অনুচ্ছেদ ৩৭০ : কাশ্মীৰ প্ৰসংগক লৈ আজি দেশবাসীক সম্বোধন কৰিব পাৰে প্ৰধানমন্ত্ৰী মোদীয়ে

বুধবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে দেশবাসীক সম্বোধন কৰাৰ কথা আছিল যদিও জ্যেষ্ঠ বিজেপি নেত্ৰী তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী সুষমা স্বৰাজৰ দেহাৱসানৰ বাবে স্থগিত ৰখা হৈছিল।

News18-Assam
Updated:August 8, 2019, 7:37 AM IST
অনুচ্ছেদ ৩৭০ : কাশ্মীৰ প্ৰসংগক লৈ আজি দেশবাসীক সম্বোধন কৰিব পাৰে প্ৰধানমন্ত্ৰী মোদীয়ে
বুধবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে দেশবাসীক সম্বোধন কৰাৰ কথা আছিল যদিও জ্যেষ্ঠ বিজেপি নেত্ৰী তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী সুষমা স্বৰাজৰ দেহাৱসানৰ বাবে স্থগিত ৰখা হৈছিল।
News18-Assam
Updated: August 8, 2019, 7:37 AM IST
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জম্মু–কাশ্মীৰৰ বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰি কেন্দ্ৰীয়শাসিত অঞ্চল হিচাপে বিভক্ত কৰা প্ৰসংগত দেশবাসীক সম্বোধন কৰাৰ সম্ভাৱনা আছে।

মঙলবাৰে সংবিধানৰ অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰ কৰি জম্মু–কাশ্মীৰৰ বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰা হয়। ইয়াৰ উপৰি জম্মু–কাশ্মীৰ আৰু লাডাখক দুই পৃথক কেন্দ্ৰীয়শাসিত অঞ্চল হিচাপে বিভক্ত কৰা বিধেয়ক গৃহীত হয়।

আচলতে বুধবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে দেশবাসীক সম্বোধন কৰাৰ কথা আছিল যদিও জ্যেষ্ঠ বিজেপি নেত্ৰী তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী সুষমা স্বৰাজৰ দেহাৱসানৰ বাবে স্থগিত ৰখা হৈছিল।

লোকসভা নিৰ্বাচনৰ পূৰ্বে ২৭ মাৰ্চত ভাৰতে এটা জীৱিত উপগ্ৰহ ধ্বংস কৰাৰ ক্ষমতা ঘোষণা কৰি অন্তিমবাৰ ৰাষ্ট্ৰক সম্বোধন কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে।
আৰু চাওক পৰৱৰ্তী বাতৰি