লোকসভা টিভি আৰু ৰাজ্যসভা টিভিক একেলগ কৰি কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰা নতুন টিভি চেনেল সংসদ টিভিত (Sansad TV) কংগ্ৰেছৰ শশী থাৰুৰে পৰিচালনা কৰিব এটা অনুষ্ঠান । ‘To The Point’ নামৰ অনুষ্ঠানটোত বিভিন্ন খণ্ডৰ তাৰকা ব্যক্তিৰ সাক্ষাৎকাৰ গ্ৰহণ কৰিব কংগ্ৰেছ সাংসদগৰাকীয়ে ।
আনহাতে শিৱ সেনাৰ সাংসদ প্ৰিয়ংকা চতুৰ্বেদীয়ে আঁত ধৰিব ‘মেৰী কাহিনী’ নামৰ আন এটা অনুষ্ঠান । শশী থাৰুৰৰ অনুষ্ঠানটো ইংৰাজী ভাষাৰ হোৱাৰ বিপৰীতে চতুৰ্বেদীয়ে হিন্দী ভাষাত অনুষ্ঠানটো পৰিচালনা কৰিব । কিন্তু দুয়ো গৰাকীৰ কোনো ধৰণৰ ৰাজনৈতিক বিষয়ৰ অৱতাৰণা কৰিব নোৱাৰিব । প্রাক্তন সাংসদ আৰু বৰ্ষীয়ান কংগ্ৰেছ নেতা কৰণ সিঙে 'একম সৎ' নামৰ ধৰ্ম আৰু আধ্যাত্মিক চিন্তাৰ এটা অনুষ্ঠানৰ আঁত ধৰিব ।
উল্লেখযোগ্য যে, বুধবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উপ ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু আৰু লোকসভা অধ্যক্ষ ওম বিৰলাৰ উপস্থিতিত নতুন টিভি চেনেলটো মুকলি কৰে । বৈদ্যুতিন প্ৰতিষ্ঠানটো মুকলি কৰি প্ৰধানমন্ত্ৰীয়ে কয় - নতুন টিভি চেনেলটোৱে সংসদীয় পৰিক্ৰমাক দেশৰ জনগণৰ মাজলৈ লৈ যাব । তেওঁ লগতে কয় – “সংবাদ মাধ্যমৰ লোক সকলে ‘Content is King' বুলি কৈ থাকে; কিন্তু মই অভিজ্ঞতাৰ পৰা কওঁ ‘Content is connect’ আৰু এই কথা গণতন্ত্ৰ আৰু সংবাদ মাধ্যম দুইটাতেই প্ৰযোজ্য ।“ আনহাতে উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডুয়ে এই নতুন প্ৰতিষ্ঠানটোৱে জন প্ৰতিনিধি আৰু জনতাৰ মাজত এক অৰ্থপূৰ্ণ সংবাদৰ সাঁকো স্থাপন কৰিব বুলি মন্তব্য কৰে ।
নতুন প্ৰতিষ্ঠানটো জন্ম দিয়াৰ প্ৰক্ৰিয়াত জড়িত থকা বিষয়াসকলে জনোৱা মতে অতি সম্প্ৰতি ৬০টা নতুন অনুষ্ঠানৰ পৰিকল্পনা কৰা হৈছে । অনুষ্ঠানবোৰত মূলতঃ সংসদীয় পৰিক্ৰমা, বিভিন্ন বিধান সভা সমূহৰ কাৰ্যক্ৰমণিকা, গণতান্ত্ৰিক প্ৰমূল্য তথা আন দেশৰ গণতান্ত্ৰিক ব্যৱস্থা সমূহ আলোকপাত কৰা হ’ব । উল্লেখযোগ্য যে, NITI আয়োগৰ মুখ্য কাৰ্যকৰী বিষয়া অমিতাভ কান্তে ‘Transforming India' শীর্ষক এটা অনুষ্ঠানৰ আঁত ধৰিব । এই অনুষ্ঠানটোত তেওঁ ভাৰতৰ উন্নয়ন যাত্ৰাৰ এক আভাষ ডাঙি ধৰিব ।
Published by: Kokil Sarma
FIRST PUBLISHED : September 16, 2021, 15:01 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।