১৯৯৯ চনত জম্মু–কাশ্মীৰৰ কাৰ্গিলত ভাৰত–পাকিস্তান যুদ্ধৰ ২২ বছৰ সম্পূৰ্ণ হ’ল সোমবাৰে (Kargil Vijay Diwas 2021)। কাৰ্গিল বিজয় দিৱস উপলক্ষে শ্বহীদক স্মৰণ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (PM Modi on Kargil Vijay Diwas)। পাকিস্তানৰ বিৰুদ্ধে যুদ্ধত ভাৰতে বিজয়ৰ নিচান উৰুৱাইছিল, কিন্তু সেই যুদ্ধত প্ৰাণ হেৰুৱাইছিল একাধিক ভাৰতীয় বীৰ জোৱানৰ। তেওঁলোকৰ বীৰত্ব, শৌৰ্য আৰু সাহসে প্ৰতিগৰাকী ভাৰতীয়ক অনুপ্ৰাণিত কৰে। এই দিনটোত টুইটাৰৰ জৰিয়তে শ্বহীদলৈ সন্মান জনোৱাৰ লগতে বিগত বৰ্ষৰ ‘মন কী বাত’ৰ এটা সৰু ৰেকৰ্ডিঙো শ্বেয়াৰ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে।
টুইটাৰত মোদীয়ে লিখিছে, ‘‘আমি তেওঁলোকৰ ত্যাগক স্মৰণ কৰিছো, তেওঁলোকৰ শৌৰ্যক স্মৰণ কৰিছো। আজি কাৰ্গিল বিজয় দিৱসত দেশক ৰক্ষা কৰাৰ বাবে কাৰ্গিলৰ সকলো শ্বহীদৰ প্ৰতি সন্মান জনাইছো। তেওঁলোকৰ সাহসে প্ৰতিদিনে আমাক অনুপ্ৰেৰণা দিয়ে। বিগত বৰ্ষৰ মন কী বাতৰ এটা অংশ শ্বেয়াৰ কৰিছো।’’
১৯৯৯ চনৰ ২৬ জুলাইত ভাৰতীয় সেনাই পাকিস্তানক কাৰ্গিলৰ যুদ্ধত পৰাস্ত কৰিছিল। তেতিয়াৰে পৰা এই দিনটোক কাৰ্গিল বিজয় দিৱস হিচাপে পালন কৰি অহা হৈছে। কাৰ্গিলৰ এই অপাৰেচনৰ নাম তেতিয়া ৰখা হৈছিল ‘অপাৰেচন বিজয়’।
কাৰ্গিলৰ ভাৰতীয় নিয়ন্ত্ৰণ ৰেখাত পাকিস্তানৰ ঘাটি উৎখাত কৰিবলৈ চলোৱা হৈছিল অপাৰেচন লিজয়। ১৯৯৯ চনৰ মে’ৰ পৰা জুলাই মাহলৈ জম্মু–কাশ্মীৰৰ কাৰ্গিলৰ নিয়ন্ত্ৰণ ৰেখাত যুদ্ধ হৈছিল ভাৰত–পাকিস্তানৰ।
Published by: Sanjay Kumar Das
First published: July 26, 2021, 11:53 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|