• Home
  • »
  • News
  • »
  • nation
  • »
  • Morbi Bridge Accident : গুজৰাটৰ ওলমা দলং দুৰ্ঘটনাত মৃতকৰ পৰিয়াললৈ প্ৰধানমন্ত্ৰী মোদী আৰু মুখ্যমন্ত্ৰী পেটেলৰ সাহায্য ঘোষণা

Morbi Bridge Accident : গুজৰাটৰ ওলমা দলং দুৰ্ঘটনাত মৃতকৰ পৰিয়াললৈ প্ৰধানমন্ত্ৰী মোদী আৰু মুখ্যমন্ত্ৰী পেটেলৰ সাহায্য ঘোষণা

দেওবাৰে সন্ধিয়া মৰবিৰ মচ্ছু নদীৰ ওপৰত এখন শতিকা পুৰণি ওলমা দলং খহি পৰাত কমেও ৪৫জন লোকৰ মৃত্যু

দেওবাৰে সন্ধিয়া মৰবিৰ মচ্ছু নদীৰ ওপৰত এখন শতিকা পুৰণি ওলমা দলং খহি পৰাত কমেও ৪৫জন লোকৰ মৃত্যু

দেওবাৰে সন্ধিয়া মৰবিৰ মচ্ছু নদীৰ ওপৰত এখন শতিকা পুৰণি ওলমা দলং খহি পৰাত কমেও ৪৫জন লোকৰ মৃত্যু

  • Share this:
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে গুজৰাটৰ মৰবি জিলাত ওলোমা দলং ভাগি প্ৰাণ হেৰুওৱা লোকৰ পৰিয়াললৈ ২ লাখ টকাকৈ সাহায্য ঘোষণা কৰে। একে সময়তে ৰাজ্যৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ সিং পেটেলে মৃতকৰ আত্মীয়ক ৪ লাখ টকাকৈ সাহায্য দিয়াৰ কথা ঘোষণা কৰাৰ বিপৰীতে আহতসকলৰ বাবে ৫০ হাজাৰ টকাকৈ সাহায্য প্ৰদানৰ কথা ঘোষণা কৰিছে।

দেওবাৰে সন্ধিয়া মৰবিৰ মচ্ছু নদীৰ ওপৰত এখন শতিকা পুৰণি ওলমা দলং খহি পৰাত কমেও ৪৫জন লোকৰ মৃত্যু হোৱা বুলি স্থানীয় বিষয়াসকলে জানিবলৈ দিয়ে। বিষয়াসকলে জনোৱা মতে, দলঙৰ ওপৰত থিয় হৈ থকা কেইবাজনো লোক নদীত পৰি যায়। তেওঁ জনোৱা মতে, অচেতন অৱস্থাত ৫০ জনতকৈ অধিক লোকক চৰকাৰী চিকিৎসালয়লৈ অনা হয়।

এই দুৰ্ঘটনা সন্দৰ্ভত প্ৰধানমন্ত্ৰী কাৰ্যালয়ে কৰা এক টুইটত কোৱা হৈছে যে প্ৰধানমন্ত্ৰী মোদীয়ে গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল আৰু অন্যান্য বিষয়াসকলৰ সৈতেও এই ঘটনা সন্দৰ্ভত কথা পাতে। পিএমঅ’ৰ মতে, তেওঁ উদ্ধাৰ অভিযানৰ বাবে শীঘ্ৰে উদ্ধাৰকাৰী দল নিয়োগ কৰিবলৈ নিৰ্দেশ দিয়ে।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি