দেশৰ ৭৪সংখ্যক গণৰাজ্য দিৱসত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক শুভেচ্ছা জনাইছে। মোদীয়ে কয় যে এইবাৰ গণৰাজ্য দিৱসৰ অনুষ্ঠান আৰু অধিক বিশেষ, কাৰণ দেশৰ স্বাধীনতাৰ “অমৃত মহোৎসৱ”ৰ সময়ত এই অনুষ্ঠানটো উদযাপন কৰা হৈছে।
গণৰাজ্য দিৱসৰ শুভেচ্ছাৰ সমান্তৰালকৈ প্ৰধানমন্ত্ৰী মোদীয়ে টুইটাৰত সকলো ভাৰতীয়ক একতাৰ বাৰ্তাও প্ৰেৰণ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে আজি দিল্লীৰ কৰ্তব্য পথত অনুষ্ঠিত বৃহত্ গণৰাজ্য দিৱসৰ পেৰেডত উপস্থিত থাকে য’ত প্ৰায় ৬০-৬৫ হাজাৰ লোকে। যোৱা বছৰ এই ৰাজপথৰ নাম কৰ্তব্য পথৰ কৰাৰ পিছত এইবাৰেই প্ৰথম গণৰাজ্য দিৱস উদযাপন কৰা হৈছে।
गणतंत्र दिवस की ढेर सारी शुभकामनाएं। इस बार का यह अवसर इसलिए भी विशेष है, क्योंकि इसे हम आजादी के अमृत महोत्सव के दौरान मना रहे हैं। देश के महान स्वतंत्रता सेनानियों के सपनों को साकार करने के लिए हम एकजुट होकर आगे बढ़ें, यही कामना है।
Happy Republic Day to all fellow Indians!
— Narendra Modi (@narendramodi) January 26, 2023
এইবাৰ ইজিপ্তৰ ৰাষ্ট্ৰপতি আব্দেল ফাত্তাহ এল-চিছি ৭৪ সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ মুখ্য অতিথি ৰূপে উপস্থিত থকাৰ লগতে প্ৰথমবাৰৰ বাবে ইজিপ্তৰ সেনাই বিদেশী দল হিচাপে অংশগ্ৰহণ কৰিছে। এই পেৰেডত অংশগ্ৰহণ কৰিছে ইজিপ্তৰ ১৪৪ জন জোৱান।
গণৰাজ্য দিৱসত অসম, মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ, জম্মু-কাশ্মীৰকে ধৰি ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা জাতিটোৰ “চহকী সাংস্কৃতিক ঐতিহ্য, অৰ্থনৈতিক প্ৰগতি আৰু শক্তিশালী আভ্যন্তৰীণ আৰু বাহ্যিক নিৰাপত্তা”ক চিত্ৰিত কৰা বৰ্ণিল প্ৰতীকপটেৰে কৰ্তব্য পথ আলোকিত হৈছে। ২৬ জানুৱাৰীত গণৰাজ্য দিৱস উদযাপনত গৰিষ্ঠসংখ্যক প্ৰতীক পটৰ থিম হৈছে ‘নাৰী শক্তি’।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|