মোদী চৰকাৰৰ এই বিশেষ প্ৰতিযোগিতাত অংশ ল’ব পাৰে আপুনিও, পাব ১লাখ টকাৰ পুৰষ্কাৰ

প্রতিবছৰে আন্তঃৰাষ্ট্ৰীয় যোগ দিবস পালনৰ কাৰণে আন্তঃৰাষ্ট্ৰীয় তথা দেশত পৃথকে কাৰ্যসূচী গ্ৰহণ কৰে কেন্দ্ৰীয় চৰকাৰে।
প্রতিবছৰে আন্তঃৰাষ্ট্ৰীয় যোগ দিবস পালনৰ কাৰণে আন্তঃৰাষ্ট্ৰীয় তথা দেশত পৃথকে কাৰ্যসূচী গ্ৰহণ কৰে কেন্দ্ৰীয় চৰকাৰে।
- News18 Assam
- Last Updated: June 1, 2020, 12:51 PM IST
প্রতিবছৰে আন্তঃৰাষ্ট্ৰীয় যোগ দিবস পালনৰ কাৰণে আন্তঃৰাষ্ট্ৰীয় তথা দেশত পৃথকে কাৰ্যসূচী গ্ৰহণ কৰে কেন্দ্ৰীয় চৰকাৰে। কিন্তু এইবাৰ কোৰোণা সংক্রমণৰ কাৰণে চলিছে লকডাউন। সর্বত্র সামাজিক দূৰত্বৰ বিধি মানিবই লাগিব। আৰু সেই কাৰণে এই প্ৰতিযোগিতাৰ আয়োজন কৰিছে মোদী চৰকাৰে। দেওবাৰে আয়ুস মন্ত্রণালয়ৰ ছচিয়েল মিডিয়াৰ হেণ্ডেল খুলি দিয়া হৈছে প্ৰতিযোগিতাৰ কাৰণে।
কি কৰিব লাগিব এই প্ৰতিযোগিতাত? কোৱা হৈছে যে, যিহেতু সকলো ঘৰতে আছে গতিকে যোগ দিৱস উপলক্ষ্যে তেওঁলোকে ঘৰতে বিভিন্ন যোগাভ্যাস (ক্রিয়া, আসন, প্রাণায়ম, মুদ্রা বা বন্ধ) কৰি এটা তিনি মিনিটৰ ভিডিও প্ৰস্তুত কৰক। য’ত তেওঁ উল্লেখ কৰিব লাগিব যে কেনেকৈ এই আসনে তেওঁৰ জীৱন সলনি কৰি দিছে। এই ভিডিওসমূহৰ মাজতে বিজয়ী বাচনি কৰা হ’ব। প্ৰতিযোগিতাৰ তিনিটা পৃথক বিভাগ আছে, এটা ১৮বছৰৰ তলৰ, এটা ১৮বছৰৰ ওপৰৰ আৰু আনটো পেছাদাৰী যোগ শিল্পীৰ। প্ৰতিটো বিভাগত পুৰুষ আৰু মহিলাৰ সুকীয়া বিভাগ আছে। প্ৰতিযোগিতা হ’ব দুটা মূল ভাগত, এটা ভাৰতীয়ৰ কাৰণে আনটো সমগ্ৰ বিশ্বৰ প্ৰতিযোগীৰ কাৰণে।