• Home
  • »
  • News
  • »
  • nation
  • »
  • Khadi Utsav: মহাত্মা গান্ধীয়ে সূতা কটা যঁতৰত সূতা কাটিলে প্ৰধানমন্ত্ৰী মোদীয়ে

Khadi Utsav: মহাত্মা গান্ধীয়ে সূতা কটা যঁতৰত সূতা কাটিলে প্ৰধানমন্ত্ৰী মোদীয়ে

Khadi Utsav|PM Narendra Modi: ভাৰতৰ স্বাধীনতা সংগ্ৰামত খাদীৰ গুৰুত্বক আলোকপাত কৰিবলৈ কেন্দ্ৰৰ ‘আজাদি কা অমৃত মহোৎসৱ’ৰ অংশ হিচাপে ‘খাদী উৎসৱ’ৰ আয়োজন কৰা হৈছে।

  • Share this:
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (PM Narendra Modi)য়ে শনিবাৰে আহমেদাবাদৰ অটল সেতু (Atal Bridge) উদ্বোধন কৰি গুজৰাট ভ্ৰমণৰ দুদিনীয়া ভ্ৰমণ আৰম্ভ কৰাৰ সময়তে সবৰমতী নদীৰ পাৰত অনুষ্ঠিত ‘খাদী উৎসৱ’ (Khadi Utsav)ত অংশগ্ৰহণ কৰে। তেওঁ আৰু মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে খাদী অনুষ্ঠানত অংশ লৈছিল, য’ত প্ৰধানমন্ত্ৰীয়ে যঁতৰত হাত ফুৰাইছিল। এই 'খাদী উৎসৱ’ত ৰাজ্যখনৰৰ বিভিন্ন জিলাৰ ৭৫০০ মহিলা শিপিনীয়ে একেলগে যঁতৰত সূতা কাটিছিল।

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ’খাদী আত্মনিৰ্ভৰশীলতাৰ প্ৰতীক আৰু স্বাধীনতা আন্দোলনৰ সময়ত এক চাবলগীয়া শক্তি আছিল। কাৰণ ই “দাসত্বৰ শিকলি ভাঙি পেলাইছিল” ভাৰতক উন্নত আৰু আত্মনিৰ্ভৰশীল কৰি তোলাৰ বাবে এই খাদীয়েই প্ৰেৰণা হ’ব পাৰে।’-এটা সভাত ভাষণ দি তেওঁ কয়।

উল্লেখ্য যে ভাৰতৰ স্বাধীনতা সংগ্ৰামত খাদীৰ গুৰুত্বক আলোকপাত কৰিবলৈ কেন্দ্ৰৰ ‘আজাদি কা অমৃত মহোৎসৱ’ৰ অংশ হিচাপে ‘খাদী উৎসৱ’ৰ আয়োজন কৰা হৈছে।

মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলৰ সৈতে গুজৰাটৰ বিভিন্ন জিলাৰ ৭৫০০ গৰাকী মহিলা শিপিনীৰ সৈতে যোগ দি এক লাইভ অনুষ্ঠানত যঁতৰত সূতা কাটিবলৈ প্ৰয়াস কৰিছিল কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে। তেওঁ কয় যে ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে কেন্দ্ৰৰ ফ্লেগশ্বিপ পদক্ষেপ ‘আজাদি কা অমৃত মহোৎসৱ’ উপলক্ষে মহিলাসকলে ইতিহাস সৃষ্টি কৰিছে। ‘স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে ৭৫০০ গৰাকী ভগ্নী-কন্যাই যঁতৰত সূতা কাটি ইতিহাস সৃষ্টি কৰিছিল। ঘূৰণীয়া যঁতৰটোৱে মোক শৈশৱৰ দিনলৈ লৈ গ’ল।’-তেওঁ লগতে কয়।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি