• Home
  • »
  • News
  • »
  • nation
  • »
  • ‘অনন্ত কাললৈকে ৰাম মন্দিৰে মানৱতাক প্ৰেৰণা দিব, ৰাম সকলোৰে বাবে, সকলোতে আছে’

‘অনন্ত কাললৈকে ৰাম মন্দিৰে মানৱতাক প্ৰেৰণা দিব, ৰাম সকলোৰে বাবে, সকলোতে আছে’

মন্দিৰ নিৰ্মাণৰ পিছতে সমগ্ৰ অযোধ্যাখনেই সলনি হৈ পৰিবঃ প্ৰধানমন্ত্ৰী মোদী

মন্দিৰ নিৰ্মাণৰ পিছতে সমগ্ৰ অযোধ্যাখনেই সলনি হৈ পৰিবঃ প্ৰধানমন্ত্ৰী মোদী

মন্দিৰ নিৰ্মাণৰ পিছতে সমগ্ৰ অযোধ্যাখনেই সলনি হৈ পৰিবঃ প্ৰধানমন্ত্ৰী মোদী

  • Share this:
‘শতিকাজোৰা অপেক্ষাৰ আজি অন্ত পৰিল। ৰামৰ জন্মভূমি আজি মুক্ত হ’ল। এতিয়া এক ঐতিহাসিক মন্দিৰ নিৰ্মাণ হ’ব।’- ভূমি পূজনৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণ প্ৰসংগত কয় এনেদৰে।

ৰাম মন্দিৰ নিৰ্মাণৰ বাবে আজি অযোধ্যাত সম্পন্ন হয় ভূমি পূজন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভূমি পূজনৰ পিছত মন্দিৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে। এই অনুষ্ঠানত উপস্থিত থাকে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আমন্ত্ৰণ জনোৱা ১৭৫ গৰাকী বিশিষ্ট অতিথি।



ভূমি পূজনৰ অন্তত প্ৰধানমন্ত্ৰীয়ে কয় যে, ‘আজি ৰামমন্দিৰ নিৰ্মাণৰ শুভক্ষণ আৰম্ভ হ’ল। বছৰ বছৰ ধৰি অস্থায়ী ঘৰত আছিল ৰামলালা। মন্দিৰ নিৰ্মাণৰ বাবে কেইবাটাও প্ৰজন্মই সাধনা কৰিছিল। মন্দিৰ নিৰ্মাণৰ পিছতে সমগ্ৰ বিশ্বৰ পৰা প্ৰভু ৰাম সীতাৰ দৰ্শনৰ বাবে ভক্ত।’



প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, ‘ ৰাম মন্দিৰ মানৱতাক প্ৰৰণা দিব। ৰাম সকলোৰে বাবে, সকলোতে আছে। ৰাম মন্দিৰে ৱাৰতীয় সভ্যতা-সংস্কৃতিৰ ধ্বজা বহন কৰিব। প্ৰভু ৰামৰ মৰ্যদা ৰক্ষা কৰাটো আমাৰ দায়িত্ব। ৰামৰ জন্মুভূমিত উপস্থিত হব পাই সৌভাগ্য মানিছো। ৰাম ভক্তসকলক বহুত বহুত শুভেচ্ছা জনাইছো।’
Published by:Himangshu Bhuyan
First published: