আকাশ বিজয়বৰ্গীয় কাণ্ডত ক্ষুব্ধ প্ৰধানমন্ত্ৰী, যাৰে পুত্ৰ নহওক দলৰ পৰা বাহিৰ কৰি দিব লাগে

বিজেপিৰ ৰাষ্ট্ৰীয় নেতা কৈলাশ বিজয়বৰ্গীয়ৰ পুত্ৰ তথা ইন্দোৰৰ বিধায়ক আকাশ বিজয়বৰ্গীয়ই পৌৰ নিগমৰ বিষয়াক বেটেৰে মাৰ ধৰ কৰিছিল। বিজেপি সংসদীয় দলৰ বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ঘটনা আৰু ইয়াক লৈ বিজেপি নেতাৰ প্ৰতিক্ৰিয়াক লৈ কঠোৰ ভাৱ প্ৰকাশ কৰিছে। 

News18-Assam
Updated:July 2, 2019, 1:26 PM IST
আকাশ বিজয়বৰ্গীয় কাণ্ডত ক্ষুব্ধ প্ৰধানমন্ত্ৰী, যাৰে পুত্ৰ নহওক দলৰ পৰা বাহিৰ কৰি দিব লাগে
বিজেপিৰ ৰাষ্ট্ৰীয় নেতা কৈলাশ বিজয়বৰ্গীয়ৰ পুত্ৰ তথা ইন্দোৰৰ বিধায়ক আকাশ বিজয়বৰ্গীয়ই পৌৰ নিগমৰ বিষয়াক বেটেৰে মাৰ ধৰ কৰিছিল। বিজেপি সংসদীয় দলৰ বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ঘটনা আৰু ইয়াক লৈ বিজেপি নেতাৰ প্ৰতিক্ৰিয়াক লৈ কঠোৰ ভাৱ প্ৰকাশ কৰিছে। 
News18-Assam
Updated: July 2, 2019, 1:26 PM IST
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিজেপিৰ মহাসচিব কৈলাশ বিজয়বৰ্গীয়ৰ পুত্ৰ আকাশ বিজয়বৰ্গীয়ৰ ঘটনাক লৈ কঠোৰ উপদেশ প্ৰদান কৰিছে। ইন্দোৰৰ বিজেপি বিধায়ক আকাশ বিজয়বৰ্গীয়ই বেটেৰে নগৰ নিগমৰ বিষয়াক বেয়াকৈ মাৰ পিট কৰা ঘটনাক লৈ প্ৰধানমন্ত্ৰী মোদীৰ স্পষ্ট মন্তব্য,
পুত্ৰ যাৰে নহওক, এনে আচৰণ সহ্য কৰা নহ’ব।
প্ৰধানমন্ত্ৰীয়ে মঙলবাৰে বিজেপিৰ সংসদীয় দলৰ বৈঠকত এই কথা কয়।

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, যিসকল লোকে এই ঘটনাত জামিনত মুক্তি লাভ কৰা আকাশ বিজয়বৰ্গীয়ক স্বাগতম জনাইছে, তেওঁলোকৰ দলত থকাৰ অধিকাৰ নাই, সকলোকে দলৰ পৰা ওলিয়াই দিব লাগে। সূত্ৰত প্ৰকাশিত তথ্য অনুসৰি প্ৰধানমন্ত্ৰী মোদীয়ে আকাশ বিজয়বৰ্গীয় ঘটনাত কঠোৰ স্থিতি প্ৰকাশ কৰি কয় যে
এই ধৰণৰ ঘটনা আকৌ এবাৰ হ’ব নালাগে। এয়া দলৰ আৰু দেশৰ হিতৰ কাৰণে বেয়া।


শণিবাৰে লাভ কৰিছিল জামিন

ভূপালৰ বিশেষ আদালতত শণিবাৰে আকাশ বিজয়বৰ্গীয়ই জামিন লাভ কৰিছিল। ইয়াৰ পিছত দেওবাৰে তেওঁ ইন্দোৰৰ কাৰাগাৰৰ পৰা মুক্তি লাভ কৰিছিল। মুকলি হৈয়ে আকাশ বিজয়বৰ্গীয়ই কৈছিল যে,
মই ভগৱানক প্ৰাৰ্থনা জনাইছো যাতে মই আকৌ এবাৰ বেটৰ ব্যৱহাৰ কৰিবলগীয়া নহয়। এতিয়া গান্ধীজীয়ে দেখুৱা বাটেৰে আগবাঢ়িম।


কৈলাশ বিজয়বৰ্গীয়ই পুত্ৰক ৰক্ষণা বেক্ষণ দিছিল

বিধায়ক পুত্ৰই কৰা এই কাণ্ডক ৰক্ষণা বেক্ষণ দিছিল বিজেপিৰ মহাসচিব কৈলাশ বিজয়বৰ্গীয়ই। তেওঁ আকাশক কেঁচা খেলুৱৈ আখ্যা দিছিল। কৈলাশ বিজয়বৰ্গীয়ই কয়,
এয়া অত্যন্ত দুৰ্ভাগ্যপূৰ্ণ। মোৰ অনুভৱ হৈছে আকাশ আৰু নগৰ নিগমৰ কমিছনাৰ দুয়োজনেই কেঁচা খেলুৱৈ। এইটো ডাঙৰ ঘটনা নাছিল কিন্তু ডাঙৰ কৰি পেলোৱা হ’ল। বিষয়াসকল অহংকাৰী হ’ব নালাগে। জনপ্ৰতিনিধিসকলৰ সৈতে তেওঁলোকে কথা পতা উচিত। মই ইয়াৰ অভাৱ দেখা পাইছো। দুয়োজনেই বুজি পোৱা উচিত যাতে এনেধৰনৰ ঘটনা আকৌ এবাৰ হ’বলৈ নাপায়।


সম্পূৰ্ণ ঘটনা কি আছিল?

২৬জুনত নিগমৰ বিষয়া ধীৰেন্দ্ৰ বয়চে টীমৰ সৈতে জৰাজীৰ্ণ ঘৰ ভাঙিবলৈ উপস্থিত হৈছিল। এই সময়তে আকাশ বিজয়বৰ্গীয় তালৈ আহে আৰু দলক একো চোৱা চিতা নকৰাকৈ উভতি যাবলৈ কয়। কিন্তু অধিকাৰীসকলে নিজৰ কাৰ্য অব্যাহত ৰাখে আৰু তেতিয়াই আকাশে বেটেৰে বিষয়াজনক উপৰ্যুপৰি প্ৰহাৰ কৰে। এই পিটনৰ ফলত বয়চৰ অৱস্থা বেয়া হৈ পৰে আৰু তেওঁ বহুকেইটা আভ্যন্তৰীণ আঘাত পাইছে। বৰ্তমান তেওঁ চিকিৎসালয়ত চিকিৎসাধীন।
আৰু চাওক পৰৱৰ্তী বাতৰি