• Home
  • »
  • News
  • »
  • nation
  • »
  • PM Modi In Manipur: ''এইবাৰৰ নিৰ্বাচনে মণিপুৰৰ আগন্তুক ২৫ বছৰৰ ভাগ্য নিৰ্ধাৰণ কৰিব''- মণিপুৰত জনতাক সম্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

PM Modi In Manipur: ''এইবাৰৰ নিৰ্বাচনে মণিপুৰৰ আগন্তুক ২৫ বছৰৰ ভাগ্য নিৰ্ধাৰণ কৰিব''- মণিপুৰত জনতাক সম্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

প্ৰধানমন্ত্ৰীগৰাকীক জনসাধাৰণৰ মাজত উপস্থিত হৈ শুভেচ্ছা গ্ৰহণ কৰাও দেখা যায়।

প্ৰধানমন্ত্ৰীগৰাকীক জনসাধাৰণৰ মাজত উপস্থিত হৈ শুভেচ্ছা গ্ৰহণ কৰাও দেখা যায়।

প্ৰধানমন্ত্ৰীগৰাকীক জনসাধাৰণৰ মাজত উপস্থিত হৈ শুভেচ্ছা গ্ৰহণ কৰাও দেখা যায়।

  • Share this:
মণিপুৰত প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচন (Assembly Elections) ২৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে মণিপুৰৰ ৰাজধানী ইম্ফলত উপস্থিত হয়। ইম্ফলত তেওঁ বিজেপি কৰ্মীসকলক লগ কৰে আৰু তাৰ পিছত এখন ৰাজহুৱা সভা সম্বোধন কৰে।

নিৰ্বাচনকেন্দ্ৰিক সভাত ভাষণৰ সময়ত প্ৰধানমন্ত্ৰীগৰাকীয়ে (Prime Minister Narendra Modi) কয় যে এইবাৰৰ নিৰ্বাচনে মণিপুৰৰ আগন্তুক ২৫ বছৰৰ ভাগ্য নিৰ্ধাৰণ কৰিবলৈ গৈ আছে। এই পাঁচ বছৰত মণিপুৰত আৰম্ভ হোৱা স্থিৰতা আৰু শান্তিৰ প্ৰক্ৰিয়াক স্থায়ী কৰাৰ বাবে ৰাজ্যখনত বিজেপিৰ নেতৃত্বত নিৰংকুশ সংখ্যাগৰিষ্ঠ চৰকাৰ থকাটো অতি প্ৰয়োজনীয় বুলি উল্লেখ কৰে।

মোদীয়ে কংগ্ৰেছক সমালোচনা কৰি কয় যে দশকজোৰা কংগ্ৰেছৰ (Congress) শাসনৰ পিছত মণিপুৰে কেৱল বৈষম্যহে লাভ কৰিছিল।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এন ডি এ চৰকাৰৰ সাফল্যৰ উদাহৰণ দাঙি ধৰাৰ লগতে বিজেপিৰ শাসনকালত (BJP government) উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত হোৱা উন্নয়নক প্ৰশংসা কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে মণিপুৰক (Manipur) ক্ৰীড়াৰ এক আন্তৰ্জাতিক কেন্দ্ৰ কৰি তোলাৰ কথা উল্লেখ কৰি কয় যে মণিপুৰত দেশৰ প্ৰথমখন ক্ৰীড়া বিশ্ববিদ্যালয় (sports university) নিৰ্মাণ কৰা হৈছে, ই এই অঞ্চলক ক্ৰীড়াৰ এক আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰ হিচাপে গঢ়ি তুলিব।

উল্লেখ্য, প্ৰধানমন্ত্ৰীগৰাকীক জনসাধাৰণৰ মাজত উপস্থিত হৈ শুভেচ্ছা গ্ৰহণ কৰাও দেখা যায়।
Published by:Gautam Barman
First published: