাপন কৰিবলৈ বিচাৰিম"- নগা ৰাইজক উদ্দেশ্যি এনেদৰে কয় নবনিযুক্ত ৰাজ্যপাল ৰবিয়ে৷

২০১৫ চনৰ ৩ আগষ্টত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰী বাসগৃহত NSCN(IM)ৰে হোৱা ঐতিহাসিক ফ্ৰেমৱৰ্ক এগ্ৰিগেটৰ স্বাক্ষৰকাৰী ৰবিক নাগালেণ্ডৰ কুৰিতম ৰাজ্যপাল হিচাপে নিযুক্তি দিয়াৰ লগে লগে আৰম্ভ হৈছিল ৰাজ্যখনত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ৷ আশা আৰু সন্দেহৰ আলিদোমোজাত আছিল নগা ৰাইজ৷ একাংশই মোদী চৰকাৰৰ এই পদক্ষেপক নগা শান্তি চুক্তিৰ সফল ৰূপায়ণৰ দিশত আগবাঢ়িছে বুলি মত পোষণ কৰিছিল৷ আন একাংশই প্ৰক্ৰিয়াটোক দীঘলীয়া কৰিবলৈকে মধ্যস্থতাকাৰী পদৰ পৰা আঁতৰাই ৰবিক ৰাজ্যপাল পদত নিযুক্তি দিয়া বুলি মন্তব্য কৰিছিল৷ ইয়াৰ মাজত NSCN(IM)ৰ নেতৃত্বই আনুষ্ঠানিকভাৱে কোনো মন্তব্য কৰা নাছিল যদিও প্ৰকাৰন্তে ৰবিক মধ্যস্থতাকাৰী হিচাপেই পাই যাবলৈ আগ্ৰহ প্ৰকাশ কৰিছিল৷

এনে সকলো জল্পনা-কল্পনাৰ মাজতে বৃহস্পতিবাৰে ৰাজ্যপাল হিচাপে দায়িত্ব লৈ আৰ এন ৰবিয়ে নগা ৰাইজক দিলে পৰম আগ্ৰহৰ খবৰটো৷ 'প্ৰধানমন্ত্ৰীৰ হৃদয়ত আছে নগা ৰাজনৈতিক সমস্যাৰ সমাধানৰ বিষয়'- এই বাৰ্তা নগা ৰাইজক দি ৰবিয়ে আশ্বস্ত কৰিলে সকলোকে৷

প্ৰধানমন্ত্ৰীৰ 'সকলোৰে সৈতে, সকলোৰে বিকাশ আৰু সকলোৰে বিশ্বাস' মহামন্ত্ৰক আওৰাই ৰবিয়ে নগা নৱপ্ৰজন্মই নগাৰ ভৱিষ্যত্‍ আৰু নৱপ্ৰজন্মক সঠিক দিশত আগবাঢ়িবলৈ আহ্বান জনায়৷ নগাৰ মহিলা আৰু কন্যাসকলকো নগা ৰাইজৰ পৰম শক্তি আখ্যা দিয়ে ৰবিয়ে৷ মুঠতে নাগালেণ্ডৰ অগ্ৰগতি, নাগালেণ্ড অন্য ৰাজ্যৰ 'মডেল' হোৱাৰ আশা ব্যক্ত কৰে ১৯৭৬ বৰ্ষৰ আইপিএছ বিষয়া ৰবিয়ে৷

ইণ্টেলিজেণ্স ব্যুৰৰ সঞ্চালক পদৰ পৰা অবসৰ গ্ৰহণৰ পিছত ২০১৪ত NSCN(IM)ৰে আলোচনাৰ মধ্যস্থতাকাৰী হিচাপে নিযুক্তি দিয়া হৈছিল ৰবিক ৷

নগা শান্তি প্ৰক্ৰিয়াত স্বৰাজ কৌশাল, ৱস্কাৰ ফাৰাণ্ডেজ, কে পদ্মনাভায়াহ, এছ কে পাণ্ডে, অজিত লালৰ পিছত মধ্যস্থতাকাৰী হিচাপে কাৰ্য নিৰ্বাহ কৰা ৰবিয়ে দেশৰ উপ নিৰাপত্তা উপদেষ্টা হিচাপেও কাৰ্য নিৰ্বাহ কৰিছে ৷
আৰু চাওক পৰৱৰ্তী বাতৰি