মুখ্যপৃষ্ঠা »খবৰ »দেশ »ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্নৰ শক্তিকান্ত দাসক অভিনন্দন প্ৰধানমন্ত্ৰী মোদীৰ

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্নৰ শক্তিকান্ত দাসক অভিনন্দন প্ৰধানমন্ত্ৰী মোদীৰ

'গৱৰ্নৰ অৱ দ্য ইয়াৰ' বঁটা প্ৰদান কৰা হৈছে শক্তিকান্ত দাসক

'গৱৰ্নৰ অৱ দ্য ইয়াৰ' বঁটা প্ৰদান কৰা হৈছে শক্তিকান্ত দাসক

'গৱৰ্নৰ অৱ দ্য ইয়াৰ' বঁটা প্ৰদান কৰা হৈছে শক্তিকান্ত দাসক

  • Share this:
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্নৰ শক্তিকান্ত দাসক আন্তঃৰাষ্ট্ৰীয় আলোচনী ‘চেণ্ট্ৰেল বেংকিং’ৰ দ্বাৰা ‘গৱৰ্নৰ অৱ দ্য ইয়াৰ' বঁটাপ্ৰাপ্তিৰ বাবে অভিনন্দন জনায়। এই বঁটা শক্তিকান্ত দাসক ১৫ মাৰ্চত প্ৰদান কৰা হয়।

''আমাৰ দেশৰ বাবে অতি গৌৰৱৰ বিষয় যে ৰিজাৰ্ভ বেংকৰ গৱৰ্নৰ শ্ৰী শক্তিকান্ত দাসজীক চেণ্ট্ৰেল বেংকিং বঁটা ২০২৩ অনুসৰি 'গৱৰ্নৰ অৱ দ্য ইয়াৰ' বঁটা প্ৰদান কৰা হৈছে। তেওঁক অভিনন্দন।’ -বৃহস্পতিবাৰে সন্ধিয়া প্ৰধানমন্ত্ৰীয়ে এই টুইট কৰে।

শক্তিকান্ত দাসক সুপৰিচালনা আৰু তেওঁৰ কাৰ্যকালত উদ্ভৱ হোৱা কেইবাটাও সংকটৰ নেতৃত্ব প্ৰদানৰ বাবে সন্মানিত কৰা হয়।

বঁটা প্ৰদানকাৰী সংস্থাটোৰ মতে, আৰ বি আইৰ গৱৰ্নৰগৰাকীয়ে গুৰুত্বপূৰ্ণ সংস্কাৰৰ ভিত্তি শক্তিশালী কৰিছে, বিশ্বৰ আগশাৰীৰ পেমেণ্ট উদ্ভাৱনৰ তদাৰক কৰিছে আৰু কঠিন সময়ৰ মাজেৰে ভাৰতক পৰিচালিত কৰিছে।

উল্লেখ্য, ২০১৮ চনৰ ডিচেম্বৰ মাহত আৰ বি আইৰ গৱৰ্নৰ ৰূপে দাসে দায়িত্ব গ্ৰহণ কৰিছিল।

শেহতীয়া বাতৰি