Covid-19ৰ ভেকচিন : দেশবাসীক সম্বোধনৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত উচ্চস্তৰীয় বৈঠক

News18 Assam | News18-Assam
Updated:June 30, 2020, 6:25 PM IST
Covid-19ৰ ভেকচিন : দেশবাসীক সম্বোধনৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত উচ্চস্তৰীয় বৈঠক
Source-Google

এই বৈঠকত প্ৰধানমন্ত্ৰীগৰাকীয়ে ভেকচিন প্ৰস্তুত হোৱাৰ পাছত দেশৰ বিশাল জনগণক কেনেদৰে এই  ভেকচিন দিব পৰা যাব সন্দৰ্ভত পৰামৰ্শ আগবঢ়ায়।

  • Share this:
দেশবাসীক সম্বোধন কৰাৰ পূৰ্বে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদীয়ে অধ্যক্ষতা কৰিলে Covid-19 মহামাৰীৰ প্ৰতিষেধক প্ৰস্তুত সম্বন্ধীয় এখন পৰ্যালোচনা বৈঠকত। এই বৈঠকত প্ৰধানমন্ত্ৰীগৰাকীয়ে ভেকচিন প্ৰস্তুত হোৱাৰ পাছত দেশৰ বিশাল জনগণক কেনেদৰে এই  ভেকচিন দিব পৰা যাব সন্দৰ্ভত পৰামৰ্শ আগবঢ়ায়। প্ৰধানমন্ত্ৰীগৰাকীয়ে এই বিশাল প্ৰক্ৰিয়াত চিকিৎসা সামগ্ৰীৰ যোগান শৃংখল, বিভিন্ন চৰকাৰী প্ৰতিষ্ঠানৰে যোগসূত্ৰ,  ব্যক্তিগত আৰু বেচৰকাৰী প্ৰতিষ্ঠানক কিছু দায়িত্ব প্ৰদান আদিত গুৰুত্ব আৰোপ কৰিবলৈ পৰামৰ্শ আগবঢ়ায়।

লগতে সমাজৰ বিপদমুখী, অসুৰক্ষিত শ্ৰেণীক চিনাক্ত কৰি তেওঁলোকে যাতে  অগ্ৰাধিকাৰ পাই এই দিশতো পদক্ষেপ ল’বলৈ পৰামৰ্শ দিয়ে। চিকিৎসক, নাৰ্ছ আৰু আন স্বাস্থ্য কৰ্মীকো অগ্ৰাধিকাৰ দিবলৈ মোদীয়ে পৰামৰ্শ দিয়ে। তাৰ পিছত সাধাৰণ ৰাইজৰ কাৰণে যাতে কম মূল্যত সকলো ঠাইতে সহজে এই ভেকচিন উপলব্ধ হয় সেয়াও সুনিশ্চিত কৰিবলৈ পৰামৰ্শ দিয়ে। ভেকচিন প্ৰস্তুতৰ সমগ্ৰ প্ৰক্ৰিয়াটোৰ Real Time নিৰীক্ষণ কৰাৰো পোষকতা কৰে নৰেন্দ্র মোদীয়ে।
First published: June 30, 2020, 6:25 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading