உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • 'ডাক্তৰ হ’বলৈ আমাৰ শিক্ষাৰ্থী সৰু-সৰু দেশসমূহলৈ ঢাপলি মেলিছে'- ভাৰতবৰ্ষতে ইয়াৰ বাবে বিশেষ ব্যৱস্থাগ্ৰহণৰ পোষকতা PM মোদীৰ

    'ডাক্তৰ হ’বলৈ আমাৰ শিক্ষাৰ্থী সৰু-সৰু দেশসমূহলৈ ঢাপলি মেলিছে'- ভাৰতবৰ্ষতে ইয়াৰ বাবে বিশেষ ব্যৱস্থাগ্ৰহণৰ পোষকতা PM মোদীৰ

    শনিবাৰে এখন ৱেবিনাৰত অংশগ্ৰহণ কৰি দেশৰ শিক্ষাৰ্থীসকলে চিকিৎসক হোৱাৰ সপোন বুকুত লৈ সৰু-সৰু দেশসমূহলৈ ঢাপলি মেলাৰ কার্যত উদ্বিগ্নতা প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।

    শনিবাৰে এখন ৱেবিনাৰত অংশগ্ৰহণ কৰি দেশৰ শিক্ষাৰ্থীসকলে চিকিৎসক হোৱাৰ সপোন বুকুত লৈ সৰু-সৰু দেশসমূহলৈ ঢাপলি মেলাৰ কার্যত উদ্বিগ্নতা প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।

    শনিবাৰে এখন ৱেবিনাৰত অংশগ্ৰহণ কৰি দেশৰ শিক্ষাৰ্থীসকলে চিকিৎসক হোৱাৰ সপোন বুকুত লৈ সৰু-সৰু দেশসমূহলৈ ঢাপলি মেলাৰ কার্যত উদ্বিগ্নতা প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।

    • Share this:
    চিকিৎসা বিজ্ঞানত উচ্চ শিক্ষা গ্ৰহণ কৰিব বিচৰা শিক্ষাৰ্থীসকলৰ কাৰণে দেশতে ব্যৱস্থা কৰি দিয়াৰ পোষকতা কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদীয়ে । তেওঁ চিকিৎসা বিজ্ঞানৰ খণ্ডত ব্যক্তিগত প্ৰতিষ্ঠানসমূহক বৃহৎ পৰিমাণত বিনিয়োগ কৰিবলৈ আহ্বান জনাইছে। তেওঁ ৰাজ্য চৰকাৰ সমূহকো চিকিৎসা মহাবিদ্যালয়, বিশ্ববিদ্যালয় খোলাৰ দিশত নীতিগত ভাৱে হস্তক্ষেপ কৰিবলৈ পৰামৰ্শ প্ৰদান কৰিছে ।

    চিকিৎসা খণ্ডত বাজেটত কৰা ঘোষণা সমূহৰ সন্দৰ্ভত শনিবাৰে এখন ৱেবিনাৰত অংশগ্ৰহণ কৰি দেশৰ শিক্ষাৰ্থীসকলে চিকিৎসক হোৱাৰ সপোন বুকুত লৈ সৰু-সৰু দেশসমূহলৈ ঢাপলি মেলাৰ কার্যত উদ্বিগ্নতা প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। তেওঁ কয়, 'সেই দেশসমূহৰ স্থানীয় ভাষা ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ বোধগম্য নোহোৱাৰ বাবেও সমস্যাই দেখা দিয়ে। ইয়াৰ লগতে দেশৰ পৰা এই শিক্ষাৰ্থীসকলৰ যোগেদি বহু কোটি টকা ওলাই যায়। সেয়ে তেওঁ ব্যক্তিগত খণ্ডক দেশতে চিকিৎসা শিক্ষা প্রদানত জড়িত হ’বলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত লগতে কয় যে, “ৰাজ্য চৰকাৰ সমূহেও মাটি আবণ্টন আদি কামবোৰ সুচাৰূপে সম্পন্ন কৰিবলৈ এখন নীতি কিয় প্ৰস্তুত কৰিব নোৱাৰে; যাতে দেশতেই চিকিৎসকৰ জন্ম হয়।“

    ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ পিছত ভাৰতৰ প্ৰায় ২০০০০ চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰী ইউক্ৰেইনৰ যুদ্ধ ভূমিত আৱদ্ধ হৈ পৰাৰ সময়তে প্রধানমন্ত্ৰীয়ে কৰা এই মন্তব্যই যথেষ্ট তাৎপৰ্য বহন কৰিছে। ইউক্ৰেইন পৰা ভাৰতীয়সকলক উদ্ধাৰ কৰাত  ভাৰত চৰকাৰ তৎপৰ হৈছে যদিও বহু জটিলতাৰ সন্মুখীন হৈছে। যুদ্ধৰ চাৰি দিন পিছতো উত্তৰ পূব আৰু পূব ইউক্ৰেইনত বহু ভাৰতীয় ছাত্ৰ-ছাত্ৰী আৱদ্ধ হৈ আছে। প্ৰয়োজন সাপেক্ষে তেওঁলোকে আত্মগোপন কৰিবলগীয়াও হৈছে। উদ্ধাৰ কাৰ্য চলি থকা পশ্চিম প্ৰান্তলৈ ৰেলপথ আৰু স্থলপথ বন্ধ কৰি দিয়াৰ কাৰণে ছাত্ৰ-ছাত্ৰী সকলে যোৱাত অসুবিধাৰ সৃষ্টি হৈছে ।

    কিয় ইউক্ৰেইনলৈ চিকিৎসা বিজ্ঞান পঢ়িবলৈ যায় ভাৰতীয় শিক্ষাৰ্থী ?

    ইউক্ৰেইনত ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ প্ৰথম পছন্দ হৈছে খাৰকিভত থকা খাৰকিভ নেচনেল মেডিকেল ইউনিভাৰ্ছিটী (Kharkiv National Medical University)। বেছিভাগ ভাৰতীয় ছাত্ৰ-ছাত্ৰী ইউক্ৰেইনলৈ যায় চিকিৎসা বিজ্ঞান পঢ়িবলৈ। ইউক্ৰেইনৰ  নেচনেল মেডিকেল ইউনিভাৰছিটীৰ পাঠ্যক্ৰম ভাৰতৰ MBBS পাঠ্যক্ৰমৰ দৰেই। ৫ বছৰীয়া এই পাঠ্যক্ৰমৰ সৈতে আছে ১ বছৰীয়া বাধ্যতামূলক সেৱা। ইয়াৰ উপৰিও কোনোবাই পিজি বা বিশেষজ্ঞ পাঠ্যক্ৰম পঢ়িব বিচাৰিলে আৰু ৪ বছৰ পঢ়িব পাৰে। অৰ্থাৎ মুঠ ১০ বছৰীয়া এক পাঠ্যক্ৰম।

    খাৰকিভ নেচনেল মেডিকেল ইউনিভাৰছিটীত নামভৰ্তি কৰিবলৈ কিছু সহজ। NEWS18ৰ সৈতে হোৱা এক কথা-বতৰাত ইউক্ৰেইনত পঢ়ি থকা কৰ্ণাটকৰ এজন ছাত্ৰ চেন্নাৱীৰেশে (Chennaveeresh) কয় যে, PUCত ৭৩ শতাংশ নম্বৰ লাভ কৰি সৰ্বভাৰতীয় NEET পৰীক্ষাত  ৩৭০ স্থান লাভ কৰাৰ পিছত তেওঁ ইউক্ৰেইনলৈ পঢ়িবলৈ গৈছিল। ২০২১ চনৰ ৪ অক্টোবৰত ভাৰত এৰিছিল তেওঁ। তেওঁৰ খেতিয়ক পিতৃৰ সপোন আছিল ৬ বছৰ পিছত ডাক্টৰ হৈ উভতিব তেওঁৰ কনিষ্ঠ পুত্ৰ।

    ইউক্ৰেইনত পঢ়িবলৈ যেৱাৰ প্ৰধান কাৰণ হৈছে ইয়াৰ নিম্ন খৰছ। ইউক্ৰেইনত মেডিকেল ছাত্ৰ এজনৰ পঢ়াৰ খৰচ এবছৰত ৫ৰ পৰা ৬ লাখৰ ভিতৰত হৈ যায়। ইয়াত পঢ়া খৰছ, থকা, খোৱা আৰু পকেট খৰছো সোমাই আছে। কিন্তু একেই পাঠ্য়ক্ৰম ভাৰতৰ কোনো ব্য়ক্তিগত   প্ৰতিষ্ঠানত পঢ়িবলৈ হ'লে ১৫ লাখৰ পৰা ১ কোটি টকালৈ খৰছ হয়। ইউক্ৰেইনলৈ যাওতে প্ৰথম বছৰতে VISA বা অন্য নথিৰ বাবে অলপ অতিৰিক্ত খৰছ হয় যদিও পিছৰ বছৰৰ পৰা বছৰি ৫ লাখ টকাত এজন ছাত্ৰই আৰামত পঢ়িব পাৰে।

    আনহাতে ইউক্ৰেইনৰ মেডিকেল পাঠ্যক্ৰম বিশ্ব স্বাস্থ্য পৰিষদ (World Health Council)ৰ দ্বাৰা স্বীকৃত আৰু ভাৰততো ইউক্ৰেইনৰ এই পাঠ্য়ক্ৰম স্বীকৃত আৰু Indian Medical Councilএ ইয়াক স্বীকৃতি দিছে।। কেৱল ভাৰতত  NEXT (National Exit Test) পৰীক্ষাটো দি উঠি দেশৰ যিকোনো ঠাইত ডাক্টৰী আৰম্ভ কৰিব পাৰে ইউক্ৰেইনত পঢ়ি অহা এজন ছাত্ৰই।
    Published by:Himangshu Bhuyan
    First published: