PM Modi Rozgar Mela: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ১০ লাখ কৰ্মসংস্থাপন নিযুক্তি অভিযান ৰোজগাৰ মেলাৰ অধীনত প্ৰায় ৭১ হাজাৰ যুৱক-যুৱতীক নিযুক্তি পত্ৰ প্ৰদান কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাৰ্যসূচীৰ আৰম্ভণিতে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে চৰকাৰী বিভাগ আৰু সংগঠনসমূহত নতুনকৈ নিযুক্তি পোৱা লোকসকলৰ সৈতে মত বিনিময় কৰে। এই উপলক্ষে যুৱক-যুৱতীসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আমাৰ চৰকাৰে যি কয় তাকেই কৰে আৰু এই ৰোজগাৰ মেলাখন ইয়াৰ এক ডাঙৰ উদাহৰণ।
ৰোজগাৰ মেলা আমাৰ সুশাসনৰ প্ৰতীক
ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় যে এই নিয়োগ মেলা আমাৰ সুশাসনৰ পৰিচয়। তেওঁ কয় যে আমি কেৱল ৭০ হাজাৰতকৈ অধিক লোকক কৰ্মসংস্থাপন প্ৰদানৰ কথা কোৱাই নহয়, কৰিও দেখুৱাইছো। পৰিৱৰ্তিত ভাৰতত কেৱল কৰ্মসংস্থাপনেই নহয়, আত্মনিয়োগৰ মাত্ৰাও বৃদ্ধি পোৱা বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
কেন্দ্ৰীয় চৰকাৰৰ নিযুক্তি প্ৰক্ৰিয়া এতিয়া সুশৃংখলিত কৰা হৈছে
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এনে এটা সময় আছিল যেতিয়া নিয়মীয়া পদোন্নতিও বিভিন্ন কাৰণত বন্ধ কৰি দিয়া হৈছিল। তেওঁ কয় যে এতিয়া কেন্দ্ৰীয় চৰকাৰৰ নিযুক্তি প্ৰক্ৰিয়াত পৰিৱৰ্তন হৈছে। এতিয়া কেন্দ্ৰীয় চৰকাৰত নিযুক্তি প্ৰক্ৰিয়া অধিক নিকা আৰু সুশৃংখলিত।
প্ৰতিশ্ৰুতি পূৰণৰ দিশত ডাঙৰ পদক্ষেপ
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে কয় যে এই ৰোজগাৰ মেলা প্ৰধানমন্ত্ৰীয়ে কৰ্মসংস্থাপন সৃষ্টিক প্ৰধান অগ্ৰাধিকাৰ দিয়াৰ প্ৰতিশ্ৰুতি পূৰণৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ। ৰোজগাৰ মেলাখনে নিয়োগ সৃষ্টিৰ অনুঘটক হিচাপে কাম কৰাৰ লগতে যুৱক-যুৱতীসকলক তেওঁলোকৰ সৱলীকৰণ আৰু ৰাষ্ট্ৰীয় উন্নয়নত অংশগ্ৰহণৰ অৰ্থপূৰ্ণ সুযোগ প্ৰদান কৰিব। পিএমঅ’ই আৰু কয় যে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা নিৰ্বাচিত যুৱক-যুৱতীসকলক কনিষ্ঠ অভিযন্তা, লোকো পাইলট, কাৰিকৰী, পৰিদৰ্শক, উপ পৰিদৰ্শক, কনিষ্টবল, ষ্টেনোগ্ৰাফাৰ, কনিষ্ঠ একাউণ্টেণ্ট, গ্ৰামীন ডাক সেৱক, আয়কৰ পৰিদৰ্শক, শিক্ষক, নাৰ্ছ, চিকিৎসক, ভাৰত চৰকাৰৰ অধীনত সামাজিক সুৰক্ষা বিষয়া, পিএ,এমটিএছ আদি বিভিন্ন পদত পোষ্টিং দিয়া হ'ব।
যোৱা বছৰৰ ২২ অক্টোবৰৰ পৰা আৰম্ভ হৈছিল এই মেলা
বিগত বৰ্ষৰ ২২ অক্টোবৰত প্ৰধানমন্ত্ৰীয়ে ১০ লাখ লোকক নিযুক্তিৰ বাবে "ৰোজগাৰ মেলা" আৰম্ভ কৰিছিল আৰু নিবনুৱা সমস্যাক লৈ বিৰোধীৰ অহৰহ সমালোচনাৰ মাজতে তেওঁৰ চৰকাৰে বিগত আঠ বছৰে চাকৰি সৃষ্টিৰ বাবে কৰা প্ৰচেষ্টাক আলোকপাত কৰিছিল। এই মেলাত ধৰ্মেন্দ্ৰ প্ৰধান, পীযুষ গোয়েল, সৰ্বানন্দ সোণোৱাল, হৰদীপ পুৰী, অনুৰাগ ঠাকুৰকে ধৰি জ্যেষ্ঠ মন্ত্ৰীকে ধৰি মুঠ ৪৫ গৰাকী মন্ত্ৰীয়ে অংশগ্ৰহণ কৰে।
Published by: Subham Goswami
FIRST PUBLISHED : January 20, 2023, 14:41 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।