সমুদ্ৰতীৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘প্ল’গিং’, প্ৰাতঃ ভ্ৰমণলৈ গৈ বুটলিলে জাবৰ

টুইটাৰত প্ৰধানমন্ত্ৰীগৰাকীয়ে আপলোড কৰিছে এই ভিডিঅ’।

News18-Assam
Updated:October 12, 2019, 1:08 PM IST
সমুদ্ৰতীৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘প্ল’গিং’, প্ৰাতঃ ভ্ৰমণলৈ গৈ বুটলিলে জাবৰ
প্ৰধানমন্ত্ৰী মোদীয়ে আপলোড কৰা ভিডিঅ’ৰ পৰা সংগৃহীত।
News18-Assam
Updated: October 12, 2019, 1:08 PM IST
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছিল যে, স্বচ্ছতাৰ জৰিয়তেহে আমি স্বচ্ছ আৰু ফিট হৈ থাকিব পাৰো। তামিলনাডুৰ মহাবলীপুৰমত চীনা ৰাষ্ট্ৰপতি শ্বি জিনপিঙৰ সৈতে বৈঠকৰ প্ৰাকক্ষণত প্ৰধানমন্ত্ৰী মোদীয়ে ‘প্লগিং’ কৰা দেখা গ’ল।

প্ৰাতঃভ্ৰমণলৈ গৈ প্ৰধানমন্ত্ৰী মোদীয়ে সাগৰৰ পাৰৰ জা‍‍‍বৰ বুটলি পুৱাৰ স্বচ্ছতা অভিযান চলায়। তেওঁ গণমাধ্যমত এই বিষয়ে উল্লেখ কৰি ৰাইজক স্বচ্ছতাৰ হকে পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায়। তেওঁ টুইটাৰত এই ভিডিঅ’ নিজে পষ্ট কৰি কয় যে, পুৱা মমল্লাপুৰমৰ এখন বীচ্চত তেওঁ ৩০মিনিটলৈ চাফাই অভিযান চলায়।



তেওঁ বুটলা জাৱৰ হোটেলৰ ষ্টাফ জেয়াৰাজক গতাই দিয়ে। তেওঁ লিখে যে, আমি সকলোৱে সুনিশ্চিত কৰিব লাগে যাতে সাৰ্বজনিক স্থানসমূহ পৰিষ্কাৰ হৈ থাকে। ইয়াৰ লগতে তেওঁ ৰাইজক ফিট হৈ থকাৰো পৰামৰ্শ দিয়ে।

উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰা ‘প্লগিং’ হৈছে বিদেশত জনপ্ৰিয় এক অনুশীলন। ইয়াৰ জৰিয়তে জগিং অৰ্থাত্‍ দৌৰ আৰু জাবৰ বুটলাৰ কাৰ্য একেলগে সমাপন কৰা হয়।
আৰু চাওক পৰৱৰ্তী বাতৰি