১৭ মে’ৰ পিছত কি? নতুনকৈ কোনো জিলা অন্তৰ্ভুক্ত হ’ব নেকি ৰে’ড বা অৰেঞ্জ জ’নত? কাইলৈ মুখ্যমন্ত্ৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

News18 Assam | News18-Assam
Updated:May 10, 2020, 3:03 PM IST
১৭ মে’ৰ পিছত কি? নতুনকৈ কোনো জিলা অন্তৰ্ভুক্ত হ’ব নেকি ৰে’ড বা অৰেঞ্জ জ’নত? কাইলৈ মুখ্যমন্ত্ৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক
সোমবাৰে বিয়লি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেঞ্চিঙৰ জৰিয়তে ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে বৈঠকত মিলিত হ’ব।

সোমবাৰে বিয়লি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেঞ্চিঙৰ জৰিয়তে ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে বৈঠকত মিলিত হ’ব।

  • Share this:
তৃতীয় পৰ্যায়ৰ ল’ক ডাউন অহা ১৭ মে’ত অন্ত পৰিব। ইয়াৰ পিছত চৰকাৰে কি পৰিকল্পনা গ্ৰহণ কৰিব? সোমবাৰে বিয়লি ৩ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে বৈঠকত মিলিত হ’ব। বৈঠকত প্ৰধানমন্ত্ৰীৰ উপৰিও গৃহমন্ত্ৰী অমিত শ্বাহ, স্বাস্থ্যমন্ত্ৰী ডা০ হৰ্ষ বৰ্ধন, মুখ্য সচিবসকল, গৃহ বিভাগৰ সচিবসকল, স্বাস্থ্য সচিব সকলেও অংশ ল’ব।

ল’ক ডাউন শিথিল কৰাৰ পিছত এতিয়া দেশত দ্ৰুত গতিত বৃদ্ধি পাইছে কোৰোণাত আক্ৰান্তৰ সংখ্যা। গতিকে বৈঠকতে ল’ক ডাউন বৃদ্ধি বা শিথিলকৰণ, দেশৰ অৰ্থনীতি, নতুনকৈ অৰেঞ্জ জ’ন বা ৰেড জ’নত কোনো জিলা অন্তৰ্ভুক্ত হ’ব নেকি? এই আটাইবোৰ দিশত বিশদ ভাবে আলোচনা কৰাৰ সম্ভাৱনা আছে।

উল্লেখ্য যে, কাইলৈৰ বৈঠকৰ পিছতে এক নিৰ্দিষ্ট সিদ্ধান্তত উপনীত হ’ব বুলি আশা কৰিব পৰা যায়।
First published: May 10, 2020, 3:03 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি