ভেকচিন দিয়াৰ সময়ত নাৰ্ছক মোদীৰ প্ৰশ্ন - পশুক দিয়া বেজী ব্যৱহাৰ কৰা হৈছে নেকি?

মাৰ্চৰ ১ তাৰিখ পৰা ৬০ বছৰৰ উৰ্ধ্বৰ আৰু ৪৫ বছৰৰ ওপৰৰ ৰোগাক্ৰান্ত লোকক প্রতিষেধক প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে।
মাৰ্চৰ ১ তাৰিখ পৰা ৬০ বছৰৰ উৰ্ধ্বৰ আৰু ৪৫ বছৰৰ ওপৰৰ ৰোগাক্ৰান্ত লোকক প্রতিষেধক প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে।
- News18 Assam
- Last Updated: March 2, 2021, 6:30 PM IST
প্রধানমন্ত্ৰীগৰাকীয়ে প্রতিষেধক ল’বলৈ ধৰোতেই এক আমোদজনক ঘটনা ঘটে। চিষ্টাৰ নিবেদিতাই প্রতিষেধকৰ বেজীটো দিবলৈ ধৰোতেই প্ৰধানমন্ত্ৰীয়ে প্রশ্ন কৰে – “এইটো পশুক দিয়া বেজী নহয়টো?” প্ৰধানমন্ত্ৰীৰ এনে প্রশ্নৰ অপ্ৰস্তুত নিবেদিতাই উত্তৰ দিয়ে “নহয়।’’ এইবাৰ প্ৰধানমন্ত্ৰীয়ে কয় – “ৰাজনৈতিক নেতাৰ ছাল ডাঠ বুলি ধৰা হয় কাৰণে সুধি ল’লো।“ প্ৰধানমন্ত্ৰীৰ এনে ৰসিক মন্তব্যত হাঁহি ৰখাব নোৱাৰিলে কোঠাত উপস্থিত থকা লোকসকলে। দিল্লী পৰা প্ৰকাশিত ইংৰাজী দৈনিক ইণ্ডিয়ান এক্সপ্ৰেছৰ আজিৰ সংস্কৰণত প্ৰকাশ পাইছে এই ঘটনা। প্ৰধানমন্ত্ৰীয়ে পূৰ্বেও বহুবাৰ এনে ব্যংগাত্মক মন্তব্য কৰি হাঁহিৰ খোৰাক প্ৰদান কৰাৰ উদাহৰণ আছে।
মাৰ্চৰ ১ তাৰিখ পৰা ৬০ বছৰৰ উৰ্ধ্বৰ আৰু ৪৫ বছৰৰ ওপৰৰ ৰোগাক্ৰান্ত লোকক প্রতিষেধক প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। এই দুই চৰ্ত পূৰণ কৰাসকলে প্রতিষেধক ল’বলৈ CoWin মোবাইল এপত নতুবা একে নামৰ ৱেবছাইটত পঞ্জীয়ন কৰাৰ নিয়ম। প্ৰথম দিনাই প্ৰায় ২৫লক্ষ লোকে পঞ্জীয়ন কৰিছে। প্ৰথম দিনা ১ লাখ ৪৬ হাজাৰ লোকক ভেকচিন প্ৰদান কৰা হয়।