বিজয়া দশমীত পঞ্জাবত ৰাৱণৰ পুত্তলিকাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মুখাৱয়বৰ ফটো লগাই জ্বলোৱা কাৰ্যই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। বিজেপিয়ে ইয়াৰ আঁৰত কংগ্ৰেছৰ ষড়যন্ত্ৰ থকাৰ অভিযোগ তুলিছে। বিজেপিৰ সভাপতি জে পি নাড্ডাই কয় যে পঞ্জাবত যি হৈ আছে সেয়া ৰাহুল গান্ধীৰ নিৰ্দেশত কৰা হৈ আছে। নাড্ডাই কয় যে এনে ধৰণৰ ঘটনা লজ্জাজনক কিন্তু অনাকাংক্ষিত নহয়।
ইয়াৰ পূৰ্বে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে টুইট কৰি কয় যে পঞ্জাবত যি হ’ল সেয়া দুখজনক। প্ৰধানমন্ত্ৰীৰ প্ৰতি পঞ্জাবৰ কৃষকৰ ক্ষোভ বৃদ্ধি পাইছে। এয়া এক বিপজ্জনক সংকেত আৰু দেশৰ বাবে ভাল নহয়। প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ ওচৰলৈ যোৱা উচিত, তেওঁলোকৰ কথা শুনা উচিত আৰু তেওঁলোকক শীঘ্ৰে ৰেহাই দিব লাগে।
উল্লেখযোগ্য যে দেওবাৰে পঞ্জাবত একাংশ লোকে ৰাৱণৰ পুত্তলিকাত প্ৰধানমন্ত্ৰী মোদীৰ মুখাৱয়বৰ ফটো লগাই দাহ কৰিছিল। এই ঘটনাৰ তথ্য লাভ কৰাৰ পিছতে বিজেপিয়ে কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি লৈছে।
The Rahul Gandhi-directed drama of burning PM’s effigy in Punjab is shameful but not unexpected. After all, the Nehru-Gandhi dynasty has NEVER respected the office of the PM. This was seen in the institutional weakening of the PM’s authority during the UPA years of 2004-2014.