ৰাহুল গান্ধীক কটাক্ষ কৰি প্ৰধানমন্ত্ৰী মোদীৰ মন্তব্য– কিছুমান টিউব লাইটত কাৰেণ্ট সোমাওতে দেৰি লাগেই

News18 Assam | News18-Assam
Updated:February 6, 2020, 4:07 PM IST
ৰাহুল গান্ধীক কটাক্ষ কৰি প্ৰধানমন্ত্ৰী মোদীৰ মন্তব্য– কিছুমান টিউব লাইটত কাৰেণ্ট সোমাওতে দেৰি লাগেই
লোকসভাত আজি ৰাহুল গান্ধীক নাম নোলোৱাকৈয়ে কটাক্ষ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে

লোকসভাত আজি ৰাহুল গান্ধীক নাম নোলোৱাকৈয়ে কটাক্ষ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে

  • Share this:
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে লোকসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক  ভাষণ প্ৰদান কৰে। প্ৰায় ডেৰ ঘণ্টা সময় ভাষণ দিয়া প্ৰধানমন্ত্ৰী মোদীয়ে বিৰোধীৰ বহু নেতাক আক্ৰমণৰ লক্ষ্য কৰি লয়। প্ৰত্যাশিত ভাবে ৰাহুল গান্ধীকো কটাক্ষ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, ‘কিছুমান টিউবলাইটত কাৰেণ্ট সোমাবলৈ অলপ সময় লাগেই।’

প্ৰধানমন্ত্ৰী মোদীৰ ভাষণৰ সময়ত বিৰোধী সদস্য সকলে যথেষ্ট চিঞৰ বাখৰ কৰে। ৰাহুল গান্ধীয়ে এবাৰ নিজৰ আসনৰ পৰা উঠিবলৈ লওতেই, প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, ‘ অধ্যক্ষ মহোদয়, মই ৩০ৰ পৰা ৪০ মিনিট ধৰি কৈ আছো, কিন্তু কাৰেণ্ট গৈ পাওতে পাওতে বহুত সময় লাগিছে। কিছুমান টিউৱলাইট বাৰু এনেকুৱাই হয়।’
আৰু চাওক
পৰৱৰ্তী বাতৰি