এপ নিৰ্মাণত এইবাৰ আত্ম নিৰ্ভৰতাৰ প্ৰসংগ, চীনক উত্তৰ দিবলৈ প্ৰধানমন্ত্ৰী মোদীয়ে দিছে এই চেলেঞ্জ

News18 Assam | News18-Assam
Updated:July 4, 2020, 8:17 PM IST
এপ নিৰ্মাণত এইবাৰ আত্ম নিৰ্ভৰতাৰ প্ৰসংগ, চীনক উত্তৰ দিবলৈ প্ৰধানমন্ত্ৰী মোদীয়ে দিছে এই চেলেঞ্জ
কিদৰে ডিজিটেল এপৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, সেইলৈ সন্দিহান দেশবাসী। কিন্তু এতিয়া যেন সেই পথৰ সন্ধান দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

কিদৰে ডিজিটেল এপৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, সেইলৈ সন্দিহান দেশবাসী। কিন্তু এতিয়া যেন সেই পথৰ সন্ধান দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

  • Share this:
ডিজিটেল ষ্ট্ৰাইক! ছাৰ্জিকেল ষ্ট্ৰাইকৰ তুলনাত কোনো গুণে কম নহয়, ভাৰতৰ এই ৰণকৌশল। গালৱানত চীনৰ আগ্ৰাসনৰ কেইদিনমান পিছতে ৫৯টা চীন এপ বাতিল কৰি যেন সেই বাৰ্তাই দিলে কেন্দ্ৰই।

কিন্তু তাৰ মাজতে ইয়াৰ বিকল্পকলৈও উঠিছে প্ৰশ্ন। কিদৰে ডিজিটেল এপৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, সেইলৈ সন্দিহান দেশবাসী। কিন্তু এতিয়া যেন সেই পথৰ সন্ধান দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আত্মনিৰ্ভৰ ভাৰতৰ কথা উল্লেখ কৰিছিল। এতিয়া সেই দিশতেই যেন তথ্য প্ৰযুক্তি জগতখনো আগবঢ়াই নিয়াৰ সপোন দেখিছে প্ৰধানমন্ত্ৰী মোদীয়ে। তথ্য প্ৰযুক্তিৰ ষ্টাৰ্টআপ সংস্থাক এপ তৈয়াৰ কৰাৰ চেলেঞ্জ দিলে প্ৰধানমন্ত্ৰী মোদীয়ে। প্ৰধানমন্ত্ৰীৰ শ্লোগানঃ আত্মনিৰ্ভৰ দেশ গঢ়াৰ বাবে কোডিং কৰা যাওক।



প্ৰধানমন্ত্ৰীয়ে ক’লে যে, ‘আমাৰ টেক ষ্টাৰ্টআপ আৰু টেক কমিউনিটীক উত্‍সাহিত কৰিবলৈ বৈদ্যুতিন আৰু তথ্য প্ৰযুক্তি, ইনোভেশ্যন মিছনৰ অধীনত আহিছে আত্মনিৰ্ভৰ ভাৰতৰ চেলেঞ্জ।

প্ৰধানমন্ত্ৰীয়ে জনাইছে যে, ‘ইতিমধ্যে বজাৰত উপলব্ধ আপসমূহ বিভিন্ন কেটেগ’ৰীৰ ভিত্তিত বাচনি কৰা হ’ব। ই-লাৰ্নিং, ৱৰ্ক ফ্ৰম হোম, বিজনেছ, গেমিং, অফিচৰ বিভিন্ন ব্যৱহাৰিক উপযোগিতা, ছচিয়েল নেটৱৰ্কিঙৰ ভিত্তিত ভাল ভাল এপ সমূহ বাচি উলিওৱা হ’ব ট্ৰেক ১ত। ইয়াক বাস্তবায়িত কৰাৰ ক্ষেত্ৰত প্ৰয়োজনীয় সকলো সহায় কৰিব কেন্দ্ৰই।

৫৯টা এপ বন্ধ কৰি ভাৰত পিছ পৰা নাই, বৰঞ্চ আত্মনিৰ্ভৰতাৰ ক্ষেত্ৰত প্ৰথম পদক্ষেপ লৈছে। এই বাৰ্তা দি প্ৰধানমন্ত্ৰী মোদীয়ে বিশ্বৰ বজাৰত ভাৰতীয় এপ শক্তিশালী ৰূপত তুলি ধৰাৰ আশা ব্যক্ত কৰে।

কেনে ধৰণৰ এপ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত আগবাঢ়িব, প্ৰধানমন্ত্ৰীয়ে বহু কেইটা মন্তব্য কৰিছে। প্ৰধানমন্ত্ৰীৰ মতে,

  • পুনৰ বহুল ভাবে জনপ্ৰিয় খেলৰ এপ ভাৰতীয় এপৰ জৰিয়তে উপলব্ধ কৰাব পাৰে।

  • সঠিক বয়সৰ বাবে খেল আৰু লিখা-পঢ়াৰ লগত জড়িত এপ তৈয়াৰ হ’ব পাৰে।

  • তৈয়াৰ কৰা হ’ব পাৰে এনে এপ, যি কেৰিয়াৰ কাউঞ্চিলিঙত সহায়ক হ’ব।

First published: July 4, 2020, 8:12 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি