আৰম্ভ হ’ল মুখ্যমন্ত্ৰীৰে বৈঠক, প্ৰথমবাৰলৈ মাস্ক পৰিধান কৰি বৈঠকত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী মোদীৰ

News18 Assam | News18-Assam
Updated:April 11, 2020, 2:26 PM IST
আৰম্ভ হ’ল মুখ্যমন্ত্ৰীৰে বৈঠক, প্ৰথমবাৰলৈ মাস্ক পৰিধান কৰি বৈঠকত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী মোদীৰ
এই বৈঠকতে ল’ক ডাউন বৃদ্ধিৰ সন্দৰ্ভত সিদ্ধান্ত লোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।

এই বৈঠকতে ল’ক ডাউন বৃদ্ধিৰ সন্দৰ্ভত সিদ্ধান্ত লোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।

  • Share this:
আৰম্ভ হ’ল ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠকত। বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দেখা গ’ল ব্যতিক্ৰমী ৰূপত। কোৰোণাৰ ভাইৰাছৰ সজাগতা সৃষ্টিৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীক প্ৰথমবাৰলৈ মাস্ক পৰিধান কৰা দেখিবলৈ পোৱা গ’ল। উল্লেখযোগ্য যে, প্ৰধানমন্ত্ৰীগৰাকীয়ে গামোচাৰে প্ৰস্তুত কৰা মাস্ক পৰিধান কৰে আজিৰ বৈঠকত। ইয়াৰ পৰা তেখেতে এটাই বাৰ্তা দিব বিচাৰিছে, এন৯৫ নহ’লেও বৰ্তমান মাস্ক পৰিধান কৰাতো কিমান জৰুৰী।

এই বৈঠকতে ল’ক ডাউন বৃদ্ধিৰ সন্দৰ্ভত সিদ্ধান্ত লোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। ভিডিঅ’ কনফাৰেঞ্চিঙৰ জৰিয়তে কোৰোণা ভাইৰাছৰ ভয়াৱহতালৈ লক্ষ্য ৰাখি ৩০ এপ্ৰিললৈকে ল’ক ডাউন বৃদ্ধি কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। বৈঠকত উপস্থিতি আছে ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকল। বৈঠকত অংশগ্ৰহণ কৰোতে প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰথমবাৰলৈ মাস্ক পৰিধান কৰা দেখা গৈছে।

জানিব পৰা মতে, বৈঠকত বহু বিশেষজ্ঞই কোৰোণা ভাইৰাছৰ ভয়াৱহতালৈ লক্ষ্য কৰি ১৪ তাৰিখৰ পৰিৱৰ্তে ল’ক ডাউনৰ সীমা ৩০ এপ্ৰিললৈকে বৃদ্ধি কৰিবলৈ আহ্বান জনাইছে প্ৰধানমন্ত্ৰী মোদীক।

ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে আহ্বান জনোৱা সৰ্বদলীয় বৈঠকতো প্ৰায় ৮০ শতাংশ ৰাজনৈতিক নেতাই কোৰোণা ভাইৰাছৰ ভয়াৱহতালৈ চাই লক ডাউনৰ সীমা বৃদ্ধি কৰিবলৈ প্ৰধানমন্ত্ৰীক আহ্বান জনাইছিল। সেইদৰে উৰিষ্যা, পঞ্জাৱে ইতিমধ্যে বৃদ্ধি কৰিছে ল’ক ডাউনৰ সীমা।

এতিয়া ল’ক ডাউন বৃদ্ধি হ’বনে নহয়, সেই কথা বৈঠৰকৰ অন্ততহে স্পষ্ট হৈ পৰিব।
Published by: Himangshu Bhuyan
First published: April 11, 2020, 12:48 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি