প্ৰধানমন্ত্ৰী মোদীয়ে জাৰি কৰিলে ১০০টকীয়া মুদ্ৰা, জানক এই বিশেষ মুদ্ৰাৰ বিষয়ে

News18 Assam | News18-Assam
Updated:October 12, 2020, 1:17 PM IST
প্ৰধানমন্ত্ৰী মোদীয়ে জাৰি কৰিলে ১০০টকীয়া মুদ্ৰা, জানক এই বিশেষ মুদ্ৰাৰ বিষয়ে
প্ৰধানমন্ত্ৰী মোদীয়ে আজি ১০০টকাৰ এক স্মৃতি মুদ্ৰা জাৰি কৰে। প্ৰধানমন্ত্ৰী মোদীৰ দ্বাৰা এই মুদ্ৰা বিজয়া ৰাজে সিন্ধিয়াৰ (Vijaya Raje Scindia) সন্মানাৰ্থে জাৰি কৰা হৈছে। বিত্ত মন্ত্ৰালয়ৰ তৰফৰ পৰা জাৰি কৰা এই ১০০টকীয়া মুদ্ৰাৰ দুয়োফালে বিশেষ ডিজাইন আছে।

প্ৰধানমন্ত্ৰী মোদীয়ে আজি ১০০টকাৰ এক স্মৃতি মুদ্ৰা জাৰি কৰে। প্ৰধানমন্ত্ৰী মোদীৰ দ্বাৰা এই মুদ্ৰা বিজয়া ৰাজে সিন্ধিয়াৰ (Vijaya Raje Scindia) সন্মানাৰ্থে জাৰি কৰা হৈছে। বিত্ত মন্ত্ৰালয়ৰ তৰফৰ পৰা জাৰি কৰা এই ১০০টকীয়া মুদ্ৰাৰ দুয়োফালে বিশেষ ডিজাইন আছে।

  • Share this:
নতুন দিল্লীঃ প্ৰধানমন্ত্ৰী মোদীয়ে আজি এক ভাৰ্চুৱেল কাৰ্যসূচীৰ মাধ্যমত ১০০টকাৰ স্মৃতি মুদ্ৰা (Rs 100 Coin) জাৰি কৰে। প্ৰধানমন্ত্ৰী মোদীৰ দ্বাৰা জাৰি কৰা এই মুদ্ৰা বিজয়া ৰাজে সিন্ধিয়াৰ (Vijaya Raje Scindia) সন্মানাৰ্থে জাৰি কৰা হৈছে। বিজয়া ৰাজে সিন্ধিয়াক গোৱালিয়াৰৰ ৰাজমাতা হিচাপে জনা হয়। ১০০টকাৰ এই মুদ্ৰা বিজয়া ৰাজে সিন্ধিয়াৰ জন্ম শতাব্দীৰ উপলক্ষ্যত জাৰি কৰা হৈছে। ১০০টকাৰ এই স্মৃতি মুদ্ৰা বিত্ত মন্ত্ৰালয়ৰ (Ministry of Finance) দ্বাৰা প্ৰস্তুত কৰা হৈছে। প্ৰধানমন্ত্ৰী মোদীৰ লগতে এই মুদ্ৰা জাৰি কৰা কাৰ্যসূচীৰ অংশীদাৰ হয় পৰিয়ালৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ লোক।

দেখাত কেনে হ’ব এই ১০০টকীয়া মুদ্ৰা?

বিত্ত মন্ত্ৰালয়ৰ তৰফৰ পৰা জাৰি কৰা ১০০টকীয়া মুদ্ৰাৰ দুয়োফালে বিশেষ ডিজাইন আছে। এফালে ৰাজমাতা বিজয়া ৰাজে সিন্ধিয়াৰ ফটো আছে। ওপৰত হিন্দীত ‘শ্ৰীমতি বিজয়া ৰাজে সিন্ধিয়াৰ জন্ম শতাব্দী’ লিখা আছে। তলত এইখিনি কথা ইংৰাজীত লিখা আছে। মুদ্ৰাৰ এই ফালেই তেওঁৰ জন্ম চন ১৯১৯ আৰু জন্ম শতাব্দী ২০১৯ লিখা আছে। মুদ্ৰাৰ দ্বিতীয়ফালে হিন্দী আৰু ইংৰাজী ভাষাত ভাৰত লিখা আছে। মুদ্ৰাৰ দ্বিতীয়ফালে অশোক স্তম্ভ বনোৱা আছে। তলত লিখা আছে ১০০টকা।

বিজেপিৰ সংস্থাপক সদস্যৰ অন্যতম ৰাজমাতা বিজয়ৰাাজে সিন্ধিয়া জনসংঘৰ নেত্ৰী আছিল। প্ৰৱল হিন্দুত্ববাদী  আদৰ্শৰে পৰিচালিত তথা বিজেপিৰ অগ্ৰণী নেতাৰ অন্যতম আছিল তেওঁ। ৰাজস্থানৰ পূৰ্বৰ মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজে সিন্ধিয়া আৰু মধ্যপ্ৰদেশৰ কেবিনেট মন্ত্ৰী য়শোধৰা ৰাজে সিন্ধিয়া বিজয়া ৰাজে সিন্ধিয়াৰ কন্যা। ৰাজ্যসভাৰ সাংসদ জ্যোতিৰাদিত্য সিন্ধিয়া তেওঁৰ নাতি।

প্ৰধানমন্ত্ৰী মোদীয়ে এই মুদ্ৰা জাৰি কৰাৰ পিছতে মধ্যপ্ৰদেশৰ কেবিনেট মন্ত্ৰী য়শোধৰা ৰাজে সিন্ধিয়াই তেওঁক ধন্যবাদ জনাই টুইট কৰে।


লগতে নিজৰ ভগ্নী বসুন্ধৰা ৰাজে সিন্ধিয়াকো তাত টেগ কৰে।
First published: October 12, 2020, 1:17 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading