আমোলাক ধমক প্ৰধানমন্ত্ৰী মোদীৰ, দেশৰ উন্নয়নৰ বাবে দিব পৰা নাই সময় উপযোগী পৰামৰ্শ

News18 Assam | News18-Assam
Updated:January 9, 2020, 6:58 PM IST
আমোলাক ধমক প্ৰধানমন্ত্ৰী মোদীৰ, দেশৰ উন্নয়নৰ বাবে দিব পৰা নাই সময় উপযোগী পৰামৰ্শ
বাজেট দাখিলৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে অৰ্থনীতিবিদ, নিটি আয়োগৰ বিষয়াৰে ভাগ লয় বৈঠকত

বাজেট দাখিলৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে অৰ্থনীতিবিদ, নিটি আয়োগৰ বিষয়াৰে ভাগ লয় বৈঠকত

  • Share this:
১ ফেব্ৰুৱাৰীত বিত্তমন্ত্ৰীয়ে সংসদত দাখিল কৰিব বিত্তীয় বাজেট। বাজেট দাখিলৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাগ লৈছে ইখনৰ পিছত সিখন বৈঠকত। ক্ৰমাৎ নিম্নগামী হোৱা ভাৰতৰ অৰ্থনীতি কিদৰে আকৌ সঠিক পথলৈ ঘূৰাই আনিব পাৰি সেই লৈ চিন্তিত প্ৰধানমন্ত্ৰী মোদী। বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অৰ্থনীতিবিদ, নিটি আয়োগৰ বিষয়াৰে এখন বৈঠকত ভাগ লয়।

ইয়াৰ পূৰ্বে মন্ত্ৰীসভাৰ সদস্য তথা মন্ত্ৰ্যণালয়ৰ সচিবসকলৰ সৈতেও প্ৰধান মন্ত্ৰী গৰাকী বৈঠকত মিলিত হয়। বৈঠকত দেশক আগুৱাই নিয়াৰ ক্ষেত্ৰত আমোলা সকলৰ পৰাও পৰামৰ্শ বিচাৰে প্ৰদানমন্ত্ৰীগৰাকীয়ে। কিন্তু দেশৰ উন্নয়নৰ বাবে সঠিক আঁচনি দাঙি ধৰিব নোৱাৰিলে বহু আমোলাই। ফলত বহু আমোলাই প্ৰধানমন্ত্ৰী মোদীৰ পৰা ধমক শুনিবলগীয়া হয়।
আৰু চাওক
পৰৱৰ্তী বাতৰি