১৭ মে’ৰ পিছত কি হ’ব? মুখ্যমন্ত্ৰী সকলৰ সৈতে হোৱা বৈঠকত কি ক’লে প্ৰধানমন্ত্ৰীয়ে?

News18 Assam | News18-Assam
Updated:May 11, 2020, 7:15 PM IST
১৭ মে’ৰ পিছত কি হ’ব? মুখ্যমন্ত্ৰী সকলৰ সৈতে হোৱা বৈঠকত কি ক’লে প্ৰধানমন্ত্ৰীয়ে?
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৈঠকত কয় যে, ‘কোৰোণা বিৰুদ্ধে যুদ্ধত সফল হৈছো আমি। সমগ্ৰ বিশ্বই এতিয়া স্বীকাৰ কৰিছে এই কথা। প্ৰতিখন ৰাজ্য চৰকাৰেই লৈছে গুৰুত্বপূৰ্ণ ভুমিকা।’

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৈঠকত কয় যে, ‘কোৰোণা বিৰুদ্ধে যুদ্ধত সফল হৈছো আমি। সমগ্ৰ বিশ্বই এতিয়া স্বীকাৰ কৰিছে এই কথা। প্ৰতিখন ৰাজ্য চৰকাৰেই লৈছে গুৰুত্বপূৰ্ণ ভুমিকা।’

  • Share this:
সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুখ্যমন্ত্ৰীসকলৰ সৈতে ভিডিঅ’ কনফাৰেঞ্চৰ জৰিয়তে এখন বিশেষ বৈঠকত ভাগ লয়। প্ৰধানমন্ত্ৰীয়ে বৈঠকত কয় যে, ‘কিদৰে দেশখনক আগুৱাই নিব পৰা যাব, সেই বিষয়ে প্ৰতিখন ৰাজ্য চৰকাৰেও ভাবিব লাগিব।

‘কোৰোণা বিৰুদ্ধে যুদ্ধত সফল হৈছো আমি। সমগ্ৰ বিশ্বই এতিয়া স্বীকাৰ কৰিছে এই কথা। প্ৰতিখন ৰাজ্য চৰকাৰেই লৈছে গুৰুত্বপূৰ্ণ ভুমিকা।’- এনেদৰে কয় প্ৰধানমন্ত্ৰীজনে।

প্ৰব্ৰজিত শ্ৰমিকসকলক লৈ প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, ‘আমি বিচাৰিছিলো সকলো য’ত আছে এই সময়ত তাতেই থাকক। কিন্তু সকলো মানুহেই বিপদৰ সময়ত ঘৰলৈ যাব বিচাৰে। ঘৰৰ সকলো একেলগে থাকিব বিচাৰে। গতিকে সমগ্ৰ বিষয়টো আমি মানৱতাৰ দৃষ্টিৰে চাবলগীয়া হৈছে।’

সুত্ৰ অনুসৰি ১৭ মে’ত ল’ক ডাউন যিহেতু শেষ হ’ব, তাৰ পিছত বহু ক্ষেত্ৰত শিথিলতা প্ৰদান কৰা হ’ব বুলি জানিব পৰা গৈছে। কিন্তু এতিয়াও দেশত সেই পৰিবেশ ঘূৰি অহা নাই। প্ৰধানমন্ত্ৰী মোদীয়ে ভিডিঅ’ কনফাৰেঞ্চিঙৰ জৰিয়তে সকলো ৰাজ্যকে ভালদৰে কাম কৰি যাবলৈ আহ্বান জনায়।
First published: May 11, 2020, 7:15 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি