ISRO ৰ মুখ্য কাৰ্যালয়ত প্ৰধানমন্ত্ৰী মোদী– ‘এদিন আমি সফল হমেই’

‘আমি ISRO ৰ বিজ্ঞানী সকলৰ লগত আছো। হাৰ নমনাৰ বাবেই ISRO আজি বিশ্বত জিলিকিছে’

News18-Assam
Updated:September 7, 2019, 10:41 AM IST
ISRO ৰ মুখ্য কাৰ্যালয়ত প্ৰধানমন্ত্ৰী মোদী– ‘এদিন আমি সফল হমেই’
‘আমি ISRO ৰ বিজ্ঞানী সকলৰ লগত আছো। হাৰ নমনাৰ বাবেই ISRO আজি বিশ্বত জিলিকিছে’
News18-Assam
Updated: September 7, 2019, 10:41 AM IST
ISROৰ বিজ্ঞানীৰে প্ৰধানমন্ত্ৰীৰ নৰেন্দ্ৰ মোদীৰ বৈঠক। ‘ভাৰত মাতা কী জয়’ ধ্বনিৰে ISROৰ বিজ্ঞানীক সম্বোধন প্ৰধানমন্ত্ৰী মোদীৰ। বি়জ্ঞানী সকলক সম্বোধন কৰি মোদীয়ে কয় যে– ‘আপোনালোকে দেশবাসীক গৌৰৱাম্বিত কৰিলে। প্ৰতিজন বিজ্ঞানী উৎকণ্ঠিত আৰু উত্‍সুক হৈ আছিল। চন্দ্ৰত খোজ দিয়াৰ সংকল্প আজি অধিক শক্তিশালী হ’ল। এই অভিযানে আমাৰ ইচ্ছা শক্তি বঢ়ালে! আমি ISROৰ বিজ্ঞানীসকলৰ সৈতে আছো।’

প্ৰধানমন্ত্ৰী মোদীয়ে লগতে উল্লেখ কৰে  যে, প্ৰতিজন ভাৰতবাসীয়ে আজি গৌৰৱ অনুভৱ কৰিছে। এই বিফলতাক সাধাৰণ বাধা হিচাপে অভিহিত কৰি প্ৰধানমন্ত্ৰী জনে লগতে কয় যে,  ‘এই বিফলতা এটা সাধাৰণ বাধাহে! ভৱিষ্যতে অধিক সাহসেৰে আমি আগবাঢ়িম। ভাৰতবাসী আপোনালোকৰ সৈতে আছে। বিফলতাৰ বাবে আমি হাৰ মানিব নোৱাৰো।
হাৰ নমনাৰ বাবে ISRO বিশ্বত জিলিকিছে।’

‘বিজ্ঞানত সফলতা নাই, আছে প্ৰয়োগ আৰু প্ৰয়াস, চন্দ্ৰযান-২ৰ অৰবিটাৰ এতিয়াও চন্দ্ৰৰ কক্ষপথত। আপোনালোকে প্ৰথম প্ৰচেষ্টাত মঙলত উপস্থিত হৈছিল। চন্দ্ৰত পানীৰ উপস্থিতি আপোনালোকেই ধৰা পেলাইছিল’– এনেদৰে আজি ISRO ৰ মুখ্য কাৰ্যালয়ত প্ৰধানমন্ত্ৰী মোদীয়ে সাহস দিয়ে দেশৰ বিজ্ঞানী সকলক।

উল্লেখ যোগ্য যে, Chandrayaan 2 ৰ লেণ্ডাৰ বিক্ৰমৰ সৈতে শুকুৰবাৰে মাজনিশা হঠাৎ সম্পৰ্ক বিচ্ছিন্ন হয়।’
আৰু চাওক পৰৱৰ্তী বাতৰি