শীঘ্ৰে পৰিব অপেক্ষাৰ অন্ত! প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক’লে কেতিয়া আহিব কোৰোণাৰ ভেকচিন

News18 Assam | News18-Assam
Updated:August 15, 2020, 5:57 PM IST
শীঘ্ৰে পৰিব অপেক্ষাৰ অন্ত! প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক’লে কেতিয়া আহিব কোৰোণাৰ ভেকচিন
দেশত এই কেইটা প্ৰতিষ্ঠানে নিৰ্মাণ কৰি আছে কোৰোণাৰ ভেকচিন

দেশত এই কেইটা প্ৰতিষ্ঠানে নিৰ্মাণ কৰি আছে কোৰোণাৰ ভেকচিন

  • Share this:
এতিয়া সমগ্ৰ বিশ্বই কোৰোণাৰ ভেকচিন নিৰ্মাণৰ বাবে দিন ৰাতি একাকাৰ কৰিছে। চিকিত্‍সক, চিকিত্‍সা বিজ্ঞানী, ডাঙৰ ডাঙৰ ঔষধ নিৰ্মাতা প্ৰতিষ্ঠানে এতিয়া কোৰোণাৰ ভেকচিন নিৰ্মাণৰ বাবে কৰি আছে সংগ্ৰাম। সমগ্ৰ বিশ্বৰ দৃষ্টি এতিয়া ভাৰতৰ ফালে। কাৰণ, ভাৰত এতিয়া এই কেইখন দেশৰ তালিকাত অন্তৰ্ভুক্ত হৈ আছে, য’ত ভেকচিনৰ পৰীক্ষণে লাভ কৰিছে সফলতা।



প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৭৪ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি লালকিল্লাৰ পৰা সম্বোধন কৰে দেশবাসীক। প্ৰধানমন্ত্ৰীয়ে ভাষণ প্ৰসংগত কয় যে, অতি সোনকালে ভাৰতে কোৰোণা ভাইৰাছৰ ভেকচিন মুকলি কৰিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, ‘ভাৰতত কোৰোণাৰ এটা, দুটা নহয়, তিনিটাকৈ ভেকচিনৰ এইসময়ত টেষ্টিং চলি আছে। যেতিয়াই বিজ্ঞানীয়ে এই ভেকচিনক সেউজ সংকেত দিব, তেতিয়াই বৃহত্‍ পৰিমাণত এই ভেকচিনসমূহ উত্‍পাদন কৰিব পৰা হ’ব। তেওঁ লগতে কয় যে, ‘দেশৰ প্ৰতিজন নাগৰিকে অতি কম সময়ৰ ব্যৱধানত কিদৰে ভেকচিন লাভ কৰিব, সেয়াও নিৰ্ধাৰণ কৰা হৈছে।



দেশত এই কেইটা প্ৰতিষ্ঠানে নিৰ্মাণ কৰি আছে কোৰোণাৰ ভেকচিনঃ

দেশৰ প্ৰায় ৩০ টা প্ৰতিষ্ঠান কোৰোণাৰ ভেকচিন প্ৰস্তুতত নিয়োজিত। তাৰে ভিতৰত হায়দৰাবাদৰ ভাৰত বায়’টেক, Indian Council of Medical Research আৰু National Institute of Virologyএ একেলগে এটা ভেকচিন প্ৰস্তুত কৰি আছে। এই ভেকচিনৰ নাম হ’ল কোভাক্সিন।

Serum Institute of Indiaই আগন্তুক কেইসপ্তাহ মানৰ পিছতে কোৰোণাৰ ভেকচিন মানুহৰ দেহত পৰীক্ষণ কৰিব। এই ভেকচিন অক্সফোৰ্ড ইউনিভাৰ্চিটী আৰু এষ্ট্ৰাজেনেকাই মিলি নিৰ্মাণ কৰিছে।

আহমেদাবাদৰ জায়দাচ কাডিলাইয়ো কোৰোণাৰ ভেকচিন প্ৰস্তুত কৰি আছে। ইতিমধ্যে এই ভেকচিনৰ প্ৰথম পৰীক্ষণৰ কাম আৰম্ভ হৈছে।
Published by: Himangshu Bhuyan
First published: August 15, 2020, 5:57 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading