মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»PM Modi Cabinet Reshuffle: আজি সন্ধিয়া ৬ বজাত মোদী মন্ত্ৰীসভাৰ ব্যাপক সালসলনি, প্ৰধানমন্ত্ৰীৰ বাসগৃহত উপস্থিত সৰ্বানন্দ সোণোৱাল

PM Modi Cabinet Reshuffle: আজি সন্ধিয়া ৬ বজাত মোদী মন্ত্ৰীসভাৰ ব্যাপক সালসলনি, প্ৰধানমন্ত্ৰীৰ বাসগৃহত উপস্থিত সৰ্বানন্দ সোণোৱাল

News18 Assam | News18-Assam
Updated:July 7, 2021, 1:47 PM IST
PM Modi Cabinet Reshuffle: আজি সন্ধিয়া ৬ বজাত মোদী মন্ত্ৰীসভাৰ ব্যাপক সালসলনি, প্ৰধানমন্ত্ৰীৰ বাসগৃহত উপস্থিত সৰ্বানন্দ সোণোৱাল
PM Modi Cabinet Reshuffle: এই মুহূৰ্তত পোৱা খবৰ অনুসৰি, ইতিমধ্যে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত উপস্থিত হৈছে নাৰায়ণ ৰানে, কপিল পাটিল, অনুপ্ৰিয়া পাটিল।

PM Modi Cabinet Reshuffle: এই মুহূৰ্তত পোৱা খবৰ অনুসৰি, ইতিমধ্যে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত উপস্থিত হৈছে নাৰায়ণ ৰানে, কপিল পাটিল, অনুপ্ৰিয়া পাটিল।

  • Share this:
আজি সন্ধিয়া ৬ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কেবিনেটত ব্যাপক পৰিৱৰ্তন কৰা হ'ব। মধ্যপ্ৰদেশৰ জ্যোতিৰাদিত্য সিন্ধিয়া, মহাৰাষ্ট্ৰৰ নাৰায়ণ ৰাণে, ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ইতিমধ্যে উপস্থিত হৈছেগৈ দিল্লীত। ৰাজনৈতিক মহলৰ মতে, এই তিনিওগৰাকীয়ে মন্ত্ৰীসভাত স্থান লাভ কৰাটো একপ্ৰকাৰ নিশ্চিত। বিশেষ সূত্ৰৰ খবৰ অনুসৰি, বৰ্তমানৰ ৮ৰ পৰা ১০ জন মন্ত্ৰীয়ে মন্ত্ৰীসভাৰ পৰা অব্যাহতি পাব পাৰে। অন্তত আধা ডজন কেবিনেট মন্ত্ৰীৰ বিদায় প্ৰায় নিশ্চিত। নতুন মন্ত্ৰীসভাত বিভিন্ন সম্প্ৰদায়ভিত্তিত অন্তৰ্ভুক্তিকৰণ হব পাৰে। অনুসূচীত জাতিৰ পৰা আহিব পাৰে প্ৰায় ১২ জন মন্ত্ৰী। চিডিউল ট্ৰাইবৰ পৰা আহিব পাৰে ৮ জনকৈ মন্ত্ৰী।

ইতিমধ্যে প্ৰধানমন্ত্ৰী মোদীৰ বাসগৃহত উপস্থিত হৈছে সৰ্বানন্দ সোণোৱাল। প্ৰধানমন্ত্ৰীৰ বাসগৃহত উপস্থিত হৈছেগৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। মন্ত্ৰীসভা সম্প্ৰসাৰণৰ পূৰ্বে সাম্ভাব্য মন্ত্ৰীসকলৰ সৈতে বৈঠকত ভাগ ল'ব প্ৰধানমন্ত্ৰীগৰাকীয়ে।

ইতিমধ্যে আমাৰ হাতত আহি পৰা তালিকা অনুসৰি, নতুনকৈ অন্তৰ্ভুক্ত সাম্ভাব্য মন্ত্ৰীসকলৰ তালিকাত আছে-  সৰ্বানন্দ সোণোৱাল, ভূপেন্দ্ৰ যাদৱ, অনুৰাগ ঠাকুৰ, মিনাক্ষী লেখি, অনুপ্ৰিয়া পেটেল, অজয় ভাট, শুভা কাৰান্ধজালি, সুনীতা ডুগ্গা, প্ৰীতম মুণ্ডে, শান্তনু ঠাকুৰ, কপিল পাটিল, পশুপতি নাথ পৰস্থ, আৰচিপি সিং, জি কৃষ্ণা ৰেড্ডী, পৰষোত্তম ৰূপালা আৰু অশ্বিনী বৈষ্ণৱ।

আজি সন্ধিয়া ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত হ'ব শপতগ্ৰহণ। শপতবাক্য পাঠ কৰাব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে।
Published by: Himangshu Bhuyan
First published: July 7, 2021, 1:47 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি